Skip to content

Evergreen Assamese fokora jujona with strong meaning || অৰ্থ সহ ফকৰা যোজনা

fokora jujona blog feature image-min

Table of Contents

ত ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana in Assamese starts with ত

১৪৯

“তেজ ধুলে উটে, মঙহ ধুলে নুটে।”

দূৰ সম্বন্ধীয় লোকৰ লগত সম্বন্ধ ত্যাগ কৰিব পাৰি, কিন্তু একে পৰিয়ালৰ, যাৰ লগত তেজ-মঙহৰ সম্বন্ধ থাকে তেওঁৰ লগত ত্যাগ কৰাৰ কথাই নুঠে।

১৫০

তাহানিয়েই খালো টেঙা, এতিয়াহে লাগিল জেঙা।

কেতিয়াবাই কৰা এটা দোষ বহুত দিনৰ পিচত মনত পেলাই কৈ অশান্তি কৰা। তাৰ মানে দোষটো কৰা বহুত দিনেই হ’ল এতিয়াহে জগৰটো লাগিল।

১৫১

“তপত ভাতৰ ধোঁৱাই ধৰিলে।”

অভাৱি মানুহে অলপতে সন্তুষ্ট নোহোৱা অৱস্থাত এইদৰে কোৱা হয়।

১৫২

“তিলটোকে তালটো, ছাঁটোকে বাঘটো।”

অকণমান কথা এটাকে ডাঙৰ কৰি শুনাবলৈ যত্ন কৰা।

১৫৩

“তিনি গধূলি তৰিছে তাত, পৈয়েকৰ ভাঙিলে উজুটিত দাঁত।”

অসময়ত কৰা কামৰ ফল কেতিয়াও ভাল নহয়, গতিকে সময় চাই ধীৰে-সুস্থিৰে কাম কৰিবলৈ লোৱা উচিত।

১৫৪

“তামোলৰ বেটু পচে, কথাৰ বেটু নপচে।”

কথাক তামোলৰ লগত তুলনা কৰা হৈছে, কথাৰ যদি কোমলতা নাথাকে বা কোনোবাই যদি আঘাত পোৱাকৈ কথা শুনায় সেই কথা মৰাৰ দিনলৈকে পচি এৰাই যাব নোৱাৰে।

১৫৫

“তুলসীৰ লগত কলপটুৱাৰ মুক্তি হোৱা।”

অযোগ্য এজন যোগ্যজনৰ লগত সংগ কৰি উপকৃত হোৱা

১৫৬

“তেলীয়াই তেল পেলালে, কপহুৱাই লেট্‌পেটালে।”

আনৰ দুখত ভাগ লোৱাৰ ছলেৰে নিজৰো স্বার্থ সিদ্ধি কৰা

১৫৭

“তিনি শব্দৰ জুই, ভাল গাটো বেয়া কৰিলো খৰীয়াৰ লগত শুই।”

অসৎ সঙ্গত ফুৰিলে বা কথাৰ ভাগ লৈ ফুৰিলে সৎ লোকো অসৎ হৈ পৰিব পাৰে।

১৫৮

“তেৰীয়াকৈ পাগ মাৰি ঘূৰি ঘূৰি চায়।”

একো নোহোৱা লোকে যদি ওপৰ খাপৰ চাকৰি পায় বা সন্মান পায় তেতিয়া অহং ভাবৰ সৃষ্টি হৈ সৰু লোককো কেৰাহিকৈহে চাব খোজে।

১৫৯

“তিতা গছৰ আগো তিতা গুৰিও তিতা।”

যিজন লোকৰ স্বভাৱ বা প্রকৃতি বেয়া হয় তেওঁৰ কথা কাম দুয়োটাই বেয়া হয়।

দ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with দ

১৬০

“দেখাক দেখি, কুকুৰে কৰে একাদশী।”

নিজে যিটো কাম কেতিয়াও কৰি পোৱা নাই, সেই কামটো আনক কৰা দেখি কৰিবলৈ আগবঢ়াৰ ক্ষেত্ৰত ফকৰাটো কোৱা হয়।

১৬১

“দহো আঙুলিয়ে খায়, বুঢ়াই হেঁচুকিলেহে যায়।”

ডাঙৰৰ উপদেশে সৰুক সহায় কৰে। সকলোকে মান অনুসৰি সন্মান কৰিব পাৰিলে বহুত জ্ঞান জ্ঞানীসকলৰ পৰা লাভ কৰিব পাৰি।

১৬২

“দেখিছাহে চুটি চাপৰ, কঠীয়া জেঠতে পৰা।”

দেখাত সৰু হ’ব পাৰে কিন্তু বয়স কম হৈ থকা নাই।

১৬৩

“দৰ্জীৰ বন কমাৰে কৰে, চোলাত জুই লগাই ধৰফৰাই মৰে।”

নিজৰ ৰীতি-নীতি ত্যাগ কৰি অন্যৰ লগত ফেৰ মাৰিবলৈ গৈ বিপদত পৰা।

১৬৪

“দেৱতায়ো যালৈ ভয় কৰে, মূৰ্খই তালৈ লৰ মাৰে।”

এজন লোকে যিটো কাম কৰিব নোৱাৰে বা সেই কামটোৰ বিষয়ে একো অভিজ্ঞতা নাই তেনে অসম্ভৱ কাম কৰিবলৈ আগবাঢ়ি বিপদত পৰা অৱস্থা দেখিলে এই প্ৰৱচনফাকি ব্যৱহাৰ কৰা হয়।

১৬৫

“দুখৰ দিনত আড়ম্বৰৰ, সর্বনাশৰ লক্ষণ।”

দুখৰ দিন সকলোৰে জীৱনলৈ এবাৰ হ’লেও আহিবই কিন্তু সেইটোকে ভাবি দুখৰ দিনত আড়ম্ভৰ কৰিলে সুখ আহিব নোৱাৰে।

১৬৬

“দুই ম’হৰ যুঁজ লাগিল, মাজত বিৰিণাৰ মৰণ মিলিল।”

দুজনৰ মাজৰ তৰ্কত তৃতীয়জন সোমালে বিপদ মতাহে হ’ব।

১৬৭

“দুখীয়াৰ ঘৰত খাবলৈ যাবা, চহকীৰ ঘৰত চাবলৈ যাবা।”

দুখীয়া হ’লেও অন্তৰখনত আলহীক সোধা পোছা কৰা ভাল মনোভাব থাকে চহকীসকলৰ সাজ-সজ্জা চৌখিন, আড়ম্বৰেহে জাক-জমক কৰি ৰাখে, আন্তৰিকতা সম্পূর্ণই আঁতৰত।

ধ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with ধ

১৬৮

“ধানটোৱে পতি কণটো, মানুহটোৱে প্ৰতি মনটো।”

অৰ্থ প্ৰতিটো মনৰ ভাব বেলেগ বেলেগ হয়।

১৬৯

“ধনীৰ ঘৰলৈ নিৰ্ধনী যায়, দূৰতে দেখি দুৱাৰ জপায়।”

এঘৰ ধনী মানুহৰ ঘৰলৈ দুখীয়া মানুহ এজন গ’লে দুৱাৰ জপাই সোমাই যোৱা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰৰ তাৰতম্যৰ ক্ষেত্ৰত এই ফকৰাফাকি ব্যৱহাৰ কৰা হয়।
assamese fokora jujona image
Fokora jujona

১৭০

“ধান পকে মানে টুনিৰ মৰণ।”

কিবা এটালৈ অপেক্ষা দীঘলীয়া হ’লে আৰু কিবা অঘটন ঘটিব পাৰে।

১৭১

“ধুমুহাই নিয়ে শিল উৰুৱাই, উৰুৱাব নোৱাৰে তুলা।”

কথাচহকী মানুহে কথাৰে বহুত ডাঙৰ কাম কৰা বুলি ঘহাই ফুৰে।

১৭২

“ধনী লোকৰ মিছা, শুনিবলৈ ইচ্ছা, দুখীয়া লোকৰ উচিত, শুনিবলৈ কুৎচিৎ।”

অর্থাৎ ধনী মানুহৰ য’তে ত’তে সম্মান বেছি। তেওঁলোকৰ মিছা কথাবোৰো শুনিবলৈ মানুহ গোট খায়, কিন্তু দুখীয়া লোকে উচিত কথা ক’লেও শুনুতা নাই।

ন ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fakara jojana starts with ন

১৭৩

“নাও বুৰি তলি পালেও, টিঙৰ পৰা নেনামে।”

কেতিয়াও সৰু হ’ব নোখোজা অহঙ্কাৰী লোক বিপদত পৰিলেও অহংভাবত ওফন্দি থাকিবলৈ বিচাৰে।

১৭৪

“নেখাওঁ তাইৰ হাতে ভাত, ঘূৰি ঘূৰি তাইতেহে হাত।”

যাক ভাল নেপায় বা হেয়-জ্ঞান কৰে, সেইজনৰ ওচৰতে বিপদত পৰিলে সহায় বিচাৰিব লগা হ’ব পাৰে।

১৭৫

“নমো নমো পাৰিজাত, কুকুৰে চুলে বাহী গাত।”

অতি বেছি ধুতি-নীতি মনা লোকৰ ক্ষেত্ৰত এইদৰে কোৱা হয়।

১৭৬

“নোম নেগুৰ বৰ্জিত, কুকুৰে গায় বৰগীত।”

অসাধুৰ ঘৰত সাধুৰ বচন মতা। গৃহস্থই কুকুৰটোক নোম নেগুৰ বৰ্জিত অশুচি মানিলেও তাৰ ভদ্রতা বহুত বেছি।

১৭৭

“নাই বুলিলেও নেৰে, কুঁহিয়াৰ পেৰাদি পেৰে।”

নেৰানেপেৰাকৈ লাগি বিচৰা বস্তুটো আদায় কৰিবলৈ যত্ন কৰাৰ ক্ষেত্ৰত এইষাৰ কথা প্রযোজ্য হয়।

১৭৮

“নাকত লৈ চাকত ঘূৰায়, খোৰা টেকেলিৰে পানী খুৱায়।”

নানা ধৰণে ব্যতিব্যস্ত কৰিবলৈ আগবঢ়া লোকৰ ক্ষেত্ৰত এই প্ৰৱচন ব্যবহাৰ কৰা হয়।

১৭৯

“নোধোওঁ গা ধুৱালি, নেখাওঁ ভাত খুৱালি, নিগিলো কি কৰ কৰ।”

বৰ বেছি জেদ কৰা লোকৰ ক্ষেত্ৰত বল প্রয়োগ কৰাটো নাখাটে।

১৮০

“নাচিব নেজানে চোতালখন বেঁকা।”

কামটো নিজে নেজানি শুদ্ধ নহ’লে আনৰ গাত দোষ দিয়া।

১৮১

“নিলাজৰ লাজ নাই, কেঁকোৰাৰ মূৰ নাই।”

নিলাজ লোকে লাজ অনুভৱ নকৰাৰ বাবে কৰিব নলগীয়া কামো কৰি ফুৰে।

১৮২

“নিজৰ বুদ্ধি শিলৰ খুঁটি, পৰৰ বুদ্ধি টিকা উদি।”

যিকোনো এটা কামৰ সফলতা লাভ কৰিবলৈ অন্যৰ বুদ্ধিৰ ওপৰত ভাৰসা কৰিব নালাগে।

১৮৩

“নৌ শিলিখাৰ আদখন খাওঁতেই মুখ বিকটোৱা।”

কাম এটা কৰিবলৈ লোৱাৰ আগতে কৰিব নোৱাৰে বুলি মুখখন বিকটাই দিয়া অৱস্থাত এই প্রবচনটি প্রযোজ্য। সকলো কামতে আত্মবিশ্বাসব আৱশ্যক।

প ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with প

১৮৪

“পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা।”

ভটীয়া সোতত নাওখন এৰি দিলে সহজতে সোঁতত উটি গৈ থাকে সেইদৰে পৰৰ উপাৰ্জন ওপৰত খাই থকাজনক ভটীয়া সোঁতৰ লগত তুলনা কৰা হয়।

১৮৫

“পেট কামোৰা মানুহে, মাটিতো বাগৰে পাটিতো বাগৰে।”

বিপদত পৰা মানুহে অধৈর্য হৈ অলাগতিয়াল কামো কৰি পেলায়

১৮৬

“পৰৰ কাৰণে কান্দিব জানিলে, কান্দোনতো সুখ পায়।”

কাৰোবাক অকণমান উপকাৰ কৰিব পাৰিলে বহুত শান্তি লাভ কৰিব পাৰি।

১৮৭

“পানীত পৰা মানুহৰ খেৰ-কুটায়ে আশ্রয়।”

বিপদত পৰা লোকৰ অকণমান সহায়েই বহুত সহায় হয়

১৮৮

“পাপৰ ধন পৰাচিতত যায়।”

ধন ঘটোতে অন্যায় কৰিলে সেই পাপৰ ক্ষতি ইমানেই হয় যে সেই পাপ কৰি ঘটা ধনৰ দুগুণ খৰচ হয়, কথাৰ সত্য অসত্য প্রমাণ কৰিবলৈ যাওঁতে।

১৮৯

“পণ্ডিতে শিকে দেখি, মূর্খই শিকে ঠেকি।”

বিজ্ঞলোকে দেখিলেই ভিতৰৰ সাৰমমখিনি বুজিব পাৰে। মূর্খসকলে ঠেকা খালেহে জ্ঞানখিনি লাভ কৰিব পাৰে।

১৯০

“প্রবাসে নিয়ম নাস্তি।”

নিজৰ ঠাইত যিদৰে নিয়ম মানি চলিব পাৰি প্রবাসত তেনেদৰে চলা সম্ভৱ নহ’বও পাৰে, সেয়েহে নিজৰ ঠাইৰ দৰে নীতি-নিয়ম নামানি য’ত যেনেকুৱা নিয়ম তাকেই মানি চলিলে সুখী হ’ব পাৰি।

১৯১

“পগলাক আমনি নকৰিবা আৰু মদপীক কাণ নিদিবা।”

পগলাৰ প্রলাপ বেছি হয় যদি, তেওঁক কোনোবাই জোকায়, আৰু মদাহীয়ে যিহকে-তিহকে বকি ভাল পায় এইবিলাকৰ পৰা ভাল মানুহ সদায় আঁতৰত থাকিব লাগে।

ফ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with ফ

১৯২

“ফটা কেঁথা তিতিলে গালৈ গধুৰ হোৱা।”

নিজে কৰিব লগা কাম পিছত কৰিবলৈ পেলাই থ’লে কৰিবলৈ টান হৈ পৰে।

১৯৩

“ফোপজহী ৰঙাই, এদোণ ধানৰ পিঠা খুন্দি জগতখনক জহায়।”

ঘৰত লাগিলে একোৱেই নাথাকক আছে বুলি গাঁওখনত জহাই ফুৰি ভাল পোৱা একোজন মানুহৰ ক্ষেত্ৰত এই ফকবাটি ব্যৱহাৰ কৰা হয়।

১৯৪

“ফোটে লগুণে গোবিন্দাই, ভকতিৰ লেশমাত্রও নাই।”

স্বার্থসিদ্ধিৰ বাবে নিজক বেলেগ বেলেগ ভেশত সজাই কৰা ভক্ত লোকৰ কাৰ্য।

১৯৫

“ফুটনিতে মৰে, পানীত মাছ ভাজি ঘিউৰ নাম কৰে।”

ফুটনি মাৰি কথা কৈ ভাল পোৱাজনৰ লাগিলে ঘৰত একোৱেই নেথাকক বহুত কিবা কিবি থকা বুজাবলৈ কথা কোৱা লোকৰ ক্ষেত্ৰত এই প্রবচন ব্যৱহাৰ কৰা হয়।
Pages: 1 2 3 4 5 6 7

Leave a Reply

Your email address will not be published.