Skip to content

Evergreen Assamese fokora jujona with strong meaning || অৰ্থ সহ ফকৰা যোজনা

fokora jujona blog feature image-min

Table of Contents

ব ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with ব

১৯৬

“বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা”

ডাঙৰৰ কথা নামানি বিপদত পৰা।

১৯৭

“বুঢ়ীৰ কি কাম আছে, চাউলত ধান পেলাই বাছে।”

কৰিবলৈ কাম নেথাকিলে এনেয়ে কিবা কিবি কৰা কামকে কৰি থকা।

১৯৮

“বহিব জানিলে মাটিয়ে পীৰা, খাব জানিলে চাউলেই চিৰা।”

মানুহে যি পৰিস্থিতিৰেই সন্মুখীন নহওক সকলোতে নিজক পৰিৱেশৰ লগত খাপ খুৱাই ল’লে শান্তিত থাকিব পাৰিব।

১৯৯

“বেজীৰ জলা মনে, কুঠাৰৰ জলা নমনে।”

সৰু সৰু ভুলবোৰ খুঁচৰি ডাঙৰ ভাল কথাবোৰ তল পেলাব নালাগে।

২০০

“বাজিব লাগে টেমি কটাৰী, বাজিছে দেখোন হাঁচতি।”

প্ৰকৃততে যিজনে এটা প্রশ্ন বা কথাৰ উত্তৰ দিব লাগিছিল তেওঁৰ সলনি বেলেগ এজনে উত্তৰ দিয়া।

২০১

“বাটত দেখো বৰচুৰিয়াৰ ফেৰ, ঘৰত দেখো ঢকুৱাৰ বেৰ।”

পৰিৱেশৰ ওলোটাটো ৰাইজক দেখুৱাই জহ মাৰি ফুৰা।

২০২

“বাহিৰে ৰং চং, ভিতৰি কোৱাভাতুৰী।”

বাহিৰত জনা দেখুওৱা, ভিতৰি একোৱেই নাই। বাহিৰত বৰ ধুনীয়া ভিতৰখন একেবাৰে গেলা।

২০৩

“বাছোতে বাছোতে গেলা বৰালিত হাত পৰিব।”

ভাল বেয়া বাছি থাকোতে শেষত বেয়া বস্তুটোত হাত পৰা অৱস্থা।

২০৪

“বহি খাই থাকিলে কুবেৰৰ ধনো উদং হয়।”

এলেহুৱা জীৱন ধ্বংসৰ পথত। কাম নকৰিলে দুখ ভোগ কৰিবই লাগিব।

২০৫

“বান্ধিলে মন শিলৰ খুঁটি, মেলিলে মন ঘোঁৰাৰ ছুটি।”

যিকোনো কামতে মনৰ স্থিৰতা থাকিলে সেই কামত কৃতকাৰ্য্যতা লাভ কৰিব পৰা যায়।

২০৬

“বলে নোৱৰা শিলক পৰি নমস্কাৰ।”

কৰিব নোৱৰা কামটো কৰিবলৈ সাহ বা চেষ্টা নকৰাই ভাল।

২০৭

“বগলীয়ে পায় মানে খায়, নাপালে উপবাসে কটায়।”

সঞ্চয় নকৰাকৈ খৰচ কৰিলে উপাৰ্জন কৰিব নোৱৰা সময়ত বা অভাৱৰ সময়ত বিপদত পৰিব লগা হ’ব পাৰে।

২০৮

“বিশ্বনাথ গোসাঁই লৰক-ফৰক, ছমাহ পানীত ছমাহ তলত।”

মানুহৰ অঘৰী বাস অর্থাৎ অস্থায়ী অৱস্থাৰ কথা বুজাওঁতে ব্যৱহাৰ হয়।

২০৯

“বেজৰ নাকত খৰ।”

জ্ঞানী লোকৰ কথাত বিসংগতি ঘটা।

২১০

“বেলিয়ে আটে মানে, কাচিয়ে কাটে মানে।”

কামটো পুৱাই আৰম্ভ কৰি বেলি মাৰ গৈ এন্ধাৰ নোহোৱালৈকে যত্ন কৰা মানে এইটোকে বুজায় যে যিকোনো এটা কাম আধা কৰাকৈ এৰিব নেলাগে।

২১১

২১২

“বাহিৰে দেখিবা পৰম সাধু, ভিতৰি দেখিবা কঁঠালৰ বাদু।”

বাহিৰত দেখাত ভদ্রলোক কিন্তু পেটত কুট্‌ বুদ্ধিৰে ঠাহ খাই থকা ।

২১৩

“বান্দৰৰ ডিঙিত মুকুতাৰ মালা পিন্ধোৱা।”

বহুমূলীয়া বস্তুৰ মোল নুবুজাসকলক অনাদৰ কৰিবলৈহে বস্তুটো দিয়া হোৱা।

২১৪

“বাপেক মৰিছে খৰলি খায়, পুতেকে বোলে আপদহে যায়।”

প্ৰৱাসত ঘৰে ঘৰে যি পাই তাকে খাই আনন্দত থকা লোক। অসমীয়া খণ্ডবাক্য কোষৰ মতে আৰু এটা অৰ্থ হ’ব পাৰে প্ৰৱাসত পিতৃয়ে যেনে তেনে পেট প্ৰৱর্তাই আছে পুতেকে লগৰ পৰা পিতৃ আঁতৰ হোৱাত ভালহে পাইছে।

২১৫

“বাপৰ ধনেও নাটে, পাপৰ ধনেও নাটে।”

নিজে সৎ উপায়েৰে আৰ্জন কৰাজনৰ সদায় সুখ হয়।

২১৬

“বাঁহৰ এফাল মানুহৰ একাল।”

মানুহৰ জীৱনটো সুখ আৰু দুখেৰে ভৰা। কাৰো জীৱনত দিনবোৰ সমানে নেযায়।

ভ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with ভ

২১৭

“ভকত আহিল দুপৰত, তামোল থাকিল ওপৰত, ধপাত, সিও থাকিল, জপাত, পাণ, সিও হ’ল টান, কটাৰী সিও হ’ল ভটাৰী।”

আলহী আহিলে গৃহস্থই আমনি পালে সোধণ-পোছা কৰাত নানা অজুহাত দেখুৱায়, যাতে আলহী সোনকালে গুচি যাব লগা হয়।

২১৮

“ভাৰীক নেৰে ভাৰে, যুবয়াক নেৰে পচলাৰ খাৰে।”

অৱস্থাৰ পৰিৱৰ্তন নোহোৱা ক্ষেত্ৰত এই প্ৰৱচনটি ব্যৱহাৰ কৰা হয়।

২১৯

“ভালেহে বুজে ভালৰ মোল, বান্দৰে বুজে কি নাৰিকলৰ মোল।”

ভালক সদায় আদৰ-যত্ন কৰি ভালকৈ ৰখা হয়।

২২০

“ভুকুতে কলটো নপকে।”

ভাল ফলাফলৰ বাবে যত্ন কৰি ধৈর্য ধৰিবই লাগিব।

২২১

“ভোকৰ সমান ব্যাধি নাই, ভাতৰ সমান ঔষধ নাই।”

ভোক লাগিলেই সহ্য কৰি নেথাকি কিবা অলপ আহাৰ খাই দিলে অন্য বেমাৰ হ’ব নোৱাৰে ভোকটোৱেই আচলতে এটা বেমাৰ আৰু আহাৰ তাৰ ঔষধ।

২২২

“ভক্তি হকম্ কম, নাম নাই গুণ নাই প্রসাদ খাবৰ মন।”

প্ৰকৃততে কিছুমান মানুহৰ অন্তৰত ভগৱানলৈ ভক্তি নাথাকে কিন্তু সবাহত ভক্তৰ দৰে শাৰী পাতি নাম লয় একমাত্র মাহ প্ৰসাদৰ আশাত।

২২৩

“ভক্তিৰ ভাল একাচিত, বিবাদত ভাল মাত মিট”

সম্প্ৰীতিৰে বিবাদখন আলোচনাৰ মাধ্যমেৰে মিট-মাত কৰি পেলালে সেই বিবাদ বাঢ়ি যাবলৈ সুবিধা নাপায়।

২২৪

“ভাবিলে ভাবক পায়, নাভাবিলে একো নাই।”

মানুহৰ জীৱনত বিপদ অহাটো স্বাভাৱিক, তাকে যদি ভাবি থকা হয় সদায় বিপদকেই দেখি থাকিব। যদি ভাবি নেথাকে তেতিয়া মনটো সুখতে ৰাখিব পাৰিব।

২২৫

“ভাঙি আন মুচৰি খাওঁ, পুৱা হ’লে নাও মেলি যাওঁ।”

ভৱিষ্যতৰ কথা চিন্তা নকৰি বর্তমানতে যি পায় সকলো খৰচ কৰি পেলাৱা।

২২৬

“ভৰা কলহত পানী ভৰোৱা।”

যাৰ যি বস্তুটোৰ আৱশ্যক সেইটোহে দিলে কামত আহে। যিটো বস্তুৰ অভাৱ নাই সেই বস্তুটো দি তাক অপচয় কৰাহে হয়।

২২৭

“ভীমক মানিলে গদাকো মানিব লাগে।”

এজন লোকক সন্মান জনোৱা হয় তেওঁৰ কৰ্মৰাজীৰ বাবে। যি কোনো এটা বাদ দিলে সন্মান আধৰুৱা হ’ব।

২২৮

“ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি।”

সকলোৰে লগত মধুৰ স্বৰেৰে কথা কোৱা উচিত। অন্যথা কটু কথাত আঘাত পাব পাৰে।

ম ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona in Assamese starts with ম

২২৯

“মুখে বোলা হৰি হৰি, অন্তৰেৰে জুৱাচুৰি।”

দুমুখীয়া চৰিত্ৰ, ভিতৰত বেয়া, বাহিৰত ভাল, মনৰ ভিতৰত বেয়া ভাব লৈ মুখৰ কথাৰে ভাল বোলোৱা ব্যক্তি।

২৩০

“মেকুৰীৰ ধেমালিত নিগনিৰ মৰণ”

শত্ৰুৰ লগত ধেমালি কৰিলে বিপদত পৰিব।

২৩১

“মূৰত থ’লে ওকণীয়ে খায়, মাটিত থ’লে পৰুৱাই খায়।”

অতি আলাসত ডাঙৰ হোৱা ল’ৰা-ছোৱালী।

২৩২

“মাকতকৈ জীয়েক কাজী, ঢেঁকী থোৰা লৈ বাটে পাঁজি।”

একো কাম নজনা মহিলাৰ ক্ষেত্ৰত এই ফকৰাটি ব্যৱহাৰ কৰা হয়।

২৩৩

“মাতিলে ৰণলৈও যাবা, নেমাতিলে ভোজলৈও নেয়াবা।”

আগ্ৰহ কৰি নিমন্ত্ৰণ কৰিলে ৰক্ষা কৰিব লাগে।

২৩৪

“মৰে উৰুলিপুঙা, মৰে পদূলি শুঙা।”

কথাৰ ছলাহীত বেয়া ব্যৱহাৰ পোৱা, ঘৰে ঘৰে অবাবতে ঘূৰি ফুৰা লোকক কোনেও ভাল নেপায়।

২৩৫

“মাকে চাই মুখলৈ, তিৰোতাই চাই হাতলৈ।”

জন্মদাত্রী মাতৃ আৰু পত্নীৰ মাজৰ পাৰ্থক্য বুজাই এই ফকৰাফাকি কোৱা হৈছে।

২৩৬

“মেকুৰীৰ গলত টিলিঙা আৰিব কোনে।”

অসম্ভৱ কামটো কৰিবলৈ আগবাঢ়ি অহা লোকৰ অভাৱ।

২৩৭

“মই কওঁ ৰাজভৱনৰ কথা, তই কৰ বাদুলীয়ে কল খোৱাৰ কথা।”

গহীন মূল্যবান আলোচনাৰ মাজত কোনোবা এজনে অপ্রাসংগিক কথা আলোচনা কৰা।

২৩৮

“মন কৰিলেই চন, বাকৰি মাটিতে ধন।”

যত্ন কৰিলেই ৰত্ন পায় বুলি এষাৰ কথা আছে। মানুহে মন কৰিলে অর্থাৎ ইচ্ছা কৰিলে সকলো কৰ্মৰে সু-ফল পাবলৈ সক্ষম হয়।

২৩৯

“মাজ মূৰত সাপে খায়, ধৰণী ধৰাৰ ঠাই নাই।”

শত্রুৱে এনেকুৱা বেয়াকৈ আক্ৰমণ কৰিছে যে ৰক্ষা পাবলৈ উপায় নোহোৱা অৱস্থা।

২৪০

“মূৰত ল’ম পাচি, খাম ভাল ভাল বাছি।”

সুখে-শান্তিৰে দিন কটাবলৈ আৱশ্যক হলে মূৰত পাচি লোৱা কাম কৰিবলৈও লাজ কৰিব নেলাগে।

২৪১

“মাকে শলাগে জী, বাপেকে শলাগে জী, ওচৰ-চুবুৰীয়াই যাক শলাগিব, সেয়েহে মাকৰ জী।”

পিতৃ-মাতৃৰ বাবে সন্তান সদায় ভাল প্রশংসনীয় কিন্তু সেই ল’ৰা-ছোৱালী প্ৰকৃততে ভাল হয় তেতিয়াহে যেতিয়া ওচৰ-চুবুৰীয়াই বা সমাজে প্ৰশংসা কৰে বা ভাল বুলি শলাগে।

২৪২

“মনে খন্দা পুখুৰীত পানী খাবলৈ নোপোৱা”

আশা কৰা কামটো সিদ্ধি নোহোৱা ক্ষেত্ৰত এই ফকৰাটি ব্যৱহাৰ হয়।

২৪৩

“মন ইচ্ছা মন সিচ্ছা, মন সিংহাসন, মন যদি বৈৰাগী হয়, আটকাই কোন জন।”

মনৰ ইচ্ছা-অনিচ্ছা সকলো ক্ষেত্রতে আত্ম-সংযমতাৰ আৱশ্যক। মনেৰে সিংহাসনতোঁ বহে – মনেৰে বৈৰাগীও হয়, মনেৰে বহুত কিবা কিবি কৰিবলৈ আগবাঢ়ে। তেতিয়া মনক ধৰি সঠিক পথত নিবলৈ সংযমতাৰ আৱশ্যক।

২৪৪

“মাছৰ তেলেৰে মাছ ভজা।”

লাভৰ ধন খৰচ কৰি আৰু লাভৱান হ’বলৈ যত্ন কৰা উচিত।

২৪৫

“মানিলে ধান, নেমানিলে পতান।”

বিশ্বাস কৰাজনৰ বাবে ঈশ্বৰ সকলোতে বিৰাজমান। সেই কথাটো নমনাজনৰ বাবে একোৱেই নাই। (অর্থাৎ পতান)

য ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona in Assamese starts with য

২৪৬

“যাৰ জহত শাখা সেন্দূৰ, তাকে বোলে ভোকোৰা এন্দুৰ।”

আশ্রয়দাতা অন্নদাতাক অমান্য কৰা।

২৪৭

“যাৰ হাতে নেখাওঁ ভাত, ঘূৰি ঘূৰি তাতেই হাত।”

বেয়াপোৱাজনক এৰিব খুজিলেও তেওঁৰেই শৰণাপন্ন হ’ব লগা অৱস্থা।

২৪৮

“যাৰ খাবৰ জীৱৰ মন, হাগোতেও খোঁচৰে বন।”

পৰিশ্ৰমী লোক বহি থাকিব নোৱাৰে। কর্ম ব্যস্ততাই শৰীৰ ভালে ৰাখে। বুলি জানিবই লাগে। পৰিশ্ৰমী লোকে সকলো সময়তে কি কৰিব পাৰি চিন্তা কৰি থাকে।

২৪৯

“যিমানেই নাটে, সিমানেই ফাটে।”

অভাৱৰ ওপৰতে অভাব হোৱা।

২৫০

“যাৰ যেতিয়া কপাল ফুলে, শুকান মাটিতো নাও চলে।”

সৌভাগ্য উদয় হ’লে সকলোফালে উভৈনদী হয়।

২৫১

“যাক নেমাৰো হাতে, তাক মাৰিম ভাতে।”

প্রতিশোধ ল’বলৈ সুবিধা বিচাৰি ফুৰা ক্ষেত্ৰত এই ফকৰাটি ব্যৱহাৰ কৰা হয়।

২৫২

“যি থাকিব ধৈর্য ধৰি, ঘূৰি ফুৰিলেও নিপিছলে ভৰি।”

সংসাৰ চলাওঁতে ধৈৰ্যৰ অতি আৱশ্যক। বিশেষকৈ বিপদ সঙ্কুল অৱস্থাত অধৈর্য হ’লে আৰু বহুত বিপদ গোট খাব পাৰে।

২৫৩

“যি মূলা বাঢ়িব তাৰ দুপাততে চিন।”

সৰু থাকোতেই আচৰণ, কথা-বতৰা, বিচাৰ-বুদ্ধিত জানিব পাৰি ডাঙৰ হ’লে কেনেকুৱা হ’ব।

২৫৪

“যেনে কুকুৰ তেনে টাঙোন।”

মানুহৰ প্রশ্নবাণ সমীক্ষা কৰি উত্তৰ দিয়া যাতে আৰু এবাৰ তেনে প্রশ্ন কৰিব নোৱাৰে।

২৫৫

“যাৰ ওকণি চাবৰ মন নাই, সি চুলিত ধৰি টানে।”

যাৰ যিটো কাম কৰিবলৈ মন নাই তাক লিৰিকি-বিদাৰি সময় পাৰ কৰা।

২৫৬

“যি থাকিব ধৈর্য ধৰি, নিপিছলে হাত নিপিছলে ভৰি।”

বিপদ মানুহৰ জীৱনৰ লগৰীয়া। সেই বিপদৰ সময়ত ধৈর্য ধৰিব পাৰিলেই আকৌ সুখ উলটি আহিব।

২৫৭

“যোৰৰো যোৰ পাভ যোৰ, এজনী কাণকটা এটা চোৰ।”

ৰাজযোৰা বুলি কোৱা পতি-পত্নীৰ এজনো কম নহয়, দুয়ো সমান সমান একে স্বভাৱৰ। ইয়াত কোৱা হৈছে দুয়োটাই অসৎ চৰিত্ৰৰ।

২৫৮

“যেতেকে নাটে তেতেকে ফাটে।”

অভাৱ অনাটন দূৰ কৰিবলৈ বহুত কষ্ট, পৰিশ্ৰম কৰিব লগা হয়।
Pages: 1 2 3 4 5 6 7

Leave a Reply

Your email address will not be published.