Skip to content

Best valentine day assamese status, wishes and gift idea

valentine day assamese status feature image

আজি Valentine Day. এই নিবন্ধত আমি আপোনালৈ আগবঢ়াইছোঁ valentine day assamese status, valentine day wishes in assamese, Valentine day greetings messages in Assamese, best Valentine day Cards and gift idea আদিৰ ওপৰত বিস্তৃত লিখনি। তদুপৰি ইয়াত আপুনি পঢ়িবলৈ পাব valentine day wishes for girlfriend, boyfriend, husband, wife আদিও।

ধৰি ললোঁ, আপুনি এজন দুৰ্দান্ত প্ৰেমিক। তাতেই প্রথম প্ৰেম! valentine day ত প্ৰেমিকাক ভাল, unique, ধুনীয়া, আকৰ্ষণীয় এশাৰী বাক্য লিখিব লাগে, কিন্তু লিখিব কি? বা মানুহ জনীক ভাল কিবা এটা gift বা উপাহাৰেই দিব বিচাৰি আছে কিন্তু fully confused!! দিব নো কি? বহুত বস্তু আছে দিব পৰা, কিন্তু কোন টো বস্তু দিলে তাই অতি ভাল পাব? বন্ধু এজনক valentine দিৱসৰ শুভেচ্ছাবাৰ্তা এটা দিব লাগে অসমীয়াত, কিন্তু পৰিমাৰ্জিত ৰূপত লিখিব কি বাৰ্তা টিত?

আকৌ ধৰি ললোঁ আপুনি সেইজনৰ প্ৰেমিকৰে  প্ৰেমিকা! তেওঁ ৰ দৰে আজি আপোনাৰ মনতো খু-দুৱনি, বোলে কি লিখিম, কি লিখিলে তেওঁ মন টো ভাল লগাব পাৰি, উপহাৰ বা কি দিলে ভাল হয়! গ্ৰীটিংছ কাৰ্ড ত বা কি লিখিব!

ঠিক তেনেকৈ আপুনি হয়তো এজন স্বামী বা পত্নী হব পাৰে, আপুনিও হয়তো এনে বিভ্ৰান্তিত পৰিছে যে প্ৰিয়জনলৈ লিখিম কি? বা কি উপহাৰ দিম আদি। (অৱশ্যে যাৰ বয়স 30/35 বছৰ হৈছে তেওঁলোকৰ এটা সময়ত প্ৰেমপত্ৰ লিখাৰ অভিজ্ঞতা আছে বুলিয়েই ধৰিলোঁ!! কি কয়, নহয় নে? লুকাই চুৰকৈ চিঠি দিয়াৰ মাদকতা আজিৰ তাৰিখৰ প্ৰেমিক/প্রেমিকাই অনুভৱ কৰিব নাপালে! নহয় নে?)

Table of Contents

পতি-পত্নীৰ বাবে  valentine day ৰ শুভেচ্ছাবাৰ্তা || valentine day status for husband and wife

আপোনাৰ Husband বা wifevalentine day ৰ শুভেচ্ছা জনাব বিচাৰিছে? নে গ্ৰীটিংছ কাৰ্ড কিনি তাত কিবা ধুনীয়াকৈ লিখিব মন গৈছে কিন্তু কি লিখিব ভাবি তৎ পোৱা নাই? ছাগে গিফ্ট এটাও দিবলৈ মন, কিন্তু কি দিম ঠিৰাং কৰিবই পৰা নাই! চিন্তা নকৰিব, এই লিখনি আপোনাৰ দৰে মৰমিয়াল পতি/পত্নীৰ বাবে। আপোনাৰ এই সকলোবোৰ বিভ্ৰান্তি দূৰ কৰিবলৈ এই লিখনি আপোনালৈ আগবঢ়ালোঁ। ভাল লাগিলে বন্ধুজনলৈ ও যদি শ্বেয়াৰ কৰি দিয়ে তেন্তে আমি ভাৱি লম আমাৰ কামত আমি সফল।

পত্নী লৈ দিব পৰা valentine day ৰ শুভকামনা বাৰ্তা || Valentine day assamese status for wife

“মই সঁচাকৈয়ে বিৰাট ভাগ্যৱান যে তোমাৰ ভাল পোৱা জন হ’বলৈ পাইছো। Valentine day ৰ হিয়াভৰা শুভকামনা জনালোঁ, মোৰ সোনজনী!”

“সময় পাৰ হৈ যায়, কিন্তু আমি লগ পোৱা দিনটোৰ দৰেই তুমি আজিও মোৰ বাবে আটাইতকৈ ধুনীয়া আৰু ৰোমান্টিক ছোৱালী। Valentine’s day ৰ ওলগ জনালোঁ।”

“মোৰ অৰ্ধাংগিনী হৈ জীৱনৰ প্ৰতিটো খোজতেই মোৰ সুখ দুখৰ সমভাগি হোৱাৰ বাবে মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ আৰু ধন্যবাদ জনাওঁ। Valentine’s day ৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ মৰমজান!”

valentine day assamese status image

“মোৰ ভাগ্য ভাল যে তোমাৰ দৰে শাসনকৰ্তা এজনীক নিজৰ পত্নী ৰূপে পাইছোঁ, নহলে যে মই, মই হৈ আজি তোমাক ভেলেণ্টাইন ডে ৰ শুভেচ্ছা মেছেজ লিখি নাথাকিলোঁ হেঁতেন😆… valentine’s day ৰ অলেখ শুভকামনা মোৰ সোন!!”

আপোনাৰ চিন্তাধাৰা আৰু জীৱন সলনি কৰি দিব পৰা লিখনি: 👉 Best  Motivational quotes assamese👈ইয়াত পঢ়ক

পত্নীলৈ কি উপহাৰ দিব!! || valentine day gift ideas to wife in assamese

শুভেচ্ছা বাৰ্তাত কি লিখিব তাৰ এটা ধাৰণা বনাই ল’লে! এতিয়া gift কি দিব তাকেই ভাৱি হাবাথুৰি খাব নালাগে, আমি আছোঁ নহয়! আমাৰ কাম নো কি! আপোনাক এটা ভাল gift idea দিয়া! তেন্তে দেৰি কিহৰ! আহক idea খিনি লৈ লওক।

  • প্ৰথম কথা আপোনাৰ সহধৰ্মিনীক আপোনাতকৈ বেছি আনে নাজানে। গতিকে এনে এটা বস্তু বাচনি কৰক যিটোৰ বিষয়ে তেখেতে বিগত এপষেকত আপোনাৰ আগত কৈছে “এই বস্তু টো থকা হলে..” বা “অমুক টো লবলৈ মন আছিল”! বচ…. মনত পেলাওক আৰু আজিয়েই বস্তু টো কিনি লওক!
  • তেওঁ কেনেধৰণৰ আ-অলংকাৰ বা কাপোৰ আদি পিন্ধি ভাল পায় সেয়া আপুনি জানিবই লাগিব। বা ঘৰ সজাবলৈ ব্যৱহাৰ হোৱা কি বস্তুৰ প্ৰতি তেখেতৰ দুৰ্বলতা আছে জানি লওক।

আপোনাৰ সুবিধাৰ্থে তলত আমাজনত পোৱা কেইটামান বস্তুৰ লিংক দিলোঁ

 Valentine’s day gift বা উপহাৰ হিচাবে পত্নীক দিব পৰা আমাজনত কিনিবলৈ পোৱা বস্তু সমূহ চাবলৈ ইয়াত টিপক। 👇

পত্নীৰ বাবে: পতি লৈ দিব পৰা ভেলেণ্টাইন ডে ৰ বাৰ্তা আৰু উপহাৰ || valentine day assamese status and gift idea for husband

Valentine’s day Assamese status বোৰ এনেয়ে ইণ্টাৰনেটত বৰ কমকৈ আছে, তাতেই আকৌ আপোনাৰ দৰে মৰমিয়াল ভাৰ্য্যা এগৰাকীয়ে নিজৰ husband ক এই দিনাখন কিবা এশাৰী ধুনীয়াকৈ, তেখেতৰ হৃদয় চুই যোৱাকৈ অসমীয়তেই লিখিবলৈ আঁত বিচাৰিলেও ইণ্টাৰনেটত পাবলৈ নাই।

বা তেখেতক উপাহাৰেই বা কি দিব তাকে ভাবি তৎ নাইকিয়া হলেও চিন্তা নকৰিব। আমি আপোনাৰ সমস্যা বুজি পাওঁ আৰু ইয়াত এই সকলোবোৰ ধুনীয়াকৈ সমাধান কৰাৰ চেষ্টা কৰিছোঁ।

স্বামী লৈ valentine day ৰ শুভেচ্ছা বাৰ্তা || valentine day wishes in assamese for husband

“তুমি মোৰ চিৰদিনৰ প্ৰেম আৰু মই তাৰ বাবে তোমাৰ ওচৰত বহুত কৃতজ্ঞ। তোমাক Valentine’s Day ৰ হিয়াভৰা ওলগ জনালোঁ।”

“তুমি প্ৰতিদিনে, সকলো ধৰণে মোৰ ভেলেণ্টাইন। Valentine’s Day ৰ উষ্ম শুভকামনা যাচিলোঁ।”

“তুমি এতিয়াও মোক আগৰ দৰেই পাগলৰ দৰে হাঁহিবলৈ বাধ্য কৰোৱা। এয়াই সঁচা প্ৰেম। ভেলেণ্টাইন দিৱসৰ হিয়া ভৰা ওলগ জনালোঁ মোৰ মৰমজান!”

valentine day assamese status image

“নতুন প্ৰেমিক যুগলৰ পৰা আৰম্ভ কৰি এতিয়াৰ পৈণত পতি-পত্নী লৈকে, ৰাতি তুমি ফোন কৰি মোক আমনি দিয়াৰ পৰা আজি তুমি মোৰ পৰা ৰাতি আমনি পোৱালৈকে, তুমিয়েতো দেখোন মোৰ সপোনৰ কোঁৱৰজন! তোমালৈ ভেলেণ্টাইন দিৱসৰ অজস্ৰ শুভকামনা যাচিলোঁ।”

স্বামী লৈ valentine day ৰ gift কি দিব || valentine’s day gift idea for husband in assamese

সাধাৰণতে পুৰুষ সকল চকলেট বা ঘৰ সজোৱা সামগ্ৰীৰ ওপৰত আকৰ্ষিত নহয়। গতিকে আপোনাৰ স্বামীৰ মনত আনন্দ দিবলৈ আপুনি তেওঁক বৰ দৰকাৰী অথচ তেওঁৰ লগত নথকা এপদ বস্তু দিয়ক।  আপোনাক কিছু idea দিবলৈ তলত এমাজনৰ লিংকৰ লগতে পতি সকলক দিব পৰা উপহাৰ সামগ্ৰীৰ লিষ্ট দিলোঁ।

প্ৰেমিক-প্ৰেমিকাৰ বাবে ভেলেণ্টাইন ডে শুভকামনা বাৰ্তা আৰু gift idea || Valentine’s Day assamese status for boy friend & girlfriend with gift ideas

আপোনাৰ প্ৰেমিকা (girlfriend) বা প্ৰেমিকক (boyfriend) আজি valentine’s day শুভকামনা যাচিব বিচাৰিছে বা gift দিব বিচাৰি আছে? তেন্তে এই লিখনিৰ এই খণ্ড টি কেৱল আপোনাৰ বাবে।

প্ৰেমিকা লৈ valentine’s day ৰ শুভেচ্ছা আৰু gift idea || valentine’s day wishes and status in Assamese for girlfriend and gift idea

“তুমিয়েই মোৰ ৰাজকুমাৰী, আৰু এয়া জানি লোৱা যে এদিন মই তোমাক মোৰ ৰাণী বনামেই। ভেলেণ্টাইন দিৱস অলেখ শুভকামনা!”

valentine day assamese status image

“আমাৰ প্ৰেমে আমাক অনন্তকালৰ বাবে ঐক্যবদ্ধ কৰি ৰাখক! মই তোমাক মোৰ জীৱনত পাই বহুত সুখী। শুভ ভেলেণ্টাইন দিৱস।”

“আমাৰ প্ৰথম ভেলেণ্টাইন দিৱস একেলগে সময় কটাবলৈ পাই মই বহুত উৎসাহিত, আনন্দিত। Wish you a very happy Valentine’s Day!”

“মোৰ প্ৰিয়জনিক ভেলেণ্টাইন দিৱসৰ শুভেচ্ছা। মোৰ জীৱনলৈ অহাৰ বাবে আৰু ইয়াক চিৰদিনৰ বাবে বিশেষ কৰি তোলাৰ বাবে ধন্যবাদ।”

প্ৰেমিকালৈ valentine’s day gift || Valentine’s day gift idea for girlfriend

মনৰ মানুহ জনিক কি gift দিম বুলি ভাবিছে? নে ভবাই নাই? চাব দেই! লগৰ ল’ৰা কেইটাই নিজৰ girlfriend বহু কিবা দিব আৰু সেয়া দেখি আপোনাৰ জনী হাতৰ পৰা পিছলি যাব দেই!!🤣 যা হওক, সেয়া ধেমালি আছিল! আচল কথাটো হৈছে দিব কি?? চিন্তা কৰিব নালাগে! আপোনাৰ বাবে gift idea আছে!

এনেকুৱা এটা বস্তু দিয়ক যিটো দেখি তাই যাতে আনন্দত মতলীয়া হৈ পৰে। আৰু এটা টিপচ.. ছোৱালী সকলে চকলেট, গহনা, ঘৰ সজোৱা সামগ্ৰী, make-up সামগ্ৰী আদি খুব ভাল পায়। 

আপোনাক কিছু idea দিবলৈ তলত এমাজনৰ লিংকৰ লগতে girlfriend ক দিব পৰা উপহাৰ সামগ্ৰীৰ লিষ্ট দিলোঁ।

প্ৰেমিকলৈ Valentine day assamese status, শুভেচ্ছা || Valentine day wishes for boyfriend in assamese

লোকে কিমান ধুনীয়াকৈ Valentine’s day wishes লিখি নিজৰ প্ৰেমিকক দিয়ে, আপুনি কিয় নিদিব! আমি আপোনাক idea দিম কি লিখিব। valentine’s day ৰ শুভেচ্ছা আপুনিও দিয়ক নিজৰ প্ৰেমিকক।

“তুমিয়েই মোৰ সপোনৰ ৰাজকুমাৰ জন যাক মই সদায় সপোনত দেখো, তুমিয়েই মোৰ জীৱনৰ লগৰী যাক মই সদায় দেখো মোৰ স্বামীৰ ৰূপত।। তোমালৈ ভেলেণ্টাইন দিৱসৰ অলেখ শুভকামনা যাচিলোঁ।”

“তুমি মোৰ প্ৰেমিক হোৱা বাবে, তুমি মোক মৰম কৰা বাবে মই নিজকে অতি বেছি সৌভাগ্যশালী ভাবোঁ! Wish you a very happy Valentine’s day dear!”

“মোৰ মনৰ আকাশে বতাহে, পাহাৰে-ভৈয়ামে, হাবিয়ে-বননিয়ে, ৰ’দে-বৰষুণে, মোৰ মনে-মগজুৱে সকলো ফালে যেন তোমাৰেই বাস! তুমি অবিহনে মই যেন আধৰুৱা। Wish you a very happy Valentine’s day dear!”

valentine day assamese status image

“তোমাৰ প্ৰতি মোৰ প্ৰেম বৰ্ণনা কৰাত শব্দবোৰ ব্যৰ্থ হ’ব। এই এটা জীৱন তোমাৰ সৈতে কটাবলৈ বহুত কম হ’ব। শুভ ভেলেণ্টাইন দিৱস।”

প্ৰেমিকক gift কি দিব || valentine day gift idea for boyfriend in assamese

উপহাৰ বা gift বোৰ নিজৰ মৰমৰ এটা চিন। আপোনাৰ boyfriend ক যেতিয়া কিবা গিফ্ট দিয়ে তেন্তে দেখিব যে সেয়া তেওঁ বহু দিনলৈ সাঁচি ৰাখিব, তেওঁ যদি সঁচাই আপোনাক ভাল পায়। অৰ্থ হৈছে আপোনাৰ প্ৰেমক তেওঁ উচিত সন্মান দিয়ে।

আগৰ দিনত প্ৰেমৰ চিন স্বৰূপে এজনী ছোৱালীয়ে ল’ৰা জনক নিজে বনোৱা ৰুমাল উপহাৰ দিছিল। ছোৱালী জনীয়ে ৰুমাল দিয়া মানে ল’ৰাজনৰ প্ৰেম প্ৰস্তাৱ তাই স্বীকাৰ কৰিছে। আজি আৰু সেই ৰুমালৰ দিন নাই কিন্তু প্ৰেম, ভালপোৱাৰ অনুভৱ বোৰ এতিয়াও আছে আৰু মানৱ জীৱনত এটা সময়ত এনে অনুভৱ প্ৰত্যেকৰে আহে।

তেন্তে আপুনি কি দিব আপোনাৰ মনৰ মানুহ জনক? Confused? চিন্তা নকৰিব, আমি আপোনাৰ বাবে লিখিছোঁ কেনেকুৱা উপহাৰ আপোনাৰ প্রেমিক ক দিব পাৰি।

প্ৰথমেই আপুনি জানি লওক তেখেতৰ ৰুচিৰ কথা। তেওঁ কি পিন্ধি ভাল পায়, কি খাই ভাল পায়, খেলা-ধূলা কৰে নে নকৰে ইত্যাদি ইত্যদি…সেই মতে তেখেতে ভাল পোৱা বস্তু এটা বাচি লৈ উপহাৰ দিব পাৰে।

যেনে ধৰক তেখেতে বেডমিণ্টন খেলি ভাল পায়। এই খেলৰ সামগ্ৰী দিব পাৰে। অথবা তেখেতে দাড়ি ৰাখি ভাল পালে তেওঁক দাড়িত ঘঁহা তেল আৰু পুৰুষৰ shaving kit উপহাৰ দিব পাৰে।

আপোনাক কিছু idea দিবলৈ তলত এমাজনৰ লিংকৰ লগতে boyfriend ক দিব পৰা gift সামগ্ৰীৰ লিষ্ট দিলোঁ।

সামৰণি

আমি আশা কৰোঁ আমাৰ লিখনিয়ে আপোনাক valentine day assamese status বা wishes লিখাত অথবা valentine’s day gift idea ত  কিঞ্চিত হলেও সহায় কৰিছে। আমি valentine day ত আপোনাক প্ৰয়োজন হোৱা প্ৰায় সকলো বিষয়ত লিখিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনাৰ প্ৰয়োজনৰ কিবা ইয়াত নাপালে তেন্তে কমেণ্টত জনাব। আমি দেখা মাত্ৰকে আপোনাৰ বাবে লিখি দিম।

Leave a Reply

Your email address will not be published.