Skip to content

Evergreen Assamese fokora jujona with strong meaning || অৰ্থ সহ ফকৰা যোজনা

fokora jujona blog feature image-min

ফকৰা যোজনা(চাৰ্চ ইঞ্জিনত থকা fokora jujona বা assamese fokora jujona আদি একেই) যাক ইংৰাজীত Assamese proverb বুলিও কব পাৰি, বোৰ হৈছে অতীজৰে পৰা অসমীয়া ভাষাত ব্যৱহাৰ হোৱা প্ৰবাদ। য’ত আপুনি পাব সাধাৰণ জ্ঞানৰ শিক্ষা বা নীতি কথা।

ফকৰা যোজনা বোৰ কথিত তথা লিখিত দুয়ো ক্ষেত্ৰতে অসমীয়া ভাষাত অলঙ্কাৰ হিচাবে বহুলভাৱে ব্যৱহৃদ হয়,  যদিও এইবোৰ পুৰণি কালৰে পৰা প্ৰচলিত তথাপিও ইহঁতৰ প্ৰাসংগিকতা আজিও শেষ হৈ যোৱা নাই।

আমাৰ অসমীয়া ভাষাৰ মাজত জিলিকি থকা মুক্তাহাৰ ফকৰা যোজনাবিলাক লুপ্ত হৈ যাবলৈ ধৰা সময়তে বৰ্তমান কথোপকথনৰ মাজৰ ফকৰা-যোজনা প্রবাদ আদিৰ ঠাই অধিগ্রহণ কৰিছে ইংলিচে।

আমি ইয়াত প্ৰায় 300 টা অৰ্থ সম্বলিত ফকৰা যোজনাৰ সংকলন কৰি উলিয়ছো। লিখনি টো যথেষ্ট দীঘল হৈছে। ফকৰা যোজনা বোৰ বৰ্ণানুক্ৰমে লিখা হৈছে; গতিকে আপোনাক যিটো বৰ্ণৰ যোজনা আৱশ্যক হৈছে সেয়া বিচাৰিবলৈ তলত দিয়া Table of Contents ত বৰ্ণানুক্ৰমে থকা লিংকত গৈ পঢ়িব পাৰে।

‘অ’ ৰ পৰা আৰম্ভ হোৱা ফকৰা যোজনা সমূহ ||assamese fokora jujona starts with ‘অ’

“অঠাই সাগৰত কাঠিজাল পেলা।”

অৰ্থ: অসম্ভৱক সম্ভৱ কৰিবলৈ চেষ্টা কৰা।

Must Read: 140+ Dakor Boson Assamese ||১৪০ ৰ অধিক ডাকৰ বচন

“অতিপাত শলাগনী ফুচুলুৱাৰ চিন, আপুনি আঁতৰি যাবা কৰি তাক ঘিণ।”

অৰ্থ: অতিপাত শলাগ লৈ স্বার্থ সিদ্ধি কৰিবলৈ বিচৰা ব্যক্তিৰ পৰা দূৰত থাকিব লাগে।

“অতি চালাকৰ গলাই ফাঁচি।”

অৰ্থ: বেচি চালাক হ’বলৈ যাওঁতে নিজে বিপদত পৰা।

“অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা”

অৰ্থ: নুবুজাজনক বুজাবলৈ যত্ন কৰি বিফল হোৱা

“আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা।”

অৰ্থ: নভবাকৈ আনক দেখি কাম কৰিবলৈ আগবঢ়া।
assamese fokora jujona image
ফকৰা যোজনা

“অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।”

অৰ্থ: অভ্যাসে একোটা কঠিন কামো সহজতে সিদ্ধি কৰিব পাৰে।

“অচিন কাঠৰ থোৰাও নলগাবা।”

অৰ্থ: নজনা নুশুনা লোকক সহজতে বিশ্বাস কৰিব নালাগে।

“অতি দর্পে হত লংকা।”

অৰ্থ: অহং ভাবে মানুহক ধ্বংসৰ গৰাইলৈ ঠেলি নিয়ে।

“অভাৱেই আৱিষ্কাৰৰ মূল।”

অৰ্থ: মানুহ অভাবত পৰিলে তাক পূৰ কৰিবলৈ কিছুমান নতুন নতুন পথ বাছি উলিয়াব লগা হয়।

১০

“অধিক মাছত বগলী কণা।”

অৰ্থ: বহুতবোৰ সুবিধা পালে কোনটো ল’ব কোনটো এৰিব ঠিক কৰিব নোৱাৰা অৱস্থা।

১১

“অন্ন চাই দিবা ঘি, পাত্র চাই দিবা জী।”

অৰ্থ: ছোৱালীজনী বিয়া দিয়াৰ সময়ত ল’ৰাটোৰ বিষয়ে খৰচি মাৰি জানি লোৱা দৰকাৰ।

১২

“অধিক বাঢ়ৈত গুড় ধমনা হয়।”

অৰ্থ: একেটা কামতে বেছিকৈ মানুহ লাগিলে সেই কামটো ভালব ঠাইত বেয়াহে হোৱা পৰিলক্ষিত হয়।

১৩

“অলপকৈ মাৰিলে বৰকৈ কান্দে, নিতৌ চাপনি টোপোলা বান্ধে।”

অৰ্থ: মানুহৰ পৰা পুতৌ আদায় কৰিবলৈ অকণমান কথাকে বেছি কৰি দেখুওৱা

১৪

“অতি উচা হওনা বাতাসে টালায়, অতি নিচা হৈওনা বেঙে দেওযায়।”

অৰ্থ: অতি বেছিটো সকলো ক্ষেত্ৰতে বিপজ্জনক। যেনেকৈ এজোপা গছ অতি ওখ হ’লে বতাহে আগটো কোবাই হলাই নিয়ে আৰু একেবাৰে চাপৰ হ’লেও তাৰ ওপৰেদি বেং জঁপিয়াই পাৰ হৈ যায়।

15

“অমৰা মৰে নিজৰা ঝৰে, মৰাই বোৱাই হাল,

লক্ষ্মীৰ কটিত ফাৰা তেনা, মোৰ নিধন নামে ভাল।”

অৰ্থ: অতি বেছি আশা নকৰি অকনমানতে সন্তোষ হোৱাৰ যত্ন কৰিব লাগে। যিহেতু আমি অমৰ নহও।

১৬

“অতি কথাই বৈৰী, ফটা কঁথাই জৰী।”

অৰ্থ: মানুহে সদায় কথা কওঁতে সাবধান হ’ব লাগে।
Pages: 1 2 3 4 5 6 7

Leave a Reply

Your email address will not be published.