Skip to content

Holi wishes in Assamese

holi wishes in assamese

অসমীয়াত হোলী বা ফাকুৱাৰ শুভকামনা বাৰ্তা (holi wishes in assamese) বিচাৰি আছে যদি এয়াই হৈছে আপোনাৰ গান্তব্য স্থান। ইয়াত আমি আপোনাৰ বাবে লিখি উলিয়াইছোঁ ফাকুৱাৰ শুভকামনা বাৰ্তা, holi status অসমীয়াত। তেন্তে পলম নকৰাকৈ পঢ়ি লওক ।

হোলী কেতিয়া | When is Holi in Assam

এই বছৰ (2022) হোলী উৎসৱ হৈছে 18 মাৰ্চ(পূৰ্ণিমা, চ’ত ৩ ১৪২৮) 2022 ৰ দিনা। অসমত দুদিন এই উৎসৱ পালন কৰা হয়। হিন্দু পাঞ্চাঙৰ মতে, ফাল্গুন মাহৰ পূৰ্ণিমা তাৰিখত, হোলিকা দহনৰ পিছদিনা, ৰঙীন হোলী পালন কৰা হয়।

হোলী উৎসৱ কেনেকৈ পালন কৰা হয় | How the Holi festival is celebrated in Assam

ভগৱান শ্ৰীকৃষ্ণক সেৱা প্ৰাৰ্থনা কৰি হোলীৰ দিনটোত, মানুহে আবিৰ-গুলাল আদি ঘঁহি ইজনে সিজনক শুভেচ্ছা জনায়। বিশ্বাস কৰা হয় যে প্ৰাচীন কালত আজিৰ দিনটোত মানুহে ইজনে সিজনক ধূলি বা মুলতানি মাটি ঘঁহিছিল, সেয়েহে ইয়াক ধুলেণ্ডী বুলিও কোৱা হয়।

হোলী বা ফাকুৱাৰ বুৰঞ্জী আৰু লোক কথা:

মুখ্যতঃ হোলী উৎসৱ ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত। শ্ৰীকৃষ্ণই ফাগুন মাহৰ এই পূৰ্ণিমাৰ দিনাই ৰঙৰ উৎসৱ পালন কৰিছিল আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে সমগ্ৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো হোলী এটা পৱিত্ৰ আনন্দ স্ফুৰ্তি ৰ উৎসৱ হিচাবে পালন কৰা হয়।

আন এটা প্ৰবাদ মতে হিৰণ্যকশিপু নামৰ অহংকাৰী ৰজা(ভক্ত প্ৰহ্লাদৰ পিতৃ) জনে নিজ পুত্ৰ প্ৰহ্লাদক বধিবলৈ জ্বলি থকা হোমৰ জুইত পুত্ৰী হোলিকাক ৰাখি (তাই বৰদান পাইছিল যে জুয়ে তাইক নোপোৰে) তাইৰ কোচত প্ৰহ্লাদক বহিব দিছিল। কিন্তু প্ৰহ্লাদ জীয়াই থাকিল অথচ বৰদান পোৱা হোলিকাৰ মৃত্যু হয়। এই দিনটো হোলিকা দাহণ হিচাবে আজিও পালন কৰা হয় আৰু পিছ দিনা ফাগু পূৰ্ণিমা ত হোলী খেলি ৰং ৰহইচ কৰা হয়।

অসমৰ বৰপেটা সত্ৰৰ হোলী উৎসৱ ভাৰতৰ ভিতৰতেই অন্যতম।

Holi wishes in Assamese | assamese holi status

আপোনাক তথা পৰিবাৰ বৰ্গ লৈ ফাকুৱাৰ আন্তৰিক শুভকামনা জনালোঁ।

হোলীৰ ৰং বোৰে যেন আমাৰ সমাজৰ অসূয়া অপ্ৰীতি ক্লেশ আদি নাশ কৰক, নিজৰ মাজত থকা শত্ৰুতাৰ সলনি বন্ধুত্ব সুলভ পৰিৱেশ গঢ়ি তোলক। আপোনাক তথা পৰিয়ালবৰ্গ লৈ হোলীৰ মঙ্গলময় শুভকামনা জনালোঁ।

আহাঁ আজি আমাৰ মাজৰ শত্ৰুতা পাহৰি যাওঁ! বহু হোলী শুষ্ক হৈ পাৰ হ’ল, এইবাৰ হোলীত ইজনে সিজনক ৰঙেৰে জীপাল কৰি পেলাওঁ!

হোলীৰ মঙ্গলময় শুভকামনা যাচিলোঁ।
Holi wishes in Assamese
holi wishes/status in assamese

ৰঙা নীলা হালধীয়া

আৰু সেউজীয়া

সৰ্ব ৰং মিলাই খেলিবা ফাকু

কৰি মন মতলীয়া!!

হোলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ!!
holi wishes in assamese
holi wishes/status in assamese

আবিৰৰ ৰং আৰু বোকা পানী,

হোলী খেলিবা হৈ সাৱধানী!!

হোলীৰ হিয়াভৰা শুভকামনা যাচিলোঁ।
holi wishes in assamese
holi wishes/status in assamese

ৰাধাৰ ৰং আৰু কানাইৰ ফীচকাৰী,

প্ৰেমৰ ৰঙেৰে খেলা ফাকু পৃথিৱী ভৰি;

ৰংবোৰে নাজানে কোনো জাতি বা ভাষা,

আহি গ’ল ৰঙৰ উৎসৱ লৈ বহু আশা,

জনালোঁ তোমাক হোলীৰ শুভেচ্ছা।

holi wishes/status in assamese

নপঢ়াকৈ নাথাকিব- 300 ৰো অধিক ফকৰা যোজনা

সামৰণি

আশা কৰোঁ আপুনি বিচৰা ফাকুৱাৰ বা হোলীৰ শুভকামনা বাৰ্তা (holiday wishes in assamese) বা holi status in assamese, assamese holi images download আদি আমাৰ লিখনিত বিচাৰি পাইছে। শেষত আমাৰ তৰফৰ পৰাও আপোনালৈ ফাকুৱাৰ অলেখ শুভেচ্ছা জনালোঁ।

Leave a Reply

Your email address will not be published.