Skip to content

ভোগালী বিহু 2022 ৰ শুভেচ্ছা বাণী || bhogali bihu 2022 wishes in assamese||

Bhogali bihu 2022 and wishes in Assamese feature image

যদি আপুনি ভোগালী বিহুৰ শুভেচ্ছা বাণী (bhogali bihu 2022 wishes)বা মাঘ বিহুৰ শুভেচ্ছা বাণী(happy magh bihu 2022 wishes) অথবা happy bhogali bihu 2022 image বিচাৰি আছে বা মাঘ বিহুৰ বিষয়ে দুআষাৰ পঢ়োঁ বুলি ভাবি ইয়ালৈ আহিছে তেন্তে আপুনি ইয়াতেই গোটেই বোৰ পাব।

মাঘ বিহু(magh bihu) বা ভোগালী বিহু (bhogali bihu)হৈছে অসমত পালন কৰা প্ৰধান উৎসৱ সমূহৰ এটা। ই কৃষিভিত্তিক উৎসৱ। আমাৰ অসমৰ প্ৰধান খেতি হৈছে ধান খেতি।ৰঙালী বিহু শেষ হোৱাৰ পিছত কৃষক সকল নিজৰ কৰ্মত ব্যস্ত হয় অৰ্থাৎ খেতিৰ কামত নিয়োজিত হয়। তিনি/চাৰি মাহ ধৰি পথাৰত কষ্ট কৰি ধান খেতিৰ প্ৰথম চৰণ শেষ কৰে।

শেষ কৰি উঠি ধান যেতিয়া পুৰঠ হবলৈ আৰম্ভ কৰে তেতিয়া পালন কৰা হয় কাতি বিহু। তাৰ পিছত কাতি মাহৰ অন্তিম সপ্তাহ নাইবা আঘোণ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হয় ধান খেতিৰ শস্য চপোৱা পৰ্ব। প্ৰায় ডেৰ/দুই মাহ মান সময় চপোৱা কামত লাগে। এইখিনি সমাপ্ত হলে বছৰটোৰ বাবে কৃষিৰ কৰ্ম সম্পূৰ্ণ হয় আৰু সেইবাবে পুহ মাহৰ ২৮ তাৰিখৰ নিশাৰ পৰা ভোগালী ৰ উৎসৱ আৰম্ভ হয়।

নপঢ়াকৈ নাথাকিব- পঢ়ক আৰু নিজৰ পছন্দৰ ৰঙালী বিহুৰ শুভেচ্ছা বাণী 2022, বহাগ বিহুৰ শুভেচ্ছা বাণী 2022 (rongali bihu wishes in assamese) বা rongali bihu status in Assamese প্ৰিয়জনক পঠিয়াওক।

ভোগালী নাম আহিছে ‘ভোগ কৰা’ ৰ পৰা, অৰ্থাৎ খোৱা। এইকেইদিন আমাৰ কৃষক সকলৰ ঘৰত খোৱা বস্তুৰ কোনো অভাৱ নাথাকে; বতৰো ফৰকাল হয়, নদী, বিল, পুখুৰীত পানী শুকায়, মাছ ধৰিবলৈ ইয়াতকৈ উত্তম সময় পোৱা নাযায়। সকলো ফালৰ পৰা এইখিনি সময়ত এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

উৎসৱটো ভোজ আৰু মেজিৰ জুইৰ দ্বাৰা চিহ্নিত কৰা হয়। যুৱক-যুৱতীসকলে বাঁহ, পাত আৰু পথাৰৰ পৰা অনা নৰাৰে সজা মেজি আৰু ভেলাঘাৰ নামেৰে জনাজাত অস্থায়ী কুটিৰ নিৰ্মাণ কৰে আৰু ভেলাঘাৰত তেওঁলোকে ভোজৰ বাবে প্ৰস্তুত কৰা খাদ্য খায়, আৰু তাৰ পিছত পিছদিনা ৰাতিপুৱা ভেলাঘৰ আৰু মেজি জ্বলাই দিয়ে।

এই উৎসৱত পৰম্পৰাগত অসমিয়া খেল যেনে টেকেলি ভঙ্গা (পাত্ৰ ভঙা) আৰু ম’হৰ যুঁজও প্ৰদৰ্শন কৰা হয়। মাঘ বিহু উদযাপন “পুহ” মাহৰ অন্তিম দিনা হয়, মাহ, সাধাৰণতে পুহৰ 29 তাৰিখ 14 জানুৱাৰী, পৰে। আগদিনা ৰাতি “উৰুকা” (পুহৰ 28 তম দিন), যেতিয়া মানুহে বনফায়াৰৰ চাৰিওফালে একত্ৰিত হয়, ৰাতিৰ আহাৰ ৰান্ধে, আৰু আনন্দ কৰে। মাঘ বিহুৰ সময়ত অসমৰ মানুহে বিভিন্ন চাউলৰ পিঠা যেনে চুঙ্গা পিঠা, তিল পিঠা আদি নাৰিকলৰ লাৰু আৰু আন কিছুমান মিঠাই তৈয়াৰ কৰে।

  মাঘ বিহুৰ উৰুকা:

মাঘ বিহুৰ প্ৰথম দিনটোক উৰুকা বা বিহু ৰ প্ৰাকক্ষণ বুলি জনা যায়। উৰুকা শব্দটো মূলতঃ দেউৰী-চুতিয়া শব্দ ‘উৰুকুৱা’ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে “শেষ হোৱা”, যি শস্য চপোৱা ঋতুৰ লগতে পুহ মাহ সমাপ্তি সূচায়।

ভোগালী বিহুৰ উৰুকাৰ সন্ধিয়া

এই দিনটোত মহিলা লোকসকলে চিৰা, পিঠা, লাৰু, দৈ আদি খাদ্য সামগ্ৰীলৈ পৰৱৰ্তী দিনটোৰ বাবে সাজু হয়। ৰাতি ভোজ (সংস্কৃত শব্দ “ভোজন”ৰ পৰা আহৰণ কৰা) নামেৰে জনাজাত এক ভোজৰ আয়োজন কৰা হয়। বিভিন্ন থলুৱা সম্প্ৰদায়ে সাধাৰণতে চুতীয়াৰ চুজি, টাই-আহোমৰ নাম-লাও, বড়োৰ দ্বাৰা জৌ, মিচিং সকলৰ দ্বাৰা আপঙৰ  আদিৰ দৰে চাউলৰ মদ প্ৰস্তুত কৰে।

MUST READ: ১৪০ ত কৈ অধিক চিৰসেউজ ডাকৰ বচন

উৰুকা ভোজ এটা পাৰিবাৰিক বিষয় বা সাম্প্ৰদায়িক হ’ব পাৰে। ভোজৰ পিছত, উৰুকা শেষ হয়। ভেলাঘৰত ডেকা সকলে উৰুকাৰ নিশা ভোজ খায়, স্ফুৰ্তি কৰে। পৰম্পৰা(?) মতে তেওঁলোকে সেইদিনা ওচৰ চুবুৰীয়াৰ ঘৰৰ পৰা গিৰিহঁতে গম নোপোৱাকৈ পাচলি (আলু/কবি আদি) আনি ৰান্ধি খায় আৰু আনন্দ কৰে। ভেলাঘৰটো মুখ্যতঃ নৰাৰে বনোৱা হয়।

মাঘ বিহু বা ভোগালী বিহু ||bhogali bihu or magh bihu||

আমাৰ জাতীয় উৎসৱটিৰ বিষয়ে চমুকৈ দুআষাৰ লিখিলোঁ।

মাঘ বিহুত কি কি কৰা হয়… তাৰ তাৎপৰ্য কি

bhogali bihu 2022 , image -performing meji fire on bhogali bihu morning.
performing meji fire on bhogali bihu

“মেজি জ্বলোৱা” পৰ্ব ৰ দ্বাৰা পুৱাৰ ভাগত বিহুৰ দিনটো আৰম্ভ হয়। মেজি(সাধাৰণতে খৰি বা ধানখেৰ বা নৰা আৰু শুকান কলপাত আদিৰে বনোৱা হয়) জ্বলাই মানুহে তেওঁলোকৰ পৈতৃক দেৱতাসকলক আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা কৰে। মেজি শব্দটো মূলতঃ দেউৰী-চুতিয়া শব্দ মিদি-য়ে-জীৰ পৰা উদ্ভৱ হৈছে য’ত “মিডি”য়ে “পৈতৃক দেৱতা” বুজায়, “ইয়ে” মানে “জুই” আৰু “জী” মানে “উৰি যাওক”, যি জুইৰ সৈতে উৰি যোৱা পৈতৃক আত্মাৰ উপাসনা সূচায়।

সেই দিনা পুৱাই  মানুহে মেজি জ্বলোৱা আগতে গা পা ধুই লয়। মেজি জ্বলাই উঠি বিভিন্ন খাদ্য বস্তু যেনে, চিৰা, বিভিন্ন ধৰণৰ পিঠা-পনা, তিল আৰু নাৰিকলৰ লাড়ু আদি সেৱন কৰাৰ লগতে অভ্যাগত সকলকো আপ্যায়ন কৰা হয়।

ভোগালী বিহুৰ শুভেচ্ছা বাণী ||bhogali bihu 2022 wishes

মাঘ বিহুৰ সাধাৰণ শুভেচ্ছা বাৰ্তা:

আপোনাক তথা পৰিবাৰৰ সকলোলৈকে ভোগালীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

মাঘ বিহুৰ এই আনন্দময় ক্ষণত আপোনাক তথা আপোনাৰ পৰিয়ালবৰ্গলৈ এই জাতীয় উৎসৱৰ হিয়াভৰা শুভেচ্ছা জনাবলৈ পাই আমি আনন্দ আৰু সৌভাগ্যবান অনুভৱ কৰোঁ।

ভোগালী বিহুৰ আনন্দময় সময়খিনিয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক নতুন বতৰা, নতুন আশা! ভোগালীৰ হিয়াভৰা ওলগ যাচিলোঁ।

আপোনাক মাঘ বিহুৰ হিয়াভৰা ওলগ সহিতে বছৰৰ আগন্তুক সময়খিনি যাতে সুকলমে পাৰ হয়, কৃষি কৰ্মৰ ভাল ফল পায় তাৰেই কামনাৰে…..

মেজিৰ জুয়ে যেন সকলো অপায় অমংগল নাশ কৰক, আপোনাৰ জীৱনলৈ যেন আহক উন্নতিৰ নতুন বতৰা। ভোগালীৰ মঙ্গলময় শুভকামনা যাচিলোঁ।

মেজিৰ জুইয়ে দাহ কৰক সকলো অপায়-অমংগল হিংসা, অহংকাৰ,  আদি ভাৱ বোৰ পুৰি চাই কৰি দিয়ে যেন আৰু ভোগালীয়ে সকলোৰে জীৱনলৈ কঢ়িযাই আনক সুখ-সমৃদ্ধি, শান্তি তাকে কামনা কৰিলো। ভোগালীৰ মঙ্গলময় শুভকামনা যাচিলোঁ।

সদৌটিলৈ ভোগালীৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনাক তথা পৰিয়াললৈ আমাৰ বাপতি সাহোন ভোগালী বিহুৰ  অফুৰন্ত শুভেচ্ছা জনালোঁ।

মাটিমাহৰ সোৱাদেৰে,

মিঠা আলুৰ মিঠাৰে,

বৰা চাউলৰ আঠাৰে,

জহা চাউলৰ সুগন্ধীৰে,

পৰিয়ালৰ প্ৰতিজনৰে

জীৱন ভোগালীৰ ৰং-ধেমালীৰে

উপচি পৰক, তাৰেই কামনাৰে…

বন্ধু লৈ ভোগালী বিহুৰ শুভকামনা বাৰ্তা || bhogali bihu 2022 wishes for friend

ভেলাঘৰৰ ভিতৰত বহি কাৰ ঘৰৰ চকী আনি কোনটো গছত ওলোমাব লাগে বা কাৰ ঘৰৰ আলু খেতি তহিলং কৰিব লাগে সেয়া আলোচনা কৰা কথাবোৰ অতীত হ’ল! বৰ্তমানলৈ ঘূৰি আহাঁ আৰু গৃহলক্ষ্মীৰ গালি শুনা!!!  Happy Bhogali bihu! ভোগালীৰ হিয়াভৰা ওলগ যাচিলোঁ।

মৰমৰ বন্ধুলৈ ভোগালীৰ আন্তৰিক শুভকামনা থাকিল। আগন্তুক দিনবোৰে তোমাৰ জীৱনলৈ সফলতাৰ বতৰা কঢ়িয়াই আনক, তাৰেই কামনাৰে…

Must Read: Send wishes, quotes, shayari in Assamese to your true Friend

আজি ৰাতি ভেলাঘৰৰ ভিতৰত

তুমি মই নাচিম “কেচা বাদাম” গানত,

আলু চুৰি কৰি পলাওঁতে 

তুমি নপৰিবা দেই খালত!!

Happy Magh Bihu Dost….

happy bhogali bihu 2022 image

bhogali bihu 2022 wishes (in assamese) image
bhogali bihu 2022 wishes (in assamese) image
bhogali bihu 2022 wishes (in assamese) image

পৰিসমাপ্তি | conclussion

আমি আশা কৰোঁ আপুনি বিচৰা ভোগালী বিহু আৰু ভোগালী বিহুৰ শুভেচ্ছা বাৰ্তা, bhogali bihu 2022 image, আদি সকলো পাইছে। সদৌটিলৈ Assamese Quotes Online ৰ তৰফৰ পৰা ভোগালী বিহু 2022 ৰ হিয়াভৰা শুভকামনা যাছিলোঁ।

Leave a Reply

Your email address will not be published.