Skip to content

Evergreen Assamese fokora jujona with strong meaning || অৰ্থ সহ ফকৰা যোজনা

fokora jujona blog feature image-min

Table of Contents

গ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with গ

১০৫

“গছত তুলি গুৰি কটা, আশা দি বিপদত পেলোৱা।”

ভুৱা কথাৰে ওপৰলৈ তুলি দি বিপদত পৰা যেন দেখিলে লাহেকৈ আঁতৰ হোৱা।

১০৬

“গাৰ গোন্ধত সাতখন বিলৰ মাছ মৰা।”

মানুহৰ গাৰ গোন্ধ অতি আকটা, সহ্য কৰিবলৈ বৰ টান যেনেকৈ বেয়া গোন্ধত বিলৰ মাছবিলাকো মৰে, তেনেকুৱা অসহ্য গোন্ধক বুজোৱা ক্ষেত্ৰত ব্যৱহাৰ হোৱা।

১০৭

“গছত কঁঠাল ওঁঠত তেল, নৌ খাওঁতেই চেল্ বেল্।”

আৰম্ভণিতে বহুত আশা কৰা কাম এটা কৰিবলৈ লওঁতেই তাৰ ফলাফলেৰে বহুত কিবা কিবি সিদ্ধি কৰা ভাব। এনে ভাব মনত লৈ চলিলে তাত সফলতা নাহে।

১০৮

“গছ নোহোৱা ঠাইত এৰাগছেই বিৰিখ।”

য’ত যোগ্য লোক নাথাকে সেই ঠাইত অযোগ্যজনেই সেই সন্মান লাভ কৰিবলৈ সক্ষম হয়, যেনেকৈ মূল্য নোহোৱা এৰাগছডালেই গছ নোহোৱা ঠাইত ভালৰ শাৰীত থিয় হৈ থাকে।

১০৯

“গৰুৰ আগত টোকৰী বায়, শিং জোকাৰি ঘাঁহ খায়।”

মূর্খ মানুহৰ আগত জ্ঞানৰ কথা ক’লে সেই কথাবো কোনো মূল্য নাই।

১১০

“গালো বালো খোলাকটিৰ ভাল।”

বহুত আদেশ-উপদেশ দি নিজে বৰমানুহ হ’ল, কিন্তু যালৈ উপদেশ বা আদেশ নিক্ষেপ কৰিছিল তেওঁ নির্বিকাৰ হৈ ৰ’ল।

১১১

“গাখীৰ খুৱাই সাপ পুহিলো।”

বেয়া মানুহ বুলি নাজানি মৰম-দয়া কৰাৰ ফলত কেতিয়াবা সেইজন লোকে বিপদত পেলোৱাৰ আশংকা থাকে।

১১২

“গছত গৰু উঠা, হোলোঙাৰে কাণ বিন্ধা।”

কিছুমান অদ্ভুত কথা কৈ ৰস আচ্ছাদন কৰা লোক। এনেকুৱা আচৰিত কথা কয় যে গছত গৰু উঠাৰ নিচিনা আচৰিত আৰু কাণত হোলোঙাৰ দৰে ডাঙৰ শলাৰে ফুটা কৰিব নোৱৰাৰ নিচিনা আচৰিত। তাকে শুনি তিনি চাৰিজনৰ মাজত হাঁহিৰ ৰোল উঠা অৱস্থা।

১১৩

“গায়নৰ ঘৰৰ বোন্দায়ো ৰাগ টানে।”

ভাল ঘৰৰ ভাল পৰিৱেশত ঘৰচীয়া জন্তু থাকিলে সিও ভাল হয়।

১১৪

“গান্ধীপোক মাৰি হাত গোন্ধোৱা।”

সাধাৰণ লোকৰ লগত লাগি নিজৰ আত্মসম্মান হানি কৰা। তেনে অৱস্থা প্রাপ্ত হ’লে আঁতৰি অহাই শ্রেয়।

১১৫

“গাত নাই ছাল বাকলি, মদ খায় তিনি টেকেলি।”

 সামর্থ্য অনুযায়ী সীমাবদ্ধতাত নাথাকি দম্ভালি মাৰি ফুৰা ব্যক্তি।

ঘ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with ঘ

১১৬

“ঘৈণীয়ে ভাঙিলে কাঁহী, মিচিকাই থ’লে হাঁহি। বেটীয়ে ভাঙিলে কতৰা, গড়গাঁও পালেগৈ বতৰা।”

 নিজৰ আৰু পৰৰ মাজৰ দোষৰ শাস্তি প্রদানৰ ব্যৱধান থকা অৱস্থা।

১১৭

“ঘৰৰ কথা নক’বা আনক, ঘৰ হয় লৰক ফৰক।”

ঘৰখনৰ ভিতৰৰ সৰু সুৰা অসন্তুষ্টিবোৰৰ কথা বাহিৰত কৈ নুফুৰি ঘৰৰ ভিতৰতে শুধৰাবলৈ যত্ন কৰিব লাগে।

১১৮

“ঘৰে পৰে এক মন, তেবে সেন হয় কৃষ্ণ দৰিশন।”

ভগৱানক পাবলৈ হ’লে বা তেওঁৰ কৃপা পাবলৈ হ’লে সকলোকে ভগৱান বুলি ভাবিব পাৰিব লাগিব। কাৰণ প্ৰতিটো আত্মাৰ লগতে পৰমাত্মা বিৰাজমান। লগতে সেইবাবেই ক’ব পাৰি মানৱ সেৱাই মাধৱ সেৱা। (গোৱালপৰীয়া)

চ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with চ

১১৯

“চুকতে থাকি বুকুতে কামোৰা।”

মৰম-চেনেহ অর্থাৎ বিশ্বাসত ৰখাজনে আশ্রয়দাতাজনৰ বিপদ ঘটোৱা।

১২০

“চিকাই বৰ-চাং পালে”

অলপ পাওঁতেই অহঙ্কাৰ হোৱাজনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

১২১

“চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি।”

ঘটনা এটা হৈ যোৱাৰ পিচত তাৰ যেতিয়া ফলাফল বেয়া হয় তেতিয়া ভাল ফলৰ বাবে কি কৰিব লাগিছিল বুদ্ধিৰ উদয় হয়।

১২২

“চুঙাৰ বাদুলিয়ে ঢোল যেন কণী পৰা।”

সৰু মানুহে বৰ কথা কৈ বা ডাঙৰ কাম কৰা বুলি কৈ ফোল্গুহী মৰা।

১২৩

“চুলি কাটিলে হয় ডালে পালে, নাক কটিলে নাহে কোনো কালে।”

 লাজত নাক কটা গলে সি চৰিত্ৰৰ মাজত সোমাই পৰে।

১২৪

“চুৰ কৰি আনিলো এদোণ ধান, সিন্ধিৰ মুখত পৰি আহিল এৰীয়াখন।”

পাপ কাম কৰিবলৈ গৈ নিজৰ আৱশ্যকীয় বস্তুপদো হেৰুওৱা।

১২৫

“চৰাইটিহে সৰু লয় হোলোং গছত বাহ।”

কেতিয়াবা সৰু সাধাৰণ মানুহেই অসাধাৰণ কাম সিদ্ধি কৰিব পাৰে। সৰু হ’লেও তেওঁৰ বুদ্ধি প্ৰখৰ, যাৰ বাবে ডাঙৰ কামো কৰি পেলাব পাৰে।

১২৬

“চ’তৰ বিহুলৈ ছমাহ আছে, দাঁত চেলাই চেলাই পেটুৱা নাচে।”

বিহুৰ খোৱা বোৱাৰ আনন্দৰ ভাগ ল’বলৈ বহুত দিন থাকিলেও লুভীয়াজনৰ খাবলৈ পোৱাৰ আশাত ভাবি ভাবি হাঁহিয়েই আনন্দ উপভোগ কৰে।

ছ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with ছ

১২৭

“ছকুৰি ৰূপৰ ধাৰ, তেওঁ নেখাওঁ পচলাৰ খাৰ।”

আগৰ দিনত ৰূপ মানে টকা আছিল। ধাৰত পোট খাই থকা লোকেও ফিতাহি মাৰি কথা ক’বলৈ নেৰে।

১২৮

“ছোট ঘৰেৰ ছোৱা আসি, বৰ ঘৰত পৰিল, পানতাত থালি কৰি, দৌৰা দৌৰিত পৰিল।”(পানতা =পঁইতা ভাত)

অবাবতে ব্যস্ততা দেখুওৱা অৱস্থাত এই বাক্য ব্যৱহাৰ কৰা হয়। তলখাপৰ ল’ৰাই আহি বৰ মানুহৰ ঘৰত থাকিবলৈ পালে কি কৰিব কি নকৰিব কৰি দৌৰা দৌৰি কৰি কৰ্মব্যস্ত হোৱা দেখুৱায়। (গোৱালপৰীয়া)

জ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with জ

১২৯

“জানি শুনি কৰা ভুল মেৰুৰ সমান, নাজানি কৰা ভুল তিলটো যেন মান।”

দোষৰ ক্ষমা আছে। কিন্তু জানি শুনি কৰা দোষৰ ক্ষমা নাই।

১৩০

“জীয়াই থাকোতে নকৰিলে দয়া, মৰিলে কৰিব কাশী গয়া।”

জীৱিত অৱস্থাত আদৰ নোপোৱা, পিতৃ-মাতৃক জীবিত কালত মৰম দয়া নকৰি মানুহক দেখুৱাই মৃত্যুৰ পিছত কাশী গয়াত শ্রাদ্ধ পিণ্ড দিয়া ক্ষেত্ৰত এই প্ৰৱচন ব্যৱহৃত হয়।

১৩১

“জনাৰ ভাত-মাছ, নজনাৰ গলগ্রহ।”

 নিজে জনা কাম এটা সেইজনে সহজতে কৰিব পাৰে। নজনাজনৰ বাবে কামটো কষ্টকৰ হৈ বোজাস্বৰূপ হৈ পৰে।

১৩২

“জুইশালত গঢ়িলে, কমাৰশালতো গঢ়িব পাৰি।”

সৰু কৰ্মত ব্ৰতী হৈ শিক্ষা লাভ কৰিলেহে ডাঙৰ কৰ্ম কৰিবলৈ সহজ হৈ পৰে। যেনেকৈ জুই শালত সৰু অস্ত্ৰ তৈয়াৰ কৰিব পাৰিলে কমাৰৰ দৰে ডাঙৰ যন্ত্রপাতি কমাৰশালত গঢ়িব পাৰিব।

১৩৩

“জী হ’ল ডাংকাটি, পো হল চোৰ, তিৰোতা হ’ল বনৰী, উপায় হেৰাল মোৰ।”

এইবিলাকেই হ’ল এখন ঘৰৰ অশান্তিৰ মূল। এনেকুৱা পুত্ৰ পৰিবাৰে এখন ঘৰত কেতিয়াও শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে।

১৩৪

“জাপ মাৰি ডেইছিলো উই হাঁফলু, টিলিকিত মাৰিছিলো বাঘ। খেদা মাৰি ধৰিছিলো বনৰ হৰিণা, এতিয়া ধৰিব নোৱাৰো ছাগ।”

জীৱনৰ ভাগবিলাকত শক্তি-সামর্থ্য সমানে নাথাকে ডেকা বয়সত বাঘ ধৰাৰ দৰে টান কামো হেলাৰঙে কৰিব পাৰি, বুঢ়া অৱস্থাত সাধাৰণ এটা কাম কৰিবলৈও শাৰীৰিক সামর্থ্য নাথাকে।

১৩৫

“জী ভালেই জোঁৱাই ভাল, আপোন ভালেই জগত ভাল।”

নিজে ঠিক মতে সতত থাকিলে সকলোৰে লগত ভাল সম্বন্ধ স্থাপন কৰিব পাৰি।

ট ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with ট

১৩৬

“টেঙা আম এবাৰহে বেচিব পাৰি।”

 চলনা কৰি যি কামেই আদায় কৰিব পাৰিব। এবাৰহে পাৰিব সদায় নোৱাৰে। অৰ্থাৎ সদায় ঠগিব নোৱাৰি, এবাৰহে পাৰিব।

১৩৭

“টোপনিয়ে কি জানে বটা-বকৰা, ভোকে কি জানে দেৱা কৰ্কৰা।”

যেনেকৈ টোপনি ধৰিলে য’তে ত’তে কাতি হৈ পৰি টোপনি যাবৰ মন যায়, ভোক বেছিকৈ লাগিলে কৰ্কৰা ভাত হ’লেও খাই ভোক গুচাব পাৰি। সেইদৰে দৰ্কাৰ হ’লে কিবা এটা বুদ্ধি উলিয়াই কামটো সমাধা কৰিব পাৰি।

১৩৮

“টোপনি চিকুণ পুৱা, কটাৰী চিকুণ গুৱা।”

তাৰ মানে প্ৰতিটো কামৰে উপযুক্ত আহিলা থাকে।

১৩৯

“টান পালে মিতিৰ নাভাগে, ধুই পিন্ধিলে কাপোৰ নাফাটে।”

বিপদে আপদে মানুহক মাত এষাৰ দিলে সম্বন্ধ ভালহে হয়, যেনেকৈ পৰিষ্কাৰ কৰি ৰাখিলেহে কাপোৰ বহুত দিন ভালে থাকে।

১৪০

“টিকাত গোৰ মাৰিলেও খাবলৈ নেবা।”

জিভাৰ তৃপ্তিয়ে পৰিমাণ বেছি হ’লেও ধৰিব নোৱৰা অৱস্থাত এই প্ৰৱচন ব্যৱহাৰ কৰা হয়।

১৪১

“টিপচী চৰায়ে গড়ুৰৰ উৰা মাৰিবলৈ বিচাৰে।”

অসম্ভৱ কৰ্ম এটা কৰিবলৈ চেষ্টা কৰা ক্ষেত্ৰত এই যোজনাটি ব্যৱহাৰ হয়। কাৰণ টিপচী এটা অকণমানি চৰাই, গড়ুৰ পক্ষীৰ লগত উৰা মৰা ফেৰ মাৰিবলৈ আগবাঢ়িলে কেতিয়াও সম্ভৱ হৈ নুঠে।

১৪২

“টান পালে কৰে কাতৰ, ঢিলা পালে হয় আঁতৰ।”

সদায় নিয়মমতে ঈশ্বৰ চিন্তা কৰিব পাৰিলে সাংসাৰিক সমস্যাবিলাক লাঘৱ কৰিব পাৰি। এনে লোকো নথকা নহয় যি টানত পৰিলেহে ঈশ্বৰৰ নাম লৈ সহায় বিচাৰে, ভাল সময়ত ঈশ্বৰৰ নাম লোৱাৰ উমঘামেই নেথাকে।

ড ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with ড

১৪৩

“ডোমৰ লগত মাৰো চিতল, মৰিয়াৰ লগত খুন্দো পিতল।”

সকলোৰে লগত সমভাবেৰে মিলেৰে থাকিবলৈ হ’লে এজন লোক সেই স্তৰলৈ যাব পাৰিব লাগিব।

১৪৪

“ডালৰ হাইঠা, আজি মাটিত পৰিল।”

 কোনো লোকে সহজতে মানুহে নকৰা কাম কৰা দেখিলে এইদৰে কোৱা হয়। বহুত কালৰ মূৰত এজন লোক অহা দেখিলেও এই যোজনাটি ব্যৱহাৰ কৰা হয়।

১৪৫

“ডাঙৰ মানুহৰ দায়, পিছলি পিছলি যায়, সৰু মানুহৰ দায়, খুঁচৰি খুঁচৰি চায়।”

ডাঙৰ মানুহৰ দোষ মানুহে খুঁচৰি তেওঁলোকৰ লগত বেয়া হ’ব নোখোজে, কিন্তু সৰু মানুহৰ দোষবোৰ ডাঙৰ মানুহেই খুঁচৰি চাই অশান্তিৰ সৃষ্টি কৰি আনন্দ পায়।

ঢ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with ঢ

১৪৬

“ঢোলৰ কোবতকৈ ওঁঠৰ কোবহে চৰা।”

কথাৰ সম্ভাৱনা সত্য বুজাবলৈ বহুত কথা কোৱা। যেনেকৈ কেতিয়াবা ঢোলৰ কোবতকৈ মুখৰ শব্দহে বেছিকৈ শুনিবলৈ পোৱা যায়।

১৪৭

“ঢোকাতে কল ৰোৱা, কলতে ঢোকা ৰোৱা।”

 দুইপক্ষৰ সহায়-সহযোগিতাত একোটা ডাঙৰ কাম সমাধা কৰিব পাৰি।

১৪৮

“ঢোঁৰাসাপৰ ফোঁচ-ফেঁাচনিয়ে সাৰ।”

কিছুমান লোক আছে মুখেৰে দপদপাই মাৰিম-ধৰিম বুলি কয়। কিন্তু তেওঁ মাৰিবলৈ অসমর্থ।
Pages: 1 2 3 4 5 6 7

Leave a Reply

Your email address will not be published.