Skip to content

Evergreen Assamese fokora jujona with strong meaning || অৰ্থ সহ ফকৰা যোজনা

fokora jujona blog feature image-min

Table of Contents

ৰ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona in Assamese starts with ৰ

২৫৯

“ৰাতি হ’লে সাত হাল বায়, পুৱা হ’লে এহালো নাই।”

কামতকৈ কথা বেছি কোৱা, বহুত কিবাকিবি কৰিব বুলি বহি থাকোতেই চিন্তা কৰে, কিন্তু উঠি গৈ অন্য কিবা এটাত লাগি আগৰ আলোচনা কৰা কথাবোৰ পাহৰি পেলায়।

২৬০

“ৰজাই ভাল পায় যাক, দোলা ঘোঁৰা নেলাগে তাক।”

আশ্রয়দাতাজনে যদি ভৃত্যক বিশ্বাসত লয় ভৃত্যই কিবা অন্যায় কৰিলেও তেওঁ নিৰাপদে থাকে।

২৬১

“ৰাজপুত্ৰও যায় বনে, দৰিদ্ৰও সিংহাসনে।”

এলাহ নকৰি কৰ্ম কৰি গ’লে সুফল লাভ কৰিব পাৰি, এলেহুৱা ৰাজপুত্ৰও দুখীয়া হৈ যাব পাৰে আৰু এলাহ নকৰি কৰ্মব্যস্ত হৈ থকা দুখীয়াজনে চহকী হ’বগৈ পাবে।

২৬২

“ৰহাৰ ৰহদৈ টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই, ঢেঁকী ঘৰত বহি বৰ মেল পাতিছে, সমন্ধৰ কুটাগছো নাই।।”

বাসস্থান বেলেগ হ’লেও মনৰ মিলেৰে থকা।

২৬৩

“ৰাইজে নখ জোকাৰিলে নৈ বয়”

ৰাইজৰ সহায়ত কৰিব নোৱৰা ডাঙৰ কামো কৰিব পৰা যায়।

২৬৪

“ৰান্ধনী উচটাই জোল খোৱা”

প্ৰশংসা কৰি সুবিধা আদায় কৰা।

২৬৫

“ৰান্ধিব নাজানো বাঢ়িব নাজানো, লোকক সুধি সুধি ফুৰো। ব’ব নাজানো কাটিব নাজানো, লোকৰ শালে শালে ফুৰো।।”

যিটো কাম একেবাৰে নাজানে সেইটো কামৰে বক্তৃতা দি ঘৰে ঘৰে ভয় দেখুওৱা।

২৬৬

“ৰেপিকটাৰ জীয়েকক, চেপিকটালৈ দিলে, তিনিডাল দহিকটা, যৌতুকত দিলে।”

কৃপণে কৃপণৰ ঘৰলৈ ছোৱালী বিয়া দি অকণমান কিবা এটা ছোৱালীৰ লগত দি ফিতাহি মৰা।

২৬৭

“ৰজাৰ দণ্ডত বনত বাস, তিৰোতাৰ দণ্ডত পঁইতাৰ গ্ৰাস।”

ঘৰৰ মূল তিৰোতা বা পত্নীগৰাকী ভাল হ’লে ঘৰখনত শান্তি বিৰাজ কৰি থাকে আৰু বেয়া হ’লে খঙত স্বামীয়ে পইতা ভাতকে খাবলগীয়া অৱস্থা হয়।

২৬৮

“ৰাজহাঁহৰ খোজ দেখি, ঘনচিৰিকাই ডেও দিয়ে।”

সন্মানে ধনে-সম্পত্তিয়ে সৰুবিলাকে ফেৰ মাৰিবলৈ নোযোৱাই ভাল।

২৬৯

“ৰান্ধোতে যাৰ ওফোন্দা মুখ, সি কি দিব ভোজনত সুখ।”

ৰান্ধিবৰ সময়ত ৰান্ধনীৰ একাগ্রতা নাথাকিলে বা পবিত্ৰ আন্তৰিকতা নাথাকিলে ব্যঞ্জন কেতিয়াও তৃপ্তিকৰ হ’ব নোৱাৰে।

২৭০

“ৰজাৰ দোষত ৰাজ্য নষ্ট, প্ৰজাই কষ্ট পায়, ঘৈণীৰ দোষত ঘৰ নষ্ট, লক্ষ্মীয়েও এৰি যায়।”

মূল মানুহৰ স্বভাব-চৰিত্ৰৰ ওপৰত ঘৰখনৰ বা ৰাজ্যখনৰ অৱস্থা নিৰ্ভৰ কৰে।

২৭১

“ৰাজা হৈয়া নকৰে ৰাইজৰ বিচাৰ, বেটা হৈয়া নকৰে বাপেৰ উদ্ধাৰ। মাইয়া হৈয়া নাকৰে পুৰুষক ভক্তি, এই তিনি জীৱ যায় অধোগতি।”

সকলোৱে নিজৰ দায়িত্ব কর্ম নিয়মমতে পালন কৰা উচিত।

২৭২

“ৰূপ যায় শ্বশান ঘাট, গুণ যায় বছৰেৰ বাট।”

আমাৰ ৰূপটো থাকে শৰীৰৰ চকু পৰা ঠাইত। যিমানেই ধুনীয়া নহওক সেই ধুনীয়াখিনি শ্বশান জুইত এদিন নাইকিয়া হৈ যাব। কিন্তু গুণবিলাকৰ মৰণ নাই।

ল ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona in assamese starts with ল

২৭৩

“লাজত নবয় ভাৰ, জোলোঙাত ছিঙে কামীহাড়।”

নিজৰ কাম কৰাৰ ক্ষেত্ৰত লাজ-ভেম দেখুবাব নালাগে।

২৭৪

“লাভৰ ঘিট্ ঘিট্ মূধৰ চালত, বাইৰ মেখেলাখন ভিনিহিৰ কান্ধত।”

নোহোৱাজনে লাভ বহুত বুলি জহাই ফুৰা। ফিতাহি মৰা কথা কৈ নিজক ধনী কৰিব খোজা।

২৭৫

“লোকৰ আঁহ লোকৰ বাঁহ, নাকটো কাটো চাপি আহ।”

পৰৰ বস্তুৰে নিজৰ উন্নতি কৰা ব্যক্তি। লোকে দিয়া বস্তুৰে জহমাৰি ফুটনি কৰা।

২৭৬

“ল’ৰাই পানী পেলায়, বৰে পিছলি পৰে।”

সৰুৱে কৰা বেয়া কামৰ ফল ডাঙৰেহে ভূগিব লগা হয়।

২৭৭

“ল’ৰাই লুৰিয়ে ঘৰখন, ডুখৰা-ডুখৰিয়ে জুহালখন।”

য’ত যি বস্তুৰ আৱশ্যক তাত সেই বস্তু থাকিব লাগে তেতিয়াহে আনন্দ উপভোগ কৰিব পাৰি।

২৭৮

“ল’ৰাই ল’ৰাই কথা পাতে কথাই পতি ৰং, বুঢ়াই ডেকাই কথা পাতে কথাই পতি খং।”

কথা-বতৰা আলোচনাবিলাকত বয়স অনুযায়ী খং আৰু ৰং মিহলি হৈ থাকে।

২৭৯

“লাহতী মৰে লাহত, পৈয়েক মৰে ঘুহঘুহীয়া কাহত।”

লাহ-বিলাহ কৰি ভাল পোৱা নাৰীৰ ক্ষেত্ৰত এই প্ররচনটি প্রযোজ্য। গৃহস্থজনৰ কাহত অৱস্থা নাইকিয়া হলেও পত্নীগৰাকীয়ে সাজি-কাচি ধুন পেচ্ মাৰিবলৈ সংকোচ নকৰা অৱস্থা।

২৮০

“লাই পালে কুকুৰে গালৈকে জঁপিয়ায়।”

কিছুমান অভারী মানুহক মৰম কৰি কিবা দি সহায় কৰিলে বহুত বেছিকৈ সেইজনৰ পৰা পাবলৈ সুবিধা বিচৰা কাৰ্য।

২৮১

“লঙ্কালৈ গ’লে সকলো ৰাৱণ হয়।”

ক্ষমতা পালে সকলোৰে মনবোৰ অত্যাচাৰী হৈ উঠে।

২৮২

“লো দি গঢ়িলো দা, গাৰ কাপোৰ দি বৰ মানুহ কৰিলো, তাৰ প্ৰতাপটো চা।”

কিছুলোকে নিজৰ সৰ্বস্ব ত্যাগ কৰিও কাৰোবাক সহায় কৰে কিন্তু যেতিয়া সহায় পোৱাজন বৰ মানুহ হয় তেতিয়া সহায় কৰোতাজনক কেৰাহিকৈও নেচায়।

শ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona in assamese starts with শ

২৮৩

“শকত বলদেৰে ওলায় মাটি, মাক ভালেহে জীয়েক জাতি।”

এখন ঘৰৰ ল’ৰা-ছোৱালীৰ উদাহৰণ হয় এগৰাকী মাতৃ ৷ মাতৃগৰাকী যদি ভাল হয়, ঘৰখনৰ পৰিৱেশ ভাল হয় আৰু সেই ঘৰখনৰ ছোৱালীৰ গাতো মাকৰ গুণবিলাকৰ সমাবেশত ছোৱালীজনীও ভাল হোৱা দেখা যায়।

২৮৪

“শিল চিকুটিলে নখতহে দুখ পায়।”

নিজতকৈ শক্তিশালীজনক পৰাভূত কৰিবলৈ যত্ন কৰোতে নিজৰহে কষ্ট হয়।

২৮৫

“শেনটো যোৱাদি যোৱা, ফেঁচাটো অহাদি অহা।”

কামটোত কৃতকার্যতা লাভ কৰিবলৈ লৰালৰিকৈ শেনৰ দৰে গৈ তাত কংকাৰ্যতা লাভ কৰিব নোৱাৰি ফেঁচাৰ দৰে গহীন হৈ উভতি অহা।

২৮৬

“শগুনৰ শাওত বুঢ়া গৰু নমৰে।”

স্বাৰ্থপূৰণৰ বাবে কোনোবাই অমংগল কামনা কৰিলেও সি নফলিয়ায়

২৮৭

“শক্ত থাকে যদি হাতেৰ মুঠা, কি কৰিব পায় পৰৰ বেটা।”

যেনেকৈ পঞ্চ আঙুলিৰ মুঠিৰে টান কাম এটা সোনকালে সম্পন্ন কৰিব পাৰি, তেনেকৈ একতাই জিলিকাব পাৰে কৰ্ম সংস্কৃতি। তেতিয়া কাৰো হাঁহিয়াতৰ পাত্ৰ হ’ব নোৱাৰে।

২৮৮

“শূন্য কলসী বাজে বেছি।”

কামতকৈ কথা বেছি কোৱাৰ ক্ষেত্ৰত এই বাক্য ব্যৱহাৰ হয়

২৮৯

“ষোল্ল সেৰীয়া কাঁহী, খুদ চাউলৰ ভাত।”

অৱস্থাৰ পৰিণতি এনেকুৱা যে যোন্ন সেৰীয়া কাহী এখনত খুদ চাউলৰ ভাত কেইটামান খোৱাহে ভাগ্যত মিলে।

স ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona in Assamese starts with স

২৯০

“সাজিলে কাচিলে নগাই নিব বুলি, নগায়ো নিনিলে মাজ ডাঙৰ বুলি।”

অপেক্ষাত বিফল হোৱা। কিবা এটা মনযোৱা কামলৈ সাজু হৈ থাকি নিৰাশ হোৱা অবস্থা

২৯১

“সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ।”

মই একো ফল নাপালো বুলি নিজকে অশান্তি দিব নালাগে। সমান সামর্থ্য থকা লোকৰ লগত কৰ্ম কৰিলে এনে অশান্তিত ভুগিব লগা নহয়।

২৯২

“সাতপুৰুষত নাই গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়”

ঘৰত নথকা বস্তু এটাক উদ্দেশ্য কৰি গৌৰৱ কৰি দেখুওৱা কাৰ্য। বৰ বৰ কথা কৈ নিজক বৰমানুহ বোলাবলৈ যোৱা। শুনাজনে বুজি পালে সেই মানুহজনৰ ক্ষেত্ৰত এই যোজনা ব্যৱহাৰ কৰা হয়।

২৯৩

“সাতভগীয়া মাটিত, শগুনেও শ নাখায়।”

একেটুকুৰা মাটিত বহুতৰ ভাগ থাকিলে সেইডোখৰ ব্যৱহাৰ কৰিলে জঞ্জালহে বাঢ়ে।

২৯৪

“সকলো চৰায়ে মাছ খায়, মাছৰোকাই নাম পায়।”

এজনে বেয়া কাম কৰি সমাজখন কলংকিত কৰা।

২৯৫

“সিজালেও নিসিজে মুনিয়া মাহ, পোনালেও নহয় পোন কুকুৰনেজীয়া বাঁহ।”

অবুজনক বুজোৱা বৰ টান কাম ।

২৯৬

“সভাত থাকি নকয় উচিত, দোষে পায় কিঞ্চিত কিঞ্চিত।”

সমাজ মেলত মিছা কৈ নিজক প্রতিষ্ঠিত কৰিবলৈ যত্ন কৰিব নালাগে, উচিত কথা কৈ নিজৰ জীৱনটোত আগবাঢ়িলে সুখ শান্তি অনিবার্য।

২৯৭

“সৎ সঙ্গত কাশী বাস, অসৎ সঙ্গত সর্বনাশ।”

সৎ লোকৰ সংগৰ পৰা বহুত জ্ঞান অর্জন কৰিব পাৰি। অসৎ সংগৰ কু প্ৰভাৱৰ ফলত ধ্বংসৰ পথলৈহে আগবঢ়া হয়। গতিকে অসৎ বুলি জানিলে সজ লোক আঁতৰি অহাই ভাল।

২৯৮

“সময়ৰ টিকনি আগফালে।”

সময়ক টিকনিত ধৰিও ৰাখিব নোৱাৰি। কাৰণ সময়ৰ টিকনিডাল আগফালে, গতিকে সময় ধৰি ৰখাৰ উপায় হ’ল সময়ৰ কাম সময়ত কৰি গৈ থকা।

২৯৯

“সাঁচি থোৱাকে সঞ্চয় নকয়, যদি তাবে হিত সাধন নহয়।”

কাকো নিদিয়াকৈ নিজে খৰচ নকৰাকৈ সাঁচি থ’লে সেই সঞ্চিত ধন এনেয়ে যাব, কাৰণ মৃত্যুৰ সময়ত সঞ্চিত টকা-পইচা লগত নাযায়, গতিকে সকলোৰে আৱশ্যকত সহায় কৰি, নিজৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভালকৈ খায় বৈ থকাটোহে প্রকৃত উদ্দেশ্য হ’ব লাগে।

৩০০

“সৰিয়হৰ জনম ধৰি, বেটাৰিৰ চেপালৈ ভয়।”

 আমি জানো সৰিয়হ হ’লে তেল পেৰাৰ সময়ত বেটাৰিৰ চেপা খাবই লাগিব। অর্থাৎ যাৰ য’ত যি স্থান তাতেই সন্তুষ্ট থাকিব লাগে।

৩০১

“সজা আছে মইনা নাই, তেনে সজাই শোভা নেপায়।”

খালী হৈ থকা ঘৰ এখনৰ কোনো আকর্ষণেই নেথাকে

৩০২

“সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে।”

জীৱনত সফলতা অর্জন কৰিবলৈ সদায় নিজেই যত্নপৰ হ’ব লাগিব। নিজৰ শক্তি প্রয়োগ কৰিলেহে কষ্টৰ সাৰ্থকতা লাভ কৰিব পাৰিব।

৩০৩

“সাত সাগৰ পাৰ হৈ, গৰু খোজৰ পানীত বুৰ মৰা।”

বহুত ডাঙৰ বিপদ-আপদ নিৰাপদে অতিক্ৰম কৰাৰ পিছত এটা সৰু বিপদতে পৰাজয় মনা।

৩০৪

“সৰু লোকে যদি বৰ চাং পায়, হাবিৰ সাপতকৈ মনৰ সাপ বেছি বিষাল।”

মানুহৰ মনত যদি বিষাক্ত ভাব অর্থাৎ হিংসা, ঈর্ষা ভাব আদি থাকে তেতিয়া সেই বিষ হাবিৰ সাপতকৈও বেছি। অর্থাৎ সেইজন মানুহ দেখি পলাবলৈ তাক চিনা বৰ টান। গতিকে জীৱনৰ প্রতি খোজতে সাবধান হৈ আগবঢ়া উচিত।

হ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona starts with হ

৩০৫

“হাতত নাই কণটো, বৰ সবাহলৈ মনটো”

অভাৱ হ’লেও মনেৰে বহুত কিবাকিবি কৰিবলৈ বিচৰা।

৩০৬

“হলা গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে।”

দুৰ্বল অৱস্থাৰ সুযোগ লৈ হিংসা কৰা কিছুমান মানুহে মই ডাঙৰ ভাব লৈ সৰুবোৰক বেয়া কৰিব পাৰিলেহে শান্তি পায়।

৩০৭

“হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও।”

বহুত জ্ঞানী লোকৰো কেতিয়াবা কোনো কথাত ভুল হৈ বিপদত পৰিব পাৰে।

৩০৮

“হাবিৰ জুই দেখি, মনৰ জুই নেদেখি।”

মনৰ ভাবৰ কোনো অৱয়ব নাই, মানুহক দেখুৱাব নোৱাৰি গতিকে কোনো লোকৰ মনত আঘাত লগা কথা ক’ব নালাগে।

৩০৯

“হাতীৰ দাঁতক চিকুটি ভাঙিলে, কুঠাবেৰে কাটিলে মূলা ধূমুহাই নিয়ে বৰশিল উৰোৱাই, উৰোৱাব নোৱাৰে তুলা।”

কথাচহকী মানুহৰ কথা আৰু কামৰ মাজত সংগতি নথকা অবস্থা।

৩১০

“হাতৰ তলুৱাত নোম গজোৱা।”

হাতৰ তলুৱাত কেতিয়াও নোম নগজে বুলি সকলোৱে জানে। তেনেকৈ নোহোৱা কথা একোটা হোৱা বুজোৱাৰ ক্ষেত্ৰত এই প্ৰৱচন ব্যৱহাৰ কৰা হয়।

৩১১

“হাতীৰ গালৈ তৰাৰ ফমুটি মৰা।”

এটা ডাঙৰ কাম কৰিবলৈ বুদ্ধিও ডাঙৰ হ’ব লাগিব।

৩১২

“হাড় নাইকিয়া জিভা, ওলায় কিবা কিবা, মুকুন্দ মুৰাৰি, কথাৰ মূৰত কথা ওলায়, নক’লেও নোৱাৰি।”

লাগ বান্ধ নোহোৱা কথা কৈ সময় নষ্ট কৰা অৱস্থাত এই প্ৰৱচন ফাকি ব্যৱহাৰ কৰা হয়।

৩১৩

“হা বোলোতেই হুমুনিয়াৰ বাতৰি পোৱা।”

কথা এটা ক’বলৈ ধৰোতেই পিছৰ কথাখিনি বুজি পোৱা অৱস্থা।

ক্ষ ৰে আৰম্ভ হোৱা ফকৰা যোজনা || fokora jujona in Assamese starts with ক্ষ

৩১৪

“ক্ষুধাই চাই না সুধা, ঘুমে চাইনা খাট পালং।”

যেতিয়া কিবা এটাৰ আৱশ্যক হয় তাৰ ভাল বেয়া বিচাৰৰ ক্ষমতা নাথাকে।

সামৰণি | Conclusion

আশা কৰোঁ আমি সংকলন কৰা এই তিনিশতাধিক ফকৰা যোজনা আৰু ইয়াৰ অৰ্থ সম্বলিত লিখনিয়ে আপোনাক কিঞ্চিত হলেও সহায় কৰিছে। যদি আপোনাক ই সহায় কৰিছে তেন্তে আমাৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবিম।

আজিৰ এই ডিজিটেল যুগত, তথ্য প্ৰযুক্তিৰ উত্তৰণৰ সময়ত আমাৰ অসমীয়া ভাষাৰ ফকৰা যোজনাৰ দৰে আপুৰুগীয়া সম্পদ খিনিক ইণ্টাৰনেটত সঞ্চিত কৰি ৰখা তথা সাধাৰণ মানুহে সহজে চাৰ্চ ইঞ্জিন বোৰত এনে সাহিত্যিক বিচাৰি পোৱাটো হৈছে আমাৰ প্ৰধান লক্ষ্য, যাতে ফকৰা যোজনবোৰ কালৰ কুটিল গহ্বৰত হেৰাই নাযায়।

এইখিনিয়েই সম্পূৰ্ণ ফকৰা যোজনা নহয়, আমি যিখিনি সংগ্ৰহ কৰিব পাৰিলোঁ সেইবোৰ হে ইয়াত লিপিবদ্ধ কৰিছোঁ। পঢ়ুৱৈ হিচাপে আপোনাৰো এটা দায়িত্ব থাকে, আমি কৰযোৰে আপোনাক অনুৰোধ কৰোঁ যে যদি আপুনি জনা আৰু এই সংকলনত নথকা ফকৰা যোজনা থাকে বা আছে তেন্তে কমেণ্টত লিখি দিয়ে যেন।

Pages: 1 2 3 4 5 6 7

Leave a Reply

Your email address will not be published.