Skip to content

Different types of dakor boson for ever || ডাকৰ বচন

ডাকৰ বচন blog banner

অসমীয়া ভাষাত থকা ডাকৰ বচন(dakor boson) বোৰ অসমীয়া জনজীৱনৰ বিভিন্ন দিশৰ লগত সংলগ্ন থকা একপ্ৰকাৰৰ মৌখিক সাহিত্য। এইবোৰ বিশেষকৈ অসমীয়া নীতি বচন। বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰে সৈতে মুখৰোচক আৰু খুহুতিয়া এই ডাকৰ বচন বোৰ আমাৰ কৃষিকৰ্ম, দৈনন্দিন জীৱন প্ৰণালী, ৰাজনীতি, সমাজনীতি, ৰোগনিবাৰণ বা ৰন্ধন আদি সকলো দিশক সামৰি পোৱা যায়, যিবোৰৰ প্ৰাসংগিকতা আজিও নুই কৰিব নোৱাৰি। ডাকৰ বচন খাদ্য, ডাকৰ বচন কৃষি  আদি সকলো দিশৰ কিছুমান ডাকৰ বচন সংগ্ৰহ কৰি ইয়াত লিপিবদ্ধ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ সহাঁৰি পাম।

ইণ্টাৰনেটত ডাকৰ বচন ৰ ওপৰত ৰচনা থকা দেখা যায়, কিন্তু  তাত ডাকৰ বচনৰ সংখ্যা তেনেই কম। সেয়েহে ইয়াত আমি ১৪০টাৰো অধিক কেৱল ডাকৰ বচন(ফকৰা যোজনা নহয়) সংগ্ৰহ কৰিলোঁ।

ইয়াৰ উপৰি ইয়াত নথকা আৰু আপোনাৰ জ্ঞাতত থকা ডাকৰ বচন যদি আছে তেন্তে তলত কমেণ্টত লিখিবলৈ কৰযোৰে অনুৰোধ জনাওঁ। কাৰণ ইণ্টাৰনেটত থকা মানে আমাৰ এনে মৌখিক সাহিত্য চিৰকাললৈ সঞ্চিত হৈ ৰ’ব।

ডাকৰ বচন আচলতে কি?

প্ৰচলিত প্ৰবাদ মতে ডাকপুৰুষ নামৰ এজন সাধাৰণ গঞা এজনে কৰা উক্তি(quote) সমূহক ডাকৰ বচন বুলি কোৱা হয়। আনহাতেদি বহু লোকৰ মতে ডাকপুৰুষ বুলি কোনো ব্যক্তি নাছিল, গঞা জীৱনত বিভিন্ন লোকে সন্মুখীন হোৱা বিভিন্ন ঘাত প্ৰতিঘাত নেওচি, সেইবোৰৰ পৰা শিক্ষা লৈ দিহা পৰামৰ্শৰ বাবে ৰচনা কৰা লোকক্তি বোৰেই হৈছে ডাকৰ বচন

বিভিন্ন প্ৰকাৰৰ ডাকৰ বচন ||different types of dakor boson||

আহক চাওঁ জনজীৱনৰ বিভিন্ন ক্ষেত্ৰত যেনে কৃষি, ৰন্ধন, ৰোগ প্ৰযোজ্য হোৱা ডাকৰ বচন সমূহ-

ডাকৰ বচন: ডাকৰ বচন কৃষি |dakor boson on agriculture|

১.

ডাকে বোলে বাপু শুন উপায়। 

বাণিজ্যৰ বল কৃষিতে পায়।।

২.

গৰু কিনিবা দীঘল নেজা।

মৈত দৌৰিলে নহয় কুঁজা৷৷

৩.

তিনিশ ষাঠিজোপা ৰুবা কল।

মাহেকে পষেকে চিকুণাবা তল।।

পাত পচলা লাভত খাবা।

লংকাৰ বাণিজ্য হাততে পাবা।।

এইটো লিখনি নপঢ়াকৈ নাথাকিব- এক্কেবাৰে নতুন 40+ Motivational Quotes in Assamese

৪.

শস্য ৰাখিবা কৰি যতনে।

সফল কৃষি জানিবা তখনে।।

৫.

ডাকে বোলে দিবা ঘনাই আলি।

ধান নহ’লে নেপাৰিবা গালি।

৬.

নাৰিকলৰ তলত লোণৰ পানী, 

ঘন নাৰিকল কাটিবা আনি।।

এইটো লিখনি নপঢ়াকৈ নাথাকিব- Assamese fokora jujona

৭.

ধান কাটিবা মুঠি মুঠি 

খেৰ কাটিবা তিনি মুঠি।

৮.

ঘনকৈ সৰিয়হ পাতলকৈ মাহ।

মাহৰ তলত চৰে হাঁহ।।

৯.

ভাদত কল কৰি ৰোপণ,

সবংসে মৰিল লঙ্কাৰ ৰাৱণ।

১০.

বাৰিষা কালত বেঙৰ ৰাৱ।

হাল গৰু লৈ পথাৰত যাৱ।।

১১.

তামোলত গোৱৰ, বাহত মাটি।

নফলিলে নাৰিকল শিকৰ কাটি।।

১২.

ৰ’দ বৰষুণ সমানে পায়,

তেতিয়াহে কৃষিৰ লাভক পায়।

১৩.

পশ্চিমে বাঁহ,

পূর্বে বেত।

উত্তৰে তামোল,

দক্ষিণে খেত।।

dakor boson image
ডাকৰ বচন

১৪.

ছাগ পাৰ পোহে হাঁহ,

দুই সীমাত ৰোৱে বাঁহ।

১৫.

কাষত কঁঠাল মধ্যে আম,

তেবেসে জানিবা বাৰীৰ কাম।

১৬.

গৰু ভালে হাল,

নাঙল ভালে ফাল।

১৭.

হৰিণা সদৃশ যাৰ কাণ,

সেই বলধক বিচাৰি আন।

ডাকৰ বচন
ডাকৰ বচন

dakor boson on food and recipes

ডাকৰ বচন খাদ্য ৰ ওপৰতো থকা দেখা যায়। কেইটামান আমি সংগ্ৰহ কৰিছোঁ, চাওঁ আহক। খাদ্যৰ ওপৰত থকা ডাকৰ বচন আপুনি যদি জানে, অনুগ্ৰহ কৰি তলত কমেণ্টত লিখিব।

১৮.

খাৰে উখুৱাই দুসাজ খাবা,

বুঢ়াই থেৰাই দুহালি বাবা।

১৯.

মাছৰ অজীর্ণ হলে পইতা পানী পিবা

মাংসৰ অজীর্ণ হলে দৈ গাখীৰ খাবা।।

২০.

টেঙাৰ চিকুণ ঔ।

বাচনৰ চিকুণ টৌ।।

২১.

ভৰা পেটে ফল,

খালী পেটে জল।।

২২.

ভোকত নেখাবা ঔ,

পিয়াহত নেখাবা মৌ।

২৩.

পুহত আহু জেঠত শালি,

তেতিয়াহে ৰয় গৃহস্থালি।

২৪.

মাংসত মাংস বাঢ়ে ঘিউৰ বাঢ়ে বল,

গাখীৰত চন্দ্ৰ বাঢ়ে শাকত বাঢ়ে মল।

২৫.

অতিথিক অন্ন বুজিয়া দেয়,

সিটো ঘৰে সদা লক্ষ্মী থাকয়।

২৬.

আঘোণত খাবা চৰাই।

পুহত পিঠা মাঘত কৰাই ৷৷

২৭.

ষোল্ল চাহত মূলা,

তাৰ আধাত তুলা,

তাৰ আধাত ধান,

বিনা চাহে পাণ।।

২৮.

যিজনে দিয়ে অন্নৰ সাৰি।

সিজন নাযায় যম নগৰী।।

২৯.

বলখক ভাই নিদিবা দুখ 

তাতেই আছে ভাতৰ সুখ।।

৩০.

পুহৰ পণ্তা মাঘত খায়।

বাঘৰ সমান বল পায়।

৩১.

টেঙা খাই নেখায় পানী,

যমে মানুহে টনা-টনি।

৩২.

মুখৰ চিকুণ গুৱা,

মাছৰ চিকুণ মোৱা।

৩৩.

চিত জেৰোৱা চলি কাতি।

বতা হেঙ্গেৰা খাগৰা মুঠি॥

৩৪.

সোকোতাৰ পাত বেসুয়াৰৰ ঝোল।

তৈলৰ ওপৰে দিয়া তোল॥

৩৫.

কায়ৈ মাছক কচি কুটিয়া।

হালধি মৰিচ হিঙ্গক দিয়া॥

ওলোট পালট কৰিবা পিঠি।

খাই পাইবা তেবে দৄষ্টি॥

( উলট পালট কৰিয়া পিঠ,

খায়া পাবা ভোজন মিষ্ঠ )

ডাকৰ বচন
ডাকৰ বচন

ডাকৰ অসমীয়া নীতি বচন

হোৱাটো ডাকৰ সকলো বচনতেই একোটা নীতিৰ কথা বা পৰামৰ্শ সন্নিৱিষ্ট থাকে তথাপিও এইবোৰক কিছুমান শ্ৰেণীত ভাগ কৰা হয় ইহঁতৰ বিস্তাৰ দেখি।

ইয়াত আমি ডাকৰ সাধাৰণ জনজীৱনত মানিবলগীয়া কেইটামান দিহা-পৰামৰ্শ/নীতি বচন লিপিবদ্ধ কৰিলোঁ।

যদি আপুনি অধিক এনে বচন জানে তেন্তে অনুগ্ৰহ কৰি কমেণ্টত লিখিব। কাৰণ আমাৰ এনে আপুৰুগীয়া সাহিত্যৰাজী ডিজিটেল সংস্কৰণ আৰু ইণ্টাৰনেটত সহজে  উপলব্ধ থাকিলেহে অনাদি কাললৈ থাকি যাব আৰু সকলো লোকে থাউকতে বিচাৰি পাব।

৩৬.

সৰু সৰুকৈ বান্ধিবা ঘৰ।

এটা নালাগে দহোটা কৰ।।

৩৭.

পূবা-পশ্চিমাকৈ সাজিবা ঘৰ।

অকাল মৃত্যুৰ নাহিকে ডৰ।।

৩৮.

পূবে হাঁহ পশ্চিমে বাঁহ।

উত্তৰে গুৱা দক্ষিণে ধুবা।।

৩৯.

আহিন কাতিত ৰাখিবা পানীক।

যেনেকৈ ৰাখে ৰজাই ৰাণীক।।

৪০.

শাকে শোকোটাই ভক্ষণ।

সি সু পুৰুষৰ লক্ষণ।।

৪১.

চক্ষু গৰু যাৰ গজ কপাল।

দুখেৰে যায় তাৰ সৰ্বতি কাল।।

৪২.

সোণৰ আনিবা গুটি গুটি।

তামৰ আনিবা পাত৷৷

পানীৰ আনিবা চলচলি।

হাতীৰ আনিবা দাত।।

৪৩.

শুন শুন শুন লাখুটিডালৰ গুণ।

পালা সাপ পেলালা মাৰি,

নাই পীৰা বহিলা পাৰি।

নাই ব’ঠা হ’বলৈ পাৰ,

নাই কান্ধমাৰি বান্ধিবা ভাৰ।।

হাতৰ সখা পানীৰ জোখ।

সকলো ঠাইতে খোপনি পোত।।

বাটৰ কুকুৰে নেপায় লাই।

লাখুটি তোমাৰ লগৰ ভাই।।

৪৪.

যদিহে আৰ্জিব নোৱাৰ ধন

গৃহবাসে সুখে নিদিবা মন।

ধনহে ধৰ্মৰ ফল।

ধন নহলে জীৱন নিষ্ফল।

৪৫.

বুঢ়া বুঢ়ীৰ কথা কোনেও নকৰে কাণ।

ডেকা গাভৰুৰ কথা গাখীৰে ওৰে সান।

৪৬.

পুহমহীয়া কল মাঘমহীয়া জল।

ইয়াক খালে হয় সাত ভতৰাৰ বল।।

৪৭.

দিয়া লোৱা নকৰি বিত।

আপোনজনৰ সাধিবা হিত।।

৪৮.

তিৰোতাৰ কপালে ধন।

পুৰুষৰ কপালে জন।।

৪৯.

যি বোৱাৰীৰ ঘৰত মন।

চোতাল সাৰোতে উভালে বন।।

৫০.

ছাতি জাপি লাঠি  এই তিনিও বাটৰ সাথী।

৫১.

এক ভদীয়াই লাৰে চাৰে

দুই ভদীয়াই তুলি ধৰে,

তিনি ভদীয়া যাৰ,

সোণৰ নাঙল তাৰ।।

৫২.

উত্তৰত ৰাখিব৷ চৰু।

দক্ষিণত ৰাখিবা গৰু।

৫৩.

অলপ আর্জন বিস্তৰ ভোজন,

সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ।।

৫৪.

লাভে মূলে যি খায়,

সেই কাৰবাৰ ৰসাতলে যায়।

৫৫.

মাটিৰ কিনিবা চিতা বান্ধনী।

গৰুৰ কিনিবা গাই।

ছোৱালী আনিবা এলাই জাবৰি

ঘৰখন ৰাখিব তাই।।

৫৬.

মাটি কিনিবা মাজ খাল,

ছোৱালী আনিবা জাত ভাল।

dakor boson
ডাকৰ বচন

৫৭.

ভাল ফলৰ এফাল থাবা,

সজ্জনৰ লগত এখোজ যাবা।

৫৮.

পূবে গধূলি পশ্চিমে ঊষা,

উত্তৰে মধ্যাহ্ণ দক্ষিণে নিশা।

৫৯.

কেতিয়াবা যদি হয়ো নিদান

তেওঁ নিদিবা পশ্চিমে শিতান।।

৬০.

সৰুকৈ কাটিবা ঘনকৈ খাবা

তেহে তামোলৰ সোৱাদ পাবা।।

৬১.

শাহুৱে গৰকা বোৱাৰী বাবা

চপৰাণি মাটি ধাৰে মৈয়াবা।

৬২.  

খুজি আনি কৰিবা দান

তেহে পাবা বৈকুণ্ঠত স্থান।

স্বাস্থ্য বা ৰোগ নিৰাময় ৰ ক্ষেত্ৰত ডাকৰ কি বচন চাওঁ আহক ||dakor boson on health

৬৩.

ফাগুনত তেল চ’তত বেল।

তাৰ ঘৰত বৈদ্যৰ নাহিকে মেল ৷৷

৬৪.

ভাদত ওল আহিনত কল।

কাতিত কচুই বাঢ়য় বল।।

৬৫.

ভাত খাই খাবা তিনি শিলিখা।

কি কৰিব তাক ৰোগ তিলিকা।।

৬৬.

ঘৃত গুড় তেঁতেলী লৱণ সমান।

অৰুচি নাশ কৰে ভাল কৰি জান!।

৬৭.

ওজাৰ নাকত খৰে খায়,

ওজাই বেজৰ কাষলৈ যায়।

৬৮.

ভাদত ওল আহিনত কল,

কাতিত কচুৱে বঢ়ায় বল।।

৬৯.

ঘৰৰ চাৰি কোনে বৰণৰ খুঁটি।

ৰোগ ব্যাধি থাকিব টুটি ৷৷

৭০.

তিলক দিয়া নিমৰ ছাল,

ছাগ দুগ্ধৰে বটিবা ভাল।

নিশা ভাগে তাক নিয়ৰে থ’বা

প্রভাত সময়ে মাথাত ল’বা।

৭১.

ক’লা তুলসী বেলপাত,

মুঠা সমে আনি খুন্দি পটাত,

তপত কৰিয়া জলনি খাইব।

তেবেসে নাৰীৰ দুধক পাইব।

৭২.

পূবক শিৰে শিশুক ওবায়,

সুতিকা ৰাখিব অগ্নি জ্বলায়।

৭৩.

এক কাঠে লাৰি-চাৰি,

দু কাঠে ফু মাৰি

তিনি কাঠে কৰি এক

যেনে লাগে তেনে সেক।

7৪.

দীঘলকৈ মাৰিবাঁ ফু, তেতিয়াহে পাবা জুইৰ ভূ।

প্ৰবাদ মতে ৬৯ আৰু ৭০ বচনখিনি হেনো ডাকে জন্ম পিছ কোৱা বচন। প্রসূতি ওচৰত জুই জ্বলাবলে চিন্তা কৰি থাকোতে কৈছিল।

অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত ডাকৰ বচন:

৭৯.

যি ৰাজ্যত ৰাজা প্ৰজাক পালে। 

তেহিতে বসতি কৰিব ভালে।।

৮০.

সু-পুত্ৰ হ’লে কি কৰিব ঋণে।

কু-পুত্ৰ হ’লে কি কৰিব ধনে।।

৮১.

নানা দেশ ফুৰে যি নানা কথা শিকে সি ।।

৮২.

তিৰি মিৰি ভাটৌ কোৱা,

এই চাৰি জাতিৰ আসৈ নোপোৱা।।

৮৩.

টোপনি নাই ৰোগীৰ।

টোপনি নাই যোগীৰ।।

টোপনি নাই নিৰ্ধনীৰ।

টোপনি নাই অতি ধনীৰ।।

৮৪.

আই আছে যদি যাই যা।

আই নাই যদি চাই যা।

৮৫.

হাতৰ নিব কাণৰ নিব,

দহো আঙুলি কোনে নিব।।

৮৬.

হুৰ মূৰ যাত্ৰা যাৰ,

সৰ্ব সিদ্ধি তাৰ।

৮৭.

হস্তীৰো পিছলে পাৱ

সজ্জনৰো বুঝে নাও

৮৮.

পাতল ওঁঠ কুটুকুৰা কেশ, 

সেইজনী তিৰোতাৰ ৰণচণ্ডী বেশ।

৮৯.

গাই বর্জিত নোলোৱা বাঁহা

তিৰিৰ বৰ্জিত ঘনাই হহাঁ,

আসনৰ বৰ্তিত তিনি খুৰা।

মিত্ৰৰ বৰ্জিত যি দিয়ে সুৰা।।

৯০.

কাটক নাকাটক লো,

পোহক নোপোহক পো।

৯১.

সোণাৰীয়ে সোণ চিনে বৰাই চিনে কচু,

কথা চহকীয়ে কথা চিনে হাঁহে চিনে কেঁচু।

৯২.

ম’হৰ ঘুলিৰ জল

সোণৰ পাত্ৰত থ’লেও নহয় নির্মল।

৯৩.

সত্য সুন্দৰ পৰম ব্ৰহ্ম 

সত্য স্রষ্টা শুদ্ধ ধর্ম।

৯৪.

সম্ভব সঙ্গত সুবাসনা

দুষ্টৰ সঙ্গত দুৰ্বাসনা।

৯৫.

শাক শুকলতি যি দিনত আছে।

সি ঘৰত জানিবা লখিমী আছে।।

৯৬.

পণ্ডিতে শিকে দেখি।

মূর্খই শিকে ঠেকি।।

৯৭.

ধ্যান মূলং গুৰু মূর্তি

পূজা মূলং গুৰু পদ

মন্ত্ৰ মূলং গুৰু বাক্য

মোক্ষ মূলং গুৰু কৃপা।

৯৮.

খেৰৰ জুই পুৱাবলৈ ভাল,

অগা পিছা কৰোতে টিকাৰ যায় ছাল।

৯৯.

খাই ল যাই ল নৌ শহুৰী খাটোতে,

শুই ল শুই ল নৌ ল’ৰা পাওঁতে।

১০০.

খেনো মৰে হাড়ে ছালে,

খেনো মৰে মঙহৰ ভাৰে।

১০১.

কুকুৰ বুঢ়া হ’লে ফাপৰে ধৰে,

মানুহ বুঢ়া হ’লৈ পৰকিটি লৰে।।

১০২.

কাতি মহীয়া পিতে

পুহ মহীয়া শীতে

জেঠ মহীয়া খৰে

এনেয়ে মানুহ মৰে।

১০৩.

কথা জানিলে ল’ৰাও ভাল।

কথা নেজানিলে বুঢ়াও কাল।

১০৪

কণা কুঁজা লেঙুৰ ভেঙুৰ,

এই তিনি হাৰামৰ নেগুৰ

১০৫

কচু হ’লে খজুৱায়,

ল’ৰা হ’লে নচুৱায়,

ছোৱালী হ’লে পাচে,

খুৰ হ’লে চাঁচে।

১০৬

উদঙিয়া গৰুৰ বাটে বাটে ঘাঁহ।

১০৭

উদ্যোগী পুৰুষ সিংহৰ সমান, 

এলেহুৱাই হ’ল কাপুৰুষৰ নিচান.

১০৮

পাগলে নবকে কি,

ছাগলে নেখায় কি

১০৯.

পঢ়ে পঢ়োৱাই বোৱে পাণ

এই তিনিয়ে নিচিন্তে আন

১১০.

পৰৰ পালে জ্বৰৰ গাৰে যায়।

নিজৰ হ’লে হাততে লুকায়।

dakor boson
ডাকৰ বচন

১১১

নাই পো মুখে,

নাই পো গোঁফে,

নাই পো লনি,

নাই পো ধনী।

১১২

নাই বুলিলেও নেৰে,

কুঁহিয়াৰ পেৰাদি পেৰে।

১১৩

নদী নাৰী শৃঙ্গ ধাৰী,

এই তিনিক বিশ্বাস নকৰি।

১১৪

দিনৰ পৰ্বত ৰাতিৰ জুই।

তাক নেদেখি থাকিবা শুই।

১১৫

সোণাৰ তুলা কন্যা দান,

ডাকে বোলে তাৰ স্বৰ্গত স্থান।

১১৬

গয়া গঙ্গাত যদি স্নান কৰে।

সকলো পাপেই তেতিয়া হৰে।

১১৭

কাণত কচু নাভিত তেল।

তাৰ ঘৰত কি বেজৰ মেল৷৷

১১৮

ভাল মানুহৰ বান্দীকো আনিবা,

বেয়া মানুহৰ গিৰিহঁতনীকো নানিবা ৷৷

১১৯

ফুটা লোটা চুৰুণী গাই,

চোৰ চুবুৰীয়া দুষ্ট ভাই,

মূর্খ পুত্ৰ ভাৰ্য্যা দুষ্ট,

এই ছটাত বৰ কষ্ট।

১২০

দাঁত সৰু পাতল ওঠ।

তাইৰ কি দেখিবা দন্দৰ ছোট।

১২১

যতনে স্বামীৰ গুচায় ৰোষ,

ডাকে বোলে তাইক আনি সন্তোষ।

১২২

লগ্নৰ লগত থাকয় গুৰু

ৰাজ্যৰ সভাত নহয় সৰু।

১২৩

চন্দ্ৰ বৃহস্পতি একেই ৰাশিত

লক্ষ্মী সৰস্বতী তাহাতে স্থিত।

গুৰু বৃহস্পতি লগ্নত স্থিতি,

জ্ঞানবন্ত শুদ্ধ কর্মত মতি।

১২৪

সোম বুধ শুক্র বুধে বাস,

লঙ্কা জিনি আহে ৰাম।

১২৫

হাঁচি উজুটি জেঠী ছালে।

মিছা নেমাতে সর্ব কালে।

সৰ্পৰ ভাল যদি দক্ষিণে যায়।

সকলো কার্যত লাভকে পায়।

১২৬

গম্ভীৰ গতি গম্ভীৰ মাত,

উন্নত আঙুলি দীঘল হাত।

হিয়াৰ মাজত যাহাৰ খাল

সিটো পুৰুষৰ লক্ষণ ভাল।

১২৭

দেৱ পিতৃ সেৱে আৰু অতিথি,

সেই ঘৰে কৰে লক্ষ্মী বসতি।

১২৮

যি দ্রব্য আহি ঘৰে মিলিব,

তাৰে এক গুণ সাঞ্চি ৰাখিব।

১২৯

তুলা কৰ্কট মেষ মকৰ।

এই চাৰি ৰাশি গ্ৰহৰ সাগৰ।।

১৩০

টকা পইচা বাহুৰ বল।

পুত্র কন্যা কৰ্মৰ ফল।।

১৩১

ধৰণী কম্পে পাৱৰ ঘাৱে,

সিজনী জানিবা স্বামীক খাৱে।।

১৩২

ওলায় দেখিবা যাক।

শত্রু নেভাবিবা তাক।

১৩৩

ঈশ্বৰে কৰিলে লীলা,

মানুহে কৰিলে কিলা।

১৩৪

কথাৰ সুৰত কঠীয়া, সৰিয়হৰ মূৰত তেল

যাৰ ঘৰত ছোৱালী আছে তাৰ ঘৰত মেল।

১৩৫

ঘৰত মিল নই ইটিৰ সিটিৰ,

সি কি পাতিব আনত মিতিৰ।

১৩৬

চোৰে নেৰে চোৰ পৰকিতি,

কুকুৰে নেৰে ছাই,

যাৰ যি পৰকিতি মৰিলে লগত যায়।

১৩৭

যিটো প্রভাতে নিদ্রা যায়,

বাহী শয্যাত সূৰ্য্যে পায়।

১৩৮

কাজী চাবা আগত,

ছোৱালী চাবা মাঘত।

১৩৯

টিক্ বলধা ওলাই মাটি, 

মাক ভালে জীয়েক জাতি।

১৪০

হৰিধ্বনি কৰি নাভি কাটিবা,

দৃঢ় মুষ্টি কৰি গাঁঠি বান্ধিবা।

১৪১

বৃক্ষ ৰোপণত অধিক ধৰ্ম,

মঠ মণ্ডপৰ গুৰুতৰ কর্ম।

১৪২

যজ্ঞ অৱসানে নাই দক্ষিণা,

বোলন্ত ডাকে পাঞ্চা বিড়ম্বনা।

১৪৩.

পূর্বতে উঠিলে কাঁড়,

ডোঙা ডোবা একাকাৰ।

১৪৪

হাতি পিপলি লোণ বাবৰি,

মৰ্চি হৰিতকী সমভাগ কৰি,

মধু সহিতে কৰ অঞ্জন তেবে দৃষ্টি যায় যোন।

১৪৫

অন্ন জল জানা অধিক দান,

তাতকৈ নাহি শ্রেষ্ঠ যে আন।

১৪৬

আগে দিবা দক্ষিণ পাও।

যৈকে লাগে তৈকে যাও।

সামৰণি

আমি সম্পূৰ্ণ আশাবাদী যে আমাৰ এই সংগ্ৰহৰ দ্বাৰা কিঞ্চিত হলেও আপুনি লাভৱান হৈছে। পুনৰ এবাৰ আপোনাক অৱগত কৰোঁ যে, এই ১৪০/১৪৫ টা যিকেইটা ইয়াত সংগ্ৰহ আৰু লিপিবদ্ধ কৰিলোঁ সেইকেইটাই সম্পূৰ্ণ ডাকৰ বচন নহয়। আৰু বহু আছে। আপুনি জনা ডাকৰ বচন যদি আছে তেন্তে ইয়াত কমেণ্টত লিখি দিয়ে যেন।

Leave a Reply

Your email address will not be published.