Skip to content

New year wishes in assamese, Assamese quotes ||নৱবৰ্ষৰ শুভকামনা বাৰ্তা||

happy new year wishes in Assamese feature image

নৱবৰ্ষৰ শুভকামনা বাৰ্তা (New year wishes in assamese), আৰু নৱবৰ্ষৰ শুভেচ্ছা উক্তি (happy new year quotes in Assamese) বোৰে আপোনাক আপোনাৰ নৱবৰ্ষৰ আকাংক্ষাবোৰ আৰু নৱবৰ্ষৰ সংকল্প (new year 2022 resolution in assamese) বোৰ সোঁৱৰাই দিয়ে।

ইয়াত আমি বিভিন্ন ধৰণৰ new year wishes, messages and quotes আপোনাৰ বাবে সংগ্ৰহ কৰিছোঁ। যেনে: new year greetings messages,  Assamese Happy new year wishes for friends, happy new year wishes for boyfriends and girlfriend in assamese, assamese happy new year wishes for family members, brother, sister, father, mother, happy new year inspirational quotes in Assamese, assamese happy new year shayari, Assamese happy new year images আদি। আশা কৰোঁ তলত আপুনি বিচাৰি থকা নৱবৰ্ষৰ শুভকামনা বাৰ্তা পাব। যদিহে আপুনি happy new year wishes in English বিচাৰি আছিল বা ইংৰাজী লিখনি পঢ়িব বিচাৰে তেন্তে ইয়ালৈ যাব পাৰে। For new year wishes in Hindi visit here

Classic new year wishes in Assamese||কালজয়ী নৱবৰ্ষৰ শুভকামনা বাৰ্তা||

আগন্তুক নৱবৰ্ষই যেন আপোনাৰ জীৱনলৈ নতুন বতৰা আনক, আশাবোৰ পূৰণ হওক। নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ।

নৱবৰ্ষৰ নতুন পোহৰবোৰ যেন আপোনাৰ জীৱনৰ মনোবাঞ্চা পূৰ্ণ হোৱাৰ কিৰণ হওক, জীৱন আনন্দময় হওক! Happy New Year 2022!

নপঢ়াকৈ নাথাকিববহাগ বিহুৰ (2022)শুভেচ্ছা বাৰ্তা| Bohag Bihu/Rongali Bihu quotes, wishes, whatsApp status

আজি নৱবৰ্ষৰ এই নৱ সময়ত আপোনাৰ প্ৰগতি, উন্নতি তথা সফলতাৰ কামনা কৰোঁ! নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ।

ৰাতিবোৰ আন্ধাৰ, কিন্তু দিনবোৰ আলোকময় হয়; কিন্তু আপোনাৰ জীৱন সদায় উজ্জ্বল হওক তাৰেই কামনাৰে – নৱবৰ্ষৰ আন্তৰিক শুভকামনা।

বিগত বৰ্ষৰ তিতা-মিঠা স্মৃতিবোৰক সম্পত্তি হিচাপে লৈ নতুন বছৰটোৰ বুনীয়াদ গঢ়ো আহক! সদৌটিলৈ নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ!

এইটো লিখনি নপঢ়াকৈ নাথাকিব- এক্কেবাৰে নতুন Motivational Quotes in Assamese

আগন্তুক নৱবৰ্ষই তোমাৰ জীৱনলৈ অনাবিল আনন্দ, প্ৰগতি, উন্নতি আৰু সফলতা কঢ়িয়াই আনক, তাৰেই কামনাৰে… নৱবৰ্ষৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

এই নৱবৰ্ষটি, মই কামনা কৰোঁ যে আপোনাৰ এক সুন্দৰ জানুৱাৰী, এক চমকপ্ৰদ ফেব্ৰুৱাৰী, এক শান্তিপূৰ্ণ মাৰ্চ, এক উদ্বেগ-মুক্ত এপ্ৰিল, এক ৰোমাঞ্চকৰ মে, আৰু আনন্দ যি জুনৰ পৰা নৱেম্বৰলৈ চলি থাকক, আৰু তাৰ পিছত এক উৎসাহজনক ডিচেম্বৰ হওক। Happy New Year 2022 !

আপুনি আপোনাৰ দিশ সলনি কৰিব পাৰে, তাৰিখ নহয়, আপোনাৰ প্ৰতিশ্ৰুতি সলনি কৰিব পাৰে, কেলেণ্ডাৰ নহয়, আপোনাৰ মনোভাৱ সলনি কৰিব পাৰে, কাৰ্য্যবোৰ নহয়, আৰু আপোনাৰ বিশ্বাস, আপোনাৰ শক্তি, আৰু আপোনাৰ মনোযোগৰ পৰিৱৰ্তন আনিব পাৰে, কৰ্মফল নহয়। এই নৱবৰ্ষত, আপুনি কৰা প্ৰতিশ্ৰুতিবোৰ, সংকল্প বোৰ আৰু আশা বোৰ পূৰ্ণ হওক যাতে আপোনাৰ লগতে পৰিয়ালৰ সকলোৱে এটি আনন্দময় বৰ্ষ পাৰ কৰে! নৱবৰ্ষৰ হিয়াভৰা শুভকামনা!

নতুন বছৰটোৱে আপোনাৰ জীৱনত নতুন সুখ, নতুন লক্ষ্য, নতুন সাফল্য আৰু বহুতো নতুন অনুপ্ৰেৰণা আনক। এই বছৰ সম্পূৰ্ণৰূপে সুখেৰে ভৰপূৰ হওক, তাৰেই কামনাৰে…। Happy new year 2022!!

নতুন বছৰৰ প্ৰতিটো দিন আপোনাৰ বাবে সফলতা, সুখ আৰু সমৃদ্ধিৰে ভৰি থকাৰ কামনা কৰোঁ। শুভ নৱবৰ্ষ।

আপোনাৰ বাবে লিখা 50 ৰ অধিক বন্ধুত্বৰ উক্তি (friendship quote and wishes) থকা লিখনি ইয়াত পঢ়ক।

নতুন বছৰটোৰ প্ৰতিটো পলে যেন আপোনাৰ জীৱনৰ পথক এক ইতিবাচক গন্তব্যস্থানলৈ পথ প্ৰদৰ্শন কৰি নিয়ক! Happy New Year 2022 !!

New year Wishes for Family member

নৱবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ শুভেচ্ছাবোৰ হ’ল হৃদয়ৰ পৰা অহা শুভেচ্ছা। আপোনাৰ আটাইতকৈ বেয়া সময়ত আপোনাৰ সৈতে থকা সকলো হৈছে এক প্ৰকাৰৰ পৰিয়ালৰ সদস্যই হয়। আমি ইয়াত তেনে লোক সকলক পঠিয়াব পৰা এই বিশেষ নৱবৰ্ষ শুভেচ্ছা বাৰ্তা প্ৰস্তুত কৰিছোঁ।

New year wishes in Assamese for brother and sister

নতুন বছৰ এটা খালী কিতাপৰ দৰে, আৰু কলমটো তোমাৰ হাতত আছে। এতিয়া তোমাৰ নিজৰ বাবে এটা সুন্দৰ কাহিনী লিখাৰ সুযোগ মোৰ ভাই/ভন্টী। শুভ নৱবৰ্ষ।

সফলতাৰ পথত, নিয়মটো হৈছে সদায় আগলৈ চোৱা। এই নতুন বৰ্ষত যেন তোমাৰ গন্তব্যস্থানত উপনীত হোৱা লগতে তোমাৰ  সফলতাৰ এই যাত্ৰাটি ৰোমাঞ্চকৰ হওঁক। নৱবৰ্ষৰ শুভকামনা।

ঠিক যি মুহূৰ্তত তুমি কামটো এৰি দিব বিচাৰা, বিজয় সদায়ে সেই সময়খিনিৰ আশে পাশে থাকে। নতুন বছৰলৈ যোৱাৰ পথত  এয়া স্মৰণীয় কথা। Happy new year Brother/Sister!!

আমি কিতাপখন খুলিম। ইয়াৰ পৃষ্ঠাবোৰ খালী। আমি নিজেই ইয়াত শব্দবোৰ ভৰাব গৈ আছো। কিতাপ টো হৈছে ‘সুযোগ’, আৰু ইয়াৰ প্ৰথম অধ্যায় হৈছে নৱবৰ্ষৰ দিন। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ!

New year wishes in assamese for other family members

নৱবৰ্ষৰ অনাগত দিনবোৰে যেন আপোনাৰ জীৱনত অলেখ আনন্দ-স্ফুৰ্তি দিয়ে, বহু আশাৰ বতৰা কঢ়িয়াই আনক, আৰু সেই আশাবোৰ যেন এই নতুন বছৰতেই সম্পূৰ্ণ হওক তাৰেই কামনাৰে… Happy New Year!!

নতুন বছৰৰ প্ৰথম দিনটোত লোৱা তোমাৰ সংকল্প বোৰ যেন এই বছৰতেই সম্পূৰ্ণ কৰিব পাৰা তাৰ বাবে প্ৰয়োজনীয় উৎসাহ-উদ্দীপনা, সাহস আৰু ধৈৰ্য্যৰ যেন কেতিয়াও অভাৱ নহয় তাৰেই কামনাৰে… Happy new year dear!!!

যি ঘটি গ’ল তাক সলনি কৰিবলৈ কোনেও অতীতলৈ ঘূৰি যাব নোৱাৰে, সেয়েহে নিজকে এক সুন্দৰ ভৱিষ্যত তৈয়াৰ কৰিবলৈ তোমাৰ বৰ্তমানৰ ওপৰত কাম কৰা। নতুন বৰ্ষই যেন তোমাৰ জীৱনলৈ সাফল্যৰ বতৰা কঢ়িয়াই আনক! Happy New year! (Son)

এইটো লিখনি নপঢ়াকৈ নাথাকিব- এক্কেবাৰে নতুন শুভৰাত্রী status quotes, Good night wishes for Boyfriend

নতুন বছৰ মানেই এসাঁজ একেলগে খোৱাৰ কথা মনলৈ আহে যদিও আজিৰ পৰিস্থিতিবোৰক নজৰত ৰাখি এই বাৰ্তাৰেই আপোনাক নৱবৰ্ষৰ শুভকামনা  যাচিব বিচাৰিছোঁ! অনাগত দিনবোৰ মঙ্গলময় হওক, কৰোনাৰ দৰে ব্যাধিয়ে যেন আমাৰ পিছ এৰক আৰু আকৌ যেন আমি আগৰ বছৰবোৰৰ দৰে লগে-ভাগে এসাঁজ তৃপ্তিৰে খাব পাওঁ! Happy New Year

New year 2022 wishes for friends

চাওঁতে চাওঁতে 2021 অন্ত পৰিছে। কৰোনা সৃষ্ট ভয়াবহ পৰিস্থিতিৰ মাজতো বন্ধুবৰ্গৰ তথা পৰিয়ালৰ মাজত অকণমান হাঁহি স্ফুৰ্তিৰ খোৰাক দিবলৈ, একেলগ হৈ এসাজ খাবলৈ আগন্তুক নৱবৰ্ষই সুযোগ আনি দিছে। তথাপিও আমি আজিৰ পৰিস্থিতিৰ প্ৰতি ধ্যান ৰাখি নৱবৰ্ষ online পালন কৰাটো জৰুৰী যেন লাগে। এনে ক্ষেত্ৰত নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তাবোৰ বৰ কামত আহে।

যেতিয়া বন্ধুলৈ নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তা পঠিয়াব, এটা কথা সদায় মনত ৰাখিব যে মেছেজ টো বৰ ব্যক্তিগত অৰ্থাৎ মেচেজটো কেৱল আপোনাৰ বন্ধুৰ বাবে লিখা হব লাগিব। তেতিয়াহে বন্ধু জনৰ অনুভৱ হ’ব যে আপুনি তেওঁক কিমান গুৰুত্ব দিয়ে! তলত দিয়া শুভেচ্ছা বাৰ্তা সমূহত বন্ধু জনৰ নাম লিখি পঠিয়াই দিয়ক!

তোমাৰ দৰে প্ৰকৃত বন্ধু এজন থকাটো সৌভাগ্যৰ কথা। তোমাৰ মোৰ প্ৰতি থকা বন্ধুত্ব সদায়েই  মোৰ বাবে অনুকৰণীয়। তোমাক সপৰিয়াললৈ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা থাকিল।

আগন্তুক নৱবৰ্ষত যেন অদৃষ্টজনে জীৱনত সন্মুখীন হ’ব পৰা সকলো বাধা অতিক্ৰম কৰিবলৈ আপোনাক সাহস, আশা আৰু আত্মবিশ্বাস দিয়ে তাৰেই কামনাৰে… Happy new year!!!

প্ৰতিটো নতুন বছৰত আমি সংকল্প লওঁ আৰু আমি সেইবোৰ ৰাখিবলৈ শপত লওঁ। এই বছৰ, মোৰ একমাত্ৰ সংকল্প হৈছে আমাৰ বন্ধুত্বক অধিক প্ৰগাঢ় কৰা!! নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা থাকিল বন্ধু!

নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে, কামনা কৰো যেন ই  আপোনাৰ জীৱনৰ এক উজ্জ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰে ভৰি পৰক। শুভ নৱবৰ্ষ!

নতুন বছৰটো নতুন আশাৰে আমাৰ ওচৰচাপি অহাৰ লগে লগে বিগত বৰ্ষৰ সকলো দুখঃ শোক পাহৰি মনটো আনন্দময় কৰাৰ সময়। আপোনাক আৰু আপোনাৰ পৰিয়ালক নৱবৰ্ষৰ মঙ্গলময়, আনন্দময় তথা সফল্যময় শুভকামনা জনালোঁ!!

মনত আছেনে, হাইস্কুলত পঢ়োঁতে আমি এক জানুৱাৰী অহাৰ এসপ্তাহ আগতেই পিকনিকৰ বাবে মুৰ্গী বিচাৰি যোৱাৰ কথা??? বিয়াৰ পিছত আজি নিজেই একোটা “মুৰ্গা” হৈ পিকনিকৰ বাবে সাজু হওঁ🤣🤣!!!  পুৰণি স্মৃতি ৰোমন্থন কৰি নৱবৰ্ষৰ হিয়াভৰা ওলগ তথা শুভকামনা যাচিলোঁ বন্ধু!

কলেজৰ পৰা new year পিকনিক খাবলৈ যাওঁতে তোমাক লাইন মৰা ল’ৰাটোৰ নাম লৈ জোকোৱা কথাটো আজি বৰকৈ মনত পৰিছে! নৱবৰ্ষৰ অলেখ শুভকামনা বান্ধৱী!!!

এই কৰোনাৰ গ্ৰাসত পৰা সময়ত নতুন বছৰ আহিছে আমাৰ মুখত অকণমান হাঁহি বিৰিঙাবলৈ, এই বৰ্ষই যেন আমাৰ মাজলৈ আশাৰ বতৰা আনক, আমাৰ জীৱন যুদ্ধত প্ৰয়োজন হোৱা আশাৰ খবৰ কঢ়িয়াই আনক! নৱবৰ্ষৰ অলেখ শুভকামনা বন্ধু!!!

Assamese happy new year shayari for friends

মই ডিচেম্বৰৰ

আৰু তুমি জানুৱাৰীৰ,

সম্পৰ্ক যথেষ্ট ওচৰৰ

কিন্তু দূৰত্ব এবছৰৰ।

নৱবৰ্ষৰ ওলগ যাচিলোঁ!!

“কাৰোবাক যাচিলোঁ ফুল,

কাৰোবাক হাৰ,

কিন্তু মোৰ প্রিয় বন্ধুক যাচিলোঁ

নতুন বছৰৰ শুভেচ্ছা অপাৰ। “

Happy New Year 2022!!

“প্ৰতিটো বৰ্ষ আহে,

প্ৰতিটো বৰ্ষ গুচিও যায়,

এই বৰ্ষত আপুনি হৃদয়ে

বিচৰা যেন সকলো বোৰ পায়।

শুভ নৱবৰ্ষৰ অলেখ শুভাকামনা!!!

“য’ত কিছুমান পৰক আপোন বনালে,

তাতেই কিছু আপোনক পৰ ও কৰিলে!

এনেদৰেই চকুৰ পচাৰতেই এই বছৰে মেলানি ও মাগিলে!”

― শুভ নৱবৰ্ষ!

যিটো বছৰ পাৰ হৈ গৈছে তাক পাহৰি যোৱা,

নতুন বছৰটোক হাঁহি হাঁহি আকোৱালি লোৱা,

কৰোঁ মই মূৰ দোঁৱাই প্ৰাৰ্থনা,

নতুন বৰ্ষত পূৰ্ণ হওক তোমাৰ মনোকামনা!!!

Happy new year 2022

“হৃদয়ৰ প্ৰাৰ্থনা এটাই আমাৰ,

জীৱনটো হওক আনন্দময় তোমাৰ,

দুঃখ যেন নাহে কোনোকালে জীৱনত,

লাগে কম কৰি দিয়ক সুখ আমাৰ!!!”

নৱবৰ্ষৰ অলেখ শুভকামনা বন্ধু!!!

“বর্ষতো প্ৰতি বছৰে সলনি হয়,

নিজক সলনি কৰিবলৈ শিকক।”

Happy New Year 2022

New year quotes in Assamese

নতুন বছৰৰ উদ্ধৃতি/উক্তি হৈছে নৱবৰ্ষৰ বাৰ্তা প্ৰেৰণ কৰাৰ সঠিক যদি আপুনি এই বছৰ আপোনাৰ শুভ নৱবৰ্ষৰ বাৰ্তাবোৰত কি অন্তৰ্ভুক্ত কৰিব লাগে তাৰ চিন্তা কৰি আছে তেন্তে ইয়াত আপোনাৰ চিন্তা হয় শেষ।, নতুন বছৰৰ উদ্ধৃতি/উক্তি হৈছে সুখী নৱবৰ্ষৰ বাৰ্তা প্ৰেৰণ কৰাৰ সঠিক উপায়। এই উক্তি বোৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ বাবে নৱবৰ্ষৰ শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰক।

New year resolution quotes in Assamese

এই নৱবৰ্ষৰ সংকল্পৰ উক্তি বোৰে আপোনাক এই বছৰ আপোনাৰ সংকল্প পালন কৰাত সহায় কৰিবলৈ অনুপ্ৰাণীত কৰিব।  এনে উক্তি বোৰে আপোনাৰ লগতে আপুনি যাক পঠিয়াব তেওঁকো নিশ্চয় সমানেই সংকল্প লবলৈ অনুপ্ৰাণিত কৰিব। গতিকে আহক আপোনাৰ ক্ষেত্ৰত সামঞ্জস্য থকা এটা উক্তি তলৰ পৰা বাচি লওক!!

“সদায় মনত ৰাখিব যে সফল হ’বলৈ আপোনাৰ নিজৰ সংকল্প আন যিকোনো সংকল্পতকৈ অধিক গুৰুত্বপূৰ্ণ।”

-আব্ৰাহাম লিংকন

“যদি আপুনি মোৰ নৱবৰ্ষৰ সংকল্পৰ বিষয়ে জানিব বিচাৰে, তেন্তে ক’ম, মই মোৰ নিজৰ পৰিচয় বিচাৰি উলিওৱা।”

-চিৰিল কুচাক

“আমাৰ নৱবৰ্ষৰ সংকল্প টো এনেকুৱা হওঁক: আমি মানৱতাৰ খাতিৰত সদায় এজনে সিজনৰ ওচৰত থকিম।”

– গোৰান পাৰ্চন

“এনে কিমান কম লোক আছে যিয়ে নিজৰ দোষ স্বীকাৰ কৰাৰ  সাহস আছে, বা সেই দোষ সংশোধন কৰিবলৈ পৰ্যাপ্ত সংকল্প লয়।”

-বেঞ্জামিন ফ্ৰেঙ্কলিন

“চৰিত্ৰ হৈছে মুহূৰ্তটোৰ উত্তেজনা পাৰ হোৱাৰ বহু দিনৰ পিছত এটা ভাল সংকল্প  সম্পাদন কৰাৰ সামৰ্থ্য।”

-কেভেট ৰবাৰ্ট

“প্ৰতি বছৰৰ অনুশোচনা হৈছে খাম য’ত নতুন বছৰৰ বাবে আশাৰ বাৰ্তা পোৱা যায়।”

-জন আৰ. ডালাছ জুনিয়ৰ।

“জীৱন এক নতুন ৰূপত গঢ়িবলৈ আমাৰ জীৱনৰ পৰিৱৰ্তনবোৰ আমাৰ বিবেকৰ দাবী অনুসৰি জীয়াই থকাৰ অসম্ভৱতাৰ পৰা আহিব লাগিব, আমাৰ মানসিক সংকল্পৰ পৰা নহয়।”

-লিঅ টলষ্টয়

“আমি সদায় নিজকে সলনি, নৱীকৰণ, পুনৰুজ্জীৱিত কৰিব লাগিব; অন্যথা, আমি কঠোৰ হওঁ।”

-জোহান উলফগাং ভন গৱেথে

“মই এটা সংকল্প লৈছোঁ আৰু সদায়ে ৰাখিবলৈ চেষ্টা কৰিছোঁ: সৰু সৰু কথাৰ পাকচক্ৰৰ পৰা মুক্ত হবলৈ।”

-জন বাৰুজ

“কালিৰ পৰা শিকক, আজিৰ বাবে জীয়াই থাকক, কাইলৈৰ বাবে আশা কৰক।”

-এলবাৰ্ট আইনষ্টাইন

New year motivational quotes in Assamese

তলত কেইটামান মহৎ লোকৰ বাণী সংগ্ৰহ দিলোঁ যিবোৰে হয়তো আপোনাক আৰু আপোনাৰ বন্ধুক  প্ৰতিটো ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব।

“এইটো আপোনাৰ হৃদয়ত লিখক যে প্ৰতিটো দিন বছৰৰ সৰ্বশ্ৰেষ্ঠ দিন।”

-ৰাল্ফ ৱাল্ডো এমাৰ্চন

“কাইলৈ, ৩৬৫ পৃষ্ঠাৰ কিতাপ এখনৰ প্ৰথম খালী পৃষ্ঠা। এই পৃষ্ঠাত কিবা এটা ভাল লিখক।”

-ব্ৰেড পেইছলি

“অতীতলৈ সঘনাই উভতি চোৱাই এটা প্ৰমাণ কৰে যে ভৱিষ্যত আমাৰ কাষত আহি শেষ হৈ গৈছে।”

– মাইকেল চিবিউকো

” আন এটা লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ বা এটা নতুন সপোন দেখিবলৈ আপুনি কেতিয়াও অত্যাধিক বয়সৰ নহয়।”

-চি.এছ. লুইছ

“এইটো এটা নতুন বছৰ। এটা নতুন আৰম্ভণি। আৰু পৰিস্থিতি সলনি হ’ব।”

-টেইলৰ চুইফ্ট

“যোৱা বছৰৰ কথাবোৰ সেই বছৰৰ ভাষাৰ আৰু পৰৱৰ্তী বছৰৰ কথাবোৰে আন এটা ভাষাৰ বাবে অপেক্ষা কৰি আছে।”

-টি.এছ. এলিয়ট

“নতুন বছৰএটাৰ উদ্দেশ্য এইটো নহয় যে আমাৰ এটা নতুন বছৰ থাকিব লাগে। এইটো হৈছে যে আমাৰ এটা নতুন আত্মা থাকিব লাগে।”

-জি.কে. চেষ্টাৰটন

“আপুনি কুকৰ্ম সৈতে সদায় যুদ্ধত থাকিব, আপোনাৰ চুবুৰীয়াসকলৰ সৈতে শান্তি ৰাখিব, আৰু প্ৰতিটো নতুন বছৰত  আপোনাক আগতকৈ এজন ভাল মানুহ হবলৈ  দিব।”

-বেঞ্জামিন ফ্ৰেঙ্কলিন

“বেয়া খবৰটো হ’ল সময় উৰা মাৰে। ভাল খবৰটো হ’ল আপুনি পাইলট।”

-মাইকেল অল্টচুলাৰ

“যদিও কোনেও ঘূৰি যাব নোৱাৰে আৰু সম্পূৰ্ণ নতুন আৰম্ভণি কৰিব নোৱাৰে, যিকোনো লোকে এতিয়াৰ পৰা আৰম্ভ কৰিব পাৰে আৰু এক সম্পূৰ্ণ নতুন সমাপ্তি কৰিব পাৰে।”

-কাৰ্ল বাৰ্ড

Happy new year images in assamese free ||Assamese new year images new year wishes in assamese to download and share

আপোনাৰ সুবিধাৰ্থে আমি সম্পূৰ্ণ HD ডাউনলোড কৰিব পৰাকৈ কেইটামান নৱবৰ্ষ ৰ শুভেচ্ছা ফটো তলত বনাইছোঁ। 

Happy new year wishes in Assamese for facebook share
আপুনি share কৰিবলৈ এই ছবিখন তলৰ পৰা ডাউনলোড কৰিব পাৰে
happy new year wishes in Assamese
আপুনি share কৰিবলৈ এই ছবিখন তলৰ পৰা ডাউনলোড কৰিব পাৰে
happy new year wishes in Assamese
share কৰিবলৈ এই ছবিখন তলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে
Happy new year wishes in Assamese
share কৰিবলৈ এই ছবিখন তলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে
happy new year wishes in assamese
share কৰিবলৈ এই ছবিখন তলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে
happy new year wishes in Assamese
share কৰিবলৈ এই ছবিখন তলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে
happy new year wishes in assamese images
happy new year images in assamese free
happy new year wishes in assamese images
happy new year images in assamese free
happy new year wishes in assamese images
happy new year images in assamese free
happy new year wishes in assamese images
happy new year images in assamese free
happy new year wishes in assamese images
happy new year images in assamese free

সামৰণি||Conclussion||

প্রিয় পাঠক, অসমীয়া ভাষাত লিখা নৱবৰ্ষৰ শুভকামনা বাৰ্তা থকা এনেধৰণৰ পাঠ্য সামগ্ৰী(অকল পাঠ্য সামগ্ৰী বুলিলে ভুল কোৱা হব) ইণ্টাৰনেটত খুব কম উপলব্ধ।

সেই কাৰণেই আপুনি যাতে অধিক এনে সামগ্ৰী বিচাৰি পায় তথা নিজৰ কাৰণে বাচি উলিয়াবলৈ সুবিধা হয় তাৰ বাবে লিখিলোঁ/সংগ্ৰহ কৰিলোঁ।

যদি ইয়াৰে কিছু হলেও আপোনাক ভাল লাগিছে বা পছন্দৰ হৈছে তেন্তে ফেচবুক শ্বেয়াৰ কৰি দিলে নথৈ আনন্দিত তথা উৎসাহিত হ’ম। শেষত, আপোনালৈও নৱবৰ্ষৰ মঙ্গলময় শুভেচ্ছা জনালোঁ!

4 thoughts on “New year wishes in assamese, Assamese quotes ||নৱবৰ্ষৰ শুভকামনা বাৰ্তা||”

  1. Pingback: Assamese birthday wishes, quotes, shayari - Assamese Quotes Online

  2. Pingback: Assamese friendship status, quotes, shayari on friendship – Assamese Quotes Online - Assamese Quotes Online

Leave a Reply

Your email address will not be published.