Skip to content

Evergreen Assamese fokora jujona with strong meaning || অৰ্থ সহ ফকৰা যোজনা

fokora jujona blog feature image-min

Table of Contents

আ ৰ পৰা আৰম্ভ হোৱা ফকৰা যোজনা সমূহ ||assamese fokora jujona starts with আ

17

“আপদৰ মাত আকালৰ ভাত।”

মানুহৰ বিপদৰ সময়ত দিয়া এষাৰ মাত আৰু অকালৰ সময়ত দিয়া এমুঠি অন্নৰ গুৰুত্ব অপৰিসীম।

১৮

“আকৰৰ ধন মকৰাই খায়, চিপৰাৰ ধন পিপৰাই খায়।”

কৃপণ মানুহে ভালদৰে খৰচ কৰি আৰামত খাই বৈ থাকিব নোখোজে আৰু ধন-বিত কাকো দিবও নোৱাৰে।

“আনৰ আন চিন্তা, বুঢ়ী বামুণীৰ কঁথা কানিৰ চিন্তা।”

স্বাৰ্থপৰ মানুহে পৰৰ কথা চিন্তা কৰিব নোৱাৰে। নিজৰ স্বাৰ্থ পূৰাবলৈহে যত্ন কৰি থাকে।

১৯

“আহাৰ নিদ্রা ভয়, যত বাঢ়াবি তত হয়।”

সকলো ক্ষেত্রতে আত্ম সংযমৰ প্ৰয়োজন। খোৱা বস্তু ভাল হলে লোভ সামৰিব নোৱাৰি বেছিকৈ খালেই অসুখ হ’ব, টোপনিৰ আলম লৈ এলাহ কৰিলেই এলেহুৱা হৈ পৰিব আৰু ভয় কৰিলেই ভয়ৰ মাত্ৰা বাঢ়ি বাঢ়ি গৈ থাকি অন্যায় কৰিব, গতিকে আহাৰ নিদ্ৰা ভয় সীমিত কৰাৰ যত্ন কৰিবই লাগিব।

২০

“আমৰা হইল বৰাইৰ চুনা, মাইণষাৰ হেচি কথা শুনা।”

দুর্বল লোক সদায় বলী লোকৰ বশ হ’ব লগা হয় কেতিয়াবা। বৰাইৰ চুনা মানে ডাঙৰ লোকৰ বশবর্তী হোৱা।

২১

“আশা কৰি মুল্লুক জুৰিয়া, খোদা থৈছে বেগুন-পুৰিয়া।”

বহুত বেছি আশা কৰি অকণমান পোৱাৰ ক্ষেত্ৰত এই প্রবচনটি প্রযোজ্য হয়। যেনেকৈ অতি তৃপ্তিৰে কেইবাখনো ব্যঞ্জন লৈ ভাত এসাঁজ খোৱাৰ আশা কৰি আছিল। ভাতৰ পাতত বহি পালে মাত্র বেঙেনা পোৰা। (গোৱালপৰীয়া)

২২

“আমলৈ বুলি ফর্মটি মাৰিলো, আমো নাই ফর্মুটিও নাই।”

গছৰ আমলৈ ফর্মুটি মাৰিলে আমত নালাগি গছৰ ডালত লাগি ধৰে তেতিয়া আমো নাহে আৰু ফর্মুটিও নাহে। তেনেকুৱা কাৰোবাক কোনো কামৰ দায়িত্ব দি পঠালে বাট চাই থাকিব লগা হ’লে ওপৰৰ ফকৰাটি বুজায়।

২৩

“আপোনাৰ নাক কাটি, সতিনীৰ যাত্ৰা ভংগ কৰা।”

নিজৰ অনিষ্ট কৰি আনৰ অমঙ্গল চিন্তা কৰা বুজাইছে।

২৪

“আঞ্জাত নেখায় লোণ, পিটিকাত যায় তিনি গুণ।”

ক’ৰবাত টানি ধৰি ক’ৰবাত বেছি খৰচৰ মুখামুখি হোৱা। সমান্তৰালভাবে খৰচ পাতি কৰিব পাৰিলে কেতিয়াও কষ্টত নপৰে।

২৫

“আৰ ছিগাচুলি তাৰ ছিগাচুলি, বান্ধি যাওঁ নেঘেৰী খোপা, আৰ ফটাকানি তাৰ ফটাকানি, পিন্ধি যাওঁ গোৰোহা লেটা।”

পৰৰ বস্তুৰে ফিতাহি মৰা। নিজৰখিনি সামৰি থৈ পৰৰ বস্তু ব্যৱহাৰ কৰি ফুটনি কৰা।

২৬

“আছে গৰু নাবায় হাল, হোৱাতকৈ নোহোৱাই ভাল।”

কোনো বস্তু যেতিয়া থাকিও গৃহস্থৰ কামৰ সময়ত পোৱা নাযায়, তেতিয়া এই ফকৰাটি প্ৰয়োগ কৰা হয়।

২৭

“আপনাৰ মান আপনি ৰাখি, কাটা কাণ চুল দিয়ে ঢাকি।”

তেনেকৈ এজনে নিজৰ দোষবিলাক বা বেয়া গুণবিলাক প্রকাশ হ’বলৈ নিদিয়াকৈ সাৱধানে ৰাখি সকলোৰে লগত মিলি ভাল হৈ থাকিবলৈ বিচৰা অৱস্থাত এইদৰে কোৱা হয়। (গোৱালপৰীয়া)

২৮

“আগতে আছিলো খীৰতী গাই, গোৱালে বুলিছিল আই এতিয়া হৈছো গোবৰ নেজা, গোহালিত নিদিয়ে ঠাই।”

কাম কৰি-মেলি থাকিব পৰা হৈ থাকোতে সকলোৱে মৰমৰ চকুৰে চাইছিল – কৰিব নোৱৰা হওঁতে থাকিবলৈও ঠাই নোহোৱা অৱস্থা।

২৯

“আয়েশ লুকাবি, বয়েস লুকাবি, গালভাঙা তোৰ কোথাই লুকাবি।”

বুঢ়া এজনে কম বয়স বুলি জনাই ধৰা পৰাৰ ক্ষেত্ৰত এই প্ৰৱচনটি ব্যৱহাৰ কৰা হয়।

৩০

“আয়ে ক’লে বাটত, বায়ে ক’লে তাঁতত, মই শুনি আহিলো, পানী অন্য ঘাটত।”

উৰাবাতৰিয়ে মহিলাসকলৰ মেলত বেছিকৈ প্ৰসাৰতা লাভ কৰে।

৩১

“আইৰ ঘৰলৈ যাম দুই হাতে খাম, বিধিয়ে বোলে মই পিছে পিছে যাম।”

আইৰ ঘৰলৈ গৈ কেইসাঁজমান ভালকৈ খাই বৈ সুখেৰে কেইদিনমান থকাটো ছোৱালীয়ে বিয়াৰ পিছত আশা কৰে। সেই আশা পূৰণত যেতিয়া বাধা জন্মে তেতিয়া এনেদৰে কোৱা হয়। জীৱনৰ আশাবোৰত বাধা জন্মিলে এইদৰেই কোৱা হয়।

৩২

“আগফালে মাৰো ডাং, পিচফালে ধোবাং বাং।”

ফিতাহি মৰা কথা কৈ বৰমানুহ বুজোৱা, নিজৰ ভিতৰৰ অৱস্থাক গাপ দি বৰ বৰ কথাৰে বৰ মানুহ হোৱা ব্যক্তি।

৩৩

“আপোন দেশত ঠাকুৰ, পৰৰ দেশত কুকুৰ।”

স্থানবিশেষে পোৱা ব্যৱহাৰৰ তাৰতম্যৰ ক্ষেত্ৰত এই যোজনা ব্যৱহাৰ কৰা হয়।

৩৪

“আপোনাৰ মন যেনে, সংসাৰকো দেখে তেনে।”

নিজে সৎ হ’লে সকলোৰে সজ গুণবোৰহে চকুত পৰে। অসৎ লোক এজনে সকলোৰে আগাত অসৎ গুণবোৰহে দেখাটো স্বাভাৱিক, সেয়েহে আৰু এষাৰ কথা আছে ‘চোৰেহে চোৰৰ ঠেং দেখে।

৩৫

“আঁহ লুকুৱাবা পাঁহ লুকুৱাবা, গালৰ পুখুৰী ক’ত লুকুৱাবা।”

বয়স লুকুৱাই ৰাখিব খুজিলেও চেহেৰাত ধৰা পৰিবই।
assamese fokora jujona image
fakara jojana

৩৬

“আলহীলৈ বুলি হাঁহ মাৰি, গোটেই ঘৰে খায়।”

এজনৰ নাম লৈ গোটেই ঘৰখনেই সুবিধা গ্রহণ কৰা অৱস্থাত এই ফকৰা ফাকি প্রযোজ্য হয়।

৩৭

“আগ নুগুণি গুণি পাছ, লোভত মৰে বৰশীৰ মাছ।”

 নভবা নিচিন্তাকৈ কামত আগবাঢ়িলে সু-ফল আশা কৰিব নোৱাৰি।

৩৮

“আঁঠুৱা চাই ভৰি মেলা।”

আৱশ্যকতকৈ বেছি বস্তুলৈ আশা কৰি বিফল হোৱাতকৈ যি যিমানৰ মানুহ সিমানতে থকা ভাল

৩৯

“আহিল কণা গ’ল কণা, খাগৰি কাটিলে তিনি কণা।”

কোনো এজন লোকক কিবা এটা কাম কৰিবলৈ দিলে লৰালৰি কৰি পাল মাৰি কৰি থোৱা কাৰ্যৰ সময়ত এই যোজনা ব্যৱহাৰ কৰা হয়।

৪০

“আৰ্জিলে ফল ভুঞ্জিবলৈ পায়।”

যেয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱা ফলো লাভ কৰে।

৪১

“আকাশত চাং পতা।”

অদ্ভুত কথাৰে বহুত কাম কৰা দেখুৱাবলৈ যোৱাজনৰ ক্ষেত্ৰত এই প্ৰৱচন প্রযোজ্য।

৪২

“আঁচু কাঠৰ তল পোৱা।”

বৰলোকৰ লগত থাকি বৰলোকৰ দৰে আচাৰ-ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা।

ই ৰে আৰম্ভ হোৱা ফকৰা যোজনা || assamese fokora jujona starts with ই

৪৩

“ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি।”

অজ্ঞানীয়ে জ্ঞানীৰ সভালৈ গৈ কথা ক’বলৈ বিচৰা অৱস্থা।

৪৪

“ঈশ্বৰে যি কৰে ভালেই কৰে, বিপদত পেলালেও ঈশ্বৰেই তৰে।”

বিশ্বাসৰ সকলোতে জয়। বিশ্বাসেৰে বন-পাত এটা অসুখত খালেও ভাল হয় বুলি কোৱা হয়।

উ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with উ

৪৫

“উজত নাপাই কুঁজত কিলায়, ঘোঁৰাক নাপায় ঘাসীক কিলায়।”

কাৰোবাৰ খং কাৰোবাৰ ওপৰত জৰা, যিজনৰ ওপৰত খং উঠি থাকে তেওঁক একো কৰিব নোৱাৰি অন্য কাৰোবাক সেই খঙতে গালি-শপনি পাৰি শান্তি লাভ কৰাৰ ক্ষেত্ৰত এই প্ৰৱচনটি খটুৱায়, যেনেকৈ ঘোঁৰাটোৰ ওপৰত উঠা খং ঘাসীজনে ভোগ কৰিব লগা হয়। (গোৱালপৰীয়া)

৪৬

“উজলাং মাথা আউলাং কেশ, ডামন জাতেৰ ই কোন ই বেশ।”

দেখাক দেখি ফিতাহি মাৰি কথা কওঁতে হাঁহিয়াতৰ পাত্ৰ হোৱা। (গোৱালপৰীয়া)

৪৭

“উৰহে কামোৰে ৰাতি, খঙত মাৰ খায় পাটী।”

কাৰোবাৰ ওপৰত খং উঠি কাৰোবাক শাস্তি বিহা

৪৮

“উনা ভাতে দুনা বল, অধিক ভাতে ৰসাতল।”

আহাৰ খাওঁতে সদায় অলপ ভোক থৈ খাব লাগে, নহ’লে পেটে বদ্‌হজমতহে ভুগিব।

৪৯

“উদক ভেটাৰখীয়া দিয়া।”

এটা বস্তু ভালপোৱাজনকে ৰখিবলৈ দিলে তাৰ ফলাফল বেয়া হ’ব বুলি জানিবই লাগে।

৫০

“উদক মাছ খোৱা দেখি, বোন্দাই পিছ লয়।”

এজনক সুবিধা লৈ কৃতকাৰ্যতা লাভ কৰা দেখি আৰু এজনে সেই সুবিধাটো ল’বলৈ আগবঢ়া ক্ষেত্ৰত এই যোজনাফাকি ব্যৱহাৰ কৰা হয়।
Pages: 1 2 3 4 5 6 7

Leave a Reply

Your email address will not be published.