Skip to content

Evergreen Assamese fokora jujona with strong meaning || অৰ্থ সহ ফকৰা যোজনা

fokora jujona blog feature image-min

Table of Contents

এ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with এ

৫১

“এনেয়ে মৰিছো মনৰ দুখত, তাতে দিছেহি ধানৰ ভাগত।”

 কিবা এটাত দুখ কৰি থাকোতে আৰু এটা দুখজনক খবৰ পোৱা।

৫২

“এডেও দুডেও লোটা নিয়াৰ ছেও।”

সৰু সৰু বস্তু খুজি নি লাহে লাহে ডাঙৰ বস্তু চুৰ কৰিবলৈ মন মেলা। অৰ্থাৎ দুষ্ট লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে বহুত চলাহী কথাৰে মন জয় কৰা।

৫৩

“এডিঙি পানীত পৰি পিয়াহত মৰা।”

বহুত ধন-সম্পত্তি থাকিলেও কৃপণালি স্বভাৱটোৰ বাবে ভোগ কৰিব নোৱৰা অৱস্থা।

৫৪

“এনেয়ে বুঢ়ী নাচনী তাতে নাতিনীৰ বিয়া।”

আনন্দৰ ওপৰতে আনন্দ পোৱা গৰাকী ব্যক্তি আইতা আৰু নাতিনীৰ মৰমৰ মাজত তুলনা কৰিছে।

৫৫

“একেই গছৰ পাণ চুপাৰি, একেই গছৰ পাণ, সি কিয় হ’ব আন।”

একেজনী মাকৰ সন্তান একেই প্ৰকৃতিৰ হোৱাটো স্বাভাবিক ।

আপোনাক যদি প্ৰায়ে এম্বুলেঞ্চৰ প্ৰয়োজন হয় বা তেনে ব্যক্তিক জানে বা কাৰোবাক এম্বুলেঞ্চৰ প্ৰয়োজনিয়তাৰ কথা গম পায় তেন্তে “জীৱন-বাহন” ৰ তলৰ লিংক শ্বেয়াৰ কৰি এজনৰ জীৱন ৰক্ষাত আপোনাৰ যোগদান নিশ্চিত কৰিবলৈ নাপাহৰিব: https://www.ambulanceserviceguwahati.com/

৫৬

“এজনীয়ে ৰান্ধে বাঢ়ে এজনীয়ে খায়, এজনীয়ে খং কৰি মাকৰ ঘৰলৈ যায়।”

এখন ঘৰৰ য’ত সতিনীৰে সংসাৰ চলিছিল তেতিয়া এই ফকৰা ৰাইজে ব্যৱহাৰ কৰিছিল।

৫৭

“এক কৰাৰ ফকিৰ দুই কৰা পায়, পাইতে পাইতে ফকিৰ ভিতৰা বাৰী যায়।”

যি লোক যিমান সন্মানৰ যোগ্য তেওঁক তেনেকৈয়ে সন্মান কৰিব লাগে। (গোৱালপৰীয়া)

৫৮

“এক থাক জাতি কুল, এক থাক গাঙেৰ কুল।”

নিজৰ বংশ জাতি কুলৰ পৰম্পৰা ৰক্ষা কৰি চলিব পাৰিলে গাঁওখনৰ, চুবুৰিৰ ৰাইজৰ মাজতো সমিল মিলেৰে থাকিব পাৰি। (গোৱালপৰীয়া)

৫৯

“এটেকেলি গাখীৰ সাত ঠাইত বেচা।”

প্ৰৱঞ্চকবিলাকে একেটা প্রলোভনকে দেখুৱাই বহুতৰ পৰা টকা পইচা আদায় কৰা অৱস্থাত এই প্ৰৱচন ব্যৱহাৰ কৰা হয়।

ও ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with ও

৬০

“ওপৰলৈ পানী ছটিওৱা।”

মান্যজনৰ, সন্মানীয়জনৰ অপকাৰ কৰিবলৈ গ’লে বা অৱমাননা কৰিবলৈ গ’লে নিজে নিজৰ বিপদ মাতি অনা।

৬১

“ওচৰৰ আলহী নকৰে কাণ, নৰিয়াত পৰিলে পাবলৈ টান।”

সাধাৰণতে মানুহে ওচৰৰ আলহী আহিলে বৰকৈ সোধা-পোছা নকৰি নিজতেই ব্যস্ত হৈ থাকে। কিন্তু ওচৰৰ হ’লেও সেই আলহীয়ে বিপদৰ বন্ধ। ৰাতি বিয়লি কোনো নথকাৰ সময়ত সেই ওচৰৰ ঘৰৰ লোকেহে সহায় কৰিব লগা হয়। গতিকে ওচৰৰ আলহী বুলি অৱজ্ঞাৰ চকুৰে চাব নালাগে।

ক ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with ক

৬২

“কোটাৰ ঘৰৰ কুটি, লোকলৈ বুলি হল পুতি নিজেই মৰে ফুটি।”

আনজন পৰক বুলি খুঁটি পুতিলে তাতে নিজেই উজুটি খাই পৰাৰ সম্ভাৱনা থাকে।

৬৩

“কাকনো বুলিবা ককা, আটাইৰে দাঢ়ি-চুলি পকা।”

সমান প্ৰকৃতিৰ লোকৰ ক্ষেত্ৰত কোৱা হয়।

৬৪

“কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্ধি কিলায়।”

নেউল আৰু কেৰ্কেটুৱা দেখাত একে; কেৰ্কেটুৱাই তামোল খাই পলায়। নেউল মাটিত থাকে বাবে কোব খাই মৰে।

৬৫

“কুকুৰৰ নেজ দীঘল হ’লে, আপুনি পাৰি বহিব শুব।”

কুকুৰৰ নেজ দীঘল হ’লে কুকুৰ তাৰ ওপৰত বহিব আৰু শুব। তাৰ পৰা আমাৰ উপকাৰ নহয়। তেনেকুৱা নীচ মানুহৰ যিমান সম্পত্তি থাকক, সেই সম্পত্তি নিজৰ বাদে কাৰোৱেই কামত নাহে।

৬৬

“কথাতেই বঁটা পায়, কথাতেই কটা যায়।”

প্রয়োজনতে সত্য কথা কৈ পুৰস্কৃত হ’ব পাৰে আৰু অবাবতে অপ্ৰিয় সত্য কথা কৈ ভাল সম্বন্ধও বিছিন্ন এনে ক্ষেত্ৰতে ফকৰাটি প্রয়োগ কৰা হয়।

৬৭

“কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ।”

ফকৰাটিৰ দ্বাৰা অপ্ৰয়োজনীয় কথা বঢ়াই থাকিলে বিপদ হ’ব বুলি বুজোৱা হয়।

৬৮

“কঁঠাল চোৰৰ এঠাই সাক্ষী, হাঁহ চোৰৰ মূৰত পাখি।”

চোৰে চুৰ কৰাৰ পিছত সাক্ষী হৈ থাকিব পৰা কিছুমান বস্তু আছে।

৬৯

“কৌৰৱৰ চাউল খায়, পাণ্ডৱৰ গুণ গায়।”

যাৰ আশ্ৰয়ত থাকে তাৰ বদনাম কোৱা।

৭০

“কাটক নেকাটক লো, পোহক নোপোহক পো।”

নিজৰ সন্তান বেয়া হ’লেও ভাল। মাতৃ-পিতৃৰ ক্ষেত্ৰত সন্তানৰ ভাল বেয়া বিচাৰ নহয়, পিতৃ-মাতৃৰ সন্তান সদায় মৰমৰ, সন্তানে পিতৃ-মাতৃক বেয়া ব্যৱহাৰ কৰিলেও পিতৃ-মাতৃৰ স্নেহৰ পৰা বঞ্চিত হ’ব নোৱাৰে। যেনেকৈ একো কাটিব নোৱৰা ভতুৱা কটাৰীখনো লোহাৰ বুলি যত্ন কৰি ৰখা হয়।

৭১

“কুকুৰৰ নেজ সাত মোন ঘিউৰে মালিচ কৰিলেও পোন নহয়।”

আঁকোৰগোজ, জেদী স্বভাৱৰ লোকৰ লগত মিলা বৰ টান। নানা ধৰণেৰে মিলিবলৈ চালেও ব্যর্থ হোৱাহে দেখা যায়।

৭২

“কমাৰে নাজানে দুখীয়াৰ লো, যমে নাজানে একেটি পো।”

কর্তব্যত মানুহ কেতিয়াবা নিষ্ঠুৰো হ’ব লগা হয়।

৭৩

“কলাৰ আগত কথা কয়, বেঙাই বোলে হয় হয়।”

নুশুনা আৰু বুজি নোপোৱা দুজনৰ মাজৰ কথা-বতৰা বা উপদেশ আদি এনেয়ে যায়। প্রকৃততে এজনেও কথা বুজি নেপায়। কলাজনেতো নুশুনেই বোবাজনে অংগ-ভংগীতে মূৰ দুপিয়ায় থাকে।

৭৪

“কানিয়াই কানি খাই গা কৰিলে লাহী।

লাহে লাহে বেচি খালে কাঁহী।।”

ৰাগিয়াল বস্তু এবাৰ মুখত দি স্বাস্থ্য হানি কৰা অবস্থা, স্বাস্থ্যটো হানি হয়েই তাৰোপৰি সেই ৰাগিয়াল বস্তু এদিন নেখালেও গা বেয়া লগাৰ ফলত ধাৰ কৰি বা নিজৰ ঘৰৰ কাঁহী-বাটি বেছি হ’লেও খাবলৈ আগবঢ়া অৱস্থা হয়গৈ।

৭৫

“কি নাইকিয়া ঘৰত, খন্তি দি মাছ বাছো, তেওঁ নোখোজো পৰত।”

আৱশ্যকীয় বস্তুবোৰ নাথাকিলেও নথকাটো ৰাইজৰ আগত জনাব নোখোজে আৰু কাৰোবাক খুজিবও নোখোজে।

৭৬

“কৃষ্ণই বোলে শুনা ধনঞ্জয়, যি বৃক্ষৰ গুটি ৰোবে, সেইবৃক্ষহে হয়।”

পিতৃ-মাতৃ যেনেকুৱা হয় ল’ৰা-ছোৱালীও তেনে প্রকৃতিৰে হয়। গতিকে শিশুক ভাল শিক্ষা এটা দিবলৈ যাওঁতে নিজৰ গাত সেই গুণ থাকিব লাগিব।

৭৭

“কণা হাঁহক পতান ধান দিয়া।”

অজলা লোকক কিবা এটা কৈ বা কিবা এটা দি আভুৱা ভঁৰা অৱস্থাত এই প্ৰৱচন ব্যবহৃত হয়।

৭৮

“কিনা হাঁহৰ ঠোঁটলৈকে মঙহ।”

কষ্টৰ টকা-পইচা দি কিনি অনা বস্তুৰ মোল বুজি পোৱা অৱস্থা।
assamese fokora jujona image
“Kina Hahor” Fokora jujona

৭৯

“কেঁকনি, গেঁথনি, নৰিয়া টান, নৰিয়াই ভাত খাই উধান মান।”

কাম কৰিবৰ সময়ত বেমাৰৰ ভাও ধৰা। বেমাৰৰ ভাও ধৰি এলাহত হাত সাবটি বহি থকা। কিন্তু খাবৰ সময়ত বেমাৰ বুলি কমকৈ ভাত খাব নোখোজে। (উধান মানে চৌকাৰ একোটা মাটিৰ চপৰা, যাৰ ওপৰত কেৰাহীখন তুলি তলত জুই দিব পাৰি)।

৮০

“কণাই পুথি পঢ়ে শুনে কলাই, টকালি পাৰি ভকতে নাৰিকল খায়।”

ভোদা মানুহক সকলোৱে প্রাপ্য বস্তুটো নিদি আভুৱা ভাৰে।

৮১

“কেতিয়াবাই মৰিল মেকুৰী, এতিয়াহে কান্দে ফেকুৰি।”

এজন লোকে আন এজন লোকক বহুত দিনৰ মূৰত লগ পাই কেতিয়াবাই ঘটি যোৱা ঘটনা এটা সোঁৱৰণ কৰি সমবেদনা জ্ঞাপন কৰা।

৮২

“কয়লা গাখীৰেৰে ধুয়ো বগা কৰিব নোৱাৰি।”

মানুহৰ স্বভাব বা প্ৰকৃতিৰ সালসলনি ঘটাবলৈ কৰা চেষ্টা বেছিখিন ক্ষেত্রতে বিফল হয়।

৮৩

“কটাৰী ধৰাবা শিলত, ভিকতা বলাবা কিলত।”

অতীজতে পুরুষতান্ত্রিক সমাজত অশিক্ষিতা নাৰীয়ে মাৰ-কিল খাই সংসাৰ চলাব লগা হৈছিল তেতিয়া এই ফকৰা কথাৰ মাজত ব্যৱহাৰ কৰিছিল যে তিকতাক বশ কৰিবলৈ মাজে মাজে মাৰ-কিল শোধাব লাগে যেনেকৈ কটাৰী এখন ধৰাবলৈ শিলৰ আৱশ্যক তেনেকৈ তিকতা বশ কৰিবলৈ কিলা আবশ্যক।

৮৪

“কথাৰ চিকুণ যোগী, কুঁহিয়াৰ চিকুণ মুগী।”

জ্ঞানীলোকৰ মুখৰ সজ কথাই শুনাজনকো জ্ঞানী কৰে, যেনেকৈ যোগীসকলৰ আধ্যাত্মিক তত্ত্বৰ কথা শুনি আমানি নেলাগে সেই কথা কোৱা গুণটো স্বাভাবিক যেনেই লাগে তেনেকৈ মুগাৰঙটো ভাল কুঁহিয়াৰৰ স্বাভাৱিক

৮৫

“কঁকালতে কাচি, বুঢ়ী ফুৰে নাচি।”

সহজতে পাব পৰাত থকা বস্তু এটা বিচাৰি হাবাথুৰি খোৱা অৱস্থাত এই যোজনা প্রযোজ্য হয়। বুঢ়ীয়ে ধান কাটি আহি কঁকালতে কাচিখন খুঁচি থৈ পাহৰি গোটেইখনতে বিচাৰি ফুৰা অৱস্থা।

৮৬

“কুমলীয়া আদা পাই, ভৰিৰে মোহাৰি খায়।”

অজলা লোকক তুচ্ছ ভাব কৰা।

৮৭

“কোৱাৰ মুখ বিষাব, হঁহাৰ দাঁত ওলাব।”

শুনিবৰ মন নোযোৱা কথাবোৰ অবাবতে কৈ থাকিলে কাৰো লাভ নহয়।

৮৮

“কথাই কথা বাড়ে, জলে বাড়ে ধান, বাপের বাড়ী থাকলে মেয়েৰ অপমান।”

কথা বেছিকৈ ক’লে কথা বাঢ়ি বাঢ়ি গৈ থাকে। এষাৰ কথা এজনক শুনালে শুনাজনৰ মুখত আৰু বাঢ়ি গৈ দুষাৰ বা তিনিষাৰ হয়গৈ, যেনেকৈ পানী পোৱা ধান সোনকালে বাঢ়ে যেনেকৈ মাকৰ ঘৰত ছোৱালী থাকিলে অপমানিত হ’ব লগা হয়। গতিকে কথা কমকৈ কোৱাই শ্রেয়।

৮৯

“কোলাৰটো এৰি পেটৰটোলৈ আশা কৰা।”

চকুৰ আগত পোৱা সুবিধাটো গ্ৰহণ নকৰি এটা অনিশ্চিত অৱস্থালৈ আশা কৰা।

৯০

“কথাৰে এজনৰ ভাষাৰ পৰিচয় দিয়ে”

ব্যৱহাৰে এজনৰ জন্মজাত বংশৰ পৰিচয় দিয়ে। মানুহৰ কথাবিলাক নিজৰ নিজৰ ভাষাতে শুনিব পাৰি কিন্তু ব্যক্তিত্ব প্ৰকাশত ধৰিব পাৰি তেওঁৰ কেনেকুৱা বংশৰ লোক।

৯১

“কাললৈ সাঁচিলে কালে খায়, পুৱালৈ সাঁচিলে বোন্দাই খায়।”

সময়ৰ কাম সময়ত কৰি যোৱা। পিছলৈ কৰিবলৈ থ’লে সেই কামৰ সফলতা লাভ কৰিবলৈ বহুত দিনৰ আৱশ্যক হয়।

৯২

“ক বুলিব নেজানো ৰত্নাৱলী চাওঁ, পচলা খাৰৰ জুতি নেজানো ভোজ ৰান্ধিবলৈ যাওঁ।”

যিকোনো কামৰ অভিজ্ঞতা নেথাকিলে সেই কাম কৰিবলৈ আগবাঢ়িব নেলাগে।

৯৩

“কন্দা কটা কৰাতকৈ লগত যোৱাই ভাল।”

কিবা এটা কাম কোনোবাই কৰি দিয়া আশা নকৰি নিজে কৰি পেলোৱা উচিত।

খ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with খ

৯৪

“খুজি খালে সৰ্বহ পায়, চুৰ কৰিলে কটা যায়।”

মানুহক সজ ভাবেৰে খুজিলে সকলোৰে পৰা পাব কিন্তু এবাৰ যদি চুৰ কৰি লয়, তেতিয়া গোটেই জীৱনলৈ কলঙ্ক গোটোৱা হ’ব।

৯৫

“খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা।”

 নিয়ম প্রণালী জানিলে উপযুক্ত নোহোৱা বস্তুকো উপযুক্ত কৰি ল’ব পাৰি।

৯৬

“খঁকুৱাই পাত কাটোতেই যায়, নিখঁকুৱাই মাটিতে খায়।”

বেছিকৈ খাবলৈ ডাঙৰ পাত বিচাৰোতে সিজনে নিয়মমতে খাই আজৰি হয়।

৯৭

“খাব নোৱাৰাৰ পাতত ৰৌ-বৰালি, খাবৈয়াৰ পাতত কাইট দুডালি।”

মানুহ চাই কৰা ব্যৱহাৰ, যি খাবলৈ পাই থাকে, সি ডাঙৰ মানুহ তেওঁৰ পাতত ভাল বস্তু পৰে আৰু খাবলৈ নোপোৱাক সৰু মানুহ বুলি গণ্য কৰি বেয়া বস্তু দিয়া হয়।

৯৮

“খেনোক দেখি বান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে।”

সকলোকে সমান ব্যৱহাৰ নকৰা। ভদ্র যেন দেখিলে ভিতৰলৈ মাতি আলহীক ৰান্ধি বাঢ়ি খুবায়। কিন্তু অলপ তল খাপৰ যেন দেখিলে দুৱাৰ মাৰি ভিতৰ সোমায়।

৯৯

“খাই কার্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল।”

দোষীজন টেঙৰালিত সাৰি যায় নির্দোষীজন বিপদত পৰে।

১০০

“খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা।”

খঙত ঘটা বহুত অঘটনৰ পৰা বহুত যন্ত্রণা ভুগিব লগা হয়। খং উঠাৰ সময়ত আত্মীয় স্বজনৰ ভাব মনলৈ নাহে।

১০১

“খাবৰ সময়ত সাত ভাই, কৰিবৰ সময়ত এজনো নাই।”

কিছুলোকৰ মাজত নিজৰ ভাই ককাই সংখ্যাত বেছি হ’লেও ইজনে সিজনক সহায় কৰাৰ সময়ত এজনৰো সহযোগ নাপায়।

১০২

“খোৰাৰ খোজে পতি অপৰাধ।”

দুর্বলতাৰ সুযোগ লৈ দোষ ধৰি মিছাতে হাৰাশাস্তি দিয়া।

১০৩

“খোৱাৰো ধিক্ ধিক দেখাৰো লাজ।”

উচ্চ বংশৰ সৌভাগ্যৰ পিছত এসময়ত দুখত পৰা অৱস্থা বুজাবলৈ কোৱা হয়। দুখৰ সময়তো সেই ষোল্ল সেৰীয়া কাঁহীত, খুদ চাউলৰ ভাত কেইটা দেখাত বৰ অশুৱনি হ’লেও তাতেই খায়।

১০৪

“গোসাঁই ঘৰত কোন? মই কল খোৱা নাই।”

দোষ কৰোতাজনৰ মন অনবৰতে সেই দোষৰ অনুসূচনাতে থাকে। সেই বাবে নিজক বচাবলৈ সেই দোষটোৱেই মুখত উচ্চাৰিত হয়।
Pages: 1 2 3 4 5 6 7

Leave a Reply

Your email address will not be published.