Skip to content

All new Rongali bihu or Bohag bihu wishes in Assamese

bohag bihu wishes in assamese

বিহু (Bihu) । অসমীয়াৰ বাপতি সাহোন, অতিকৈ মৰমৰ উৎসৱ। তাতেই ৰঙালী বিহু (rongali bihu) আমাৰ অতিকৈ চেনেহৰ আৰু জাতীয় পৰিচয়। প্ৰিয়জনক ৰঙালী বিহুৰ শুভেচ্ছা (bohag bihu wishes in Assamese) জনাব বিচাৰিছে অসমীয়া ভাষাত? আপুনি একদম সঠিক স্থানত আহিছে। শেষলৈকে পঢ়ক আৰু নিজৰ পছন্দৰ ৰঙালী বিহুৰ শুভেচ্ছা বাণী 2022, বহাগ বিহুৰ শুভেচ্ছা বাণী 2022 (rongali bihu wishes in assamese) বা rongali bihu status in Assamese প্ৰিয়জনক পঠিয়াওক।

বহাগ বিহু বা ৰঙালী বিহু || Bohag bihu or Rongali bihu

Bohag Bihu ৰ বিষয়ে আমি বেছি এটা লিখিব লাগিব যেন মনে নধৰে। আমি সকলোৱেই জানো বহাগ বিহুত কি বা কেনেকৈ পালন কৰা হয়। rongali bihu ৰ বিষয়ে এই সকলো বোৰ পঢ়িবলৈ ইয়াত টিপক। আমি ইয়াত মাত্ৰ বহাগ বিহুৰ শুভেচ্ছা বাৰ্তা বোৰ লিখিম।

ৰঙালী বিহুৰ শুভেচ্ছা বাণী | rongali bihu wishes in Assamese | bohag bihu wishes in assamese | rongali bihu images in assamese (2022)

বিহুলৈ পোন্ধৰ দিন মান থাকোতেই গা সাতখন আঠখন কৰে। কি পিন্ধিম, কি খাম, ক’লৈ যাম আদি নানা তৰহৰ ভাৱে মন আগুৰি ধৰে(বিশেষকৈ ডেকা-গাভৰুৰ মন)। এনেতে আজিকালিৰ ডিজিটেল দুনীয়াত বিহুৰ শুভেচ্ছা বাৰ্তা আৰু rongali bihu images in assamese (2022) পঠিওৱা টোও যেন এটা নিয়মত পৰিণত হৈছে।

bohag bihu wishes in assamese
bohag bihu wishes in assamese

উৰুকাৰ দিনৰ পৰাই whatsApp বা মেচেঞ্জাৰ ত বিহুৰ শুভকামনা বাৰ্তা যেন পঠিয়াবই লাগিব। অইনে আপোনালৈ পঠিয়ালে আপুনিও তাৰ উত্তৰ দিবলৈ বাধ্য। আকৌ নিজৰ মনৰ মানুহ কেইজনলৈ আপুনি নিজেই আগধৰি এনে মেছেজ একোটা দিয়াটোতো আছেই।

ইয়াত আমি সাধাৰণ শুভেচ্ছা বাৰ্তা(যিবোৰ বন্ধু বৰ্গ বা আত্মীয় সকলক পঠিয়াব পৰা), প্ৰেমিক-প্ৰেমিকা ৰ বাবে ৰঙালী বিহুৰ শুভেচ্ছা বাৰ্তা আৰু বহাগ বিহুৰ কেইটামান চীৰযুগমীয়া উদ্ধৃতি বা উক্তি সন্নিবিষ্ট কৰিছোঁ, চাওঁ আহক।

bohag bihu wishes in assamese
bohag bihu wishes in assamese

বন্ধু লৈ ৰঙালী বিহুৰ শুভেচ্ছা | rongali bihu or bohag bihu wishes in assamese for friend

বন্ধু বৰ্গলৈ বা আপোনাৰ আত্মীয় সকলক দিবলৈ ৰঙালী বিহুৰ শুভেচ্ছা বাৰ্তা ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

bohag bihu wishes in assamese
rongali bihu wishes image in assamese

“অতিকৈ চেনেহৰ ৰঙালী বিহুৰ আনন্দময় সময়ত তোমাক তথা পৰিয়াল বৰ্গ লৈ অলেখ শুভকামনা যাচিলোঁ। আগন্তুক বছৰটি আনন্দ, সুখ-সম্প্ৰীতি ৰে ভৰি থাকক তাৰেই কামনাৰে…..”

“ঢোল-পেঁপাৰ মাতে, কুলি-কেতেকীৰ মাতে আমাক সোঁৱৰাই দিয়ে কৈশোৰৰ মন মতলীয়া কৰা দিন বোৰৰ কথা, নহয়নে? তোমালৈ ৰঙালী বিহুৰ আনন্দময় শুভকামনা যাচিলো।”

“এই ৰঙালী বিহুৱে তোমাৰ জীৱনলৈ আনক আনন্দৰ বতৰা; কপৌ ফুলৰ সুবাস, ঢোল-পেঁপাৰ ধ্বনি যেন হওক তোমাৰ খ্যাতি আৰু যশ এয়াই তোমালৈ আমাৰ শুভকামনা।”

প্ৰেমিক বা প্ৰেমিকা লৈ বহাগ বিহুৰ শুভেচ্ছা | rongali bihu or bohag bihu wishes in assamese for girlfriend or boyfriend

বহাগ মাহ টি এনে এটি ঋতুত পৰে যেতিয়া গছে নতুন পোখা মেলে, নতুন পাত ওলায় পৰিবেশ নানা ৰঙী পাত ফুলেৰে জাতিষ্কাৰ হয়। না অতি গৰম, না অতি ঠাণ্ডা এনে আনন্দময় পৰিৱেশত ডেকা-গাভৰুৰ মনতো প্ৰেমৰ মিঠা মিঠা অনুভৱ বোৰে বৰকৈ আমনি কৰে।

bohag bihu wishes in assamese
bohag bihu wishes in assamese

সেয়েহে কোৱা হয় “বহাগত পাতি যাওঁ বিয়া”। আকৌ উক্তি “বিহুতো যদি এজনীক ফুচুলাব নোৱাৰা তেন্তে কিহৰ ডেকা হে?” গতিকে আপোনাকো নিশ্চয় এনে মিঠা মিঠা অনুভৱ বোৰে বৰকৈ আমনি কৰিয়েই আমাৰ এই লিখনি পঢ়িবলৈ আহিছে, নহয়নে? আমি জানো!

 পিছে লিখিবনো  কি? তলত কেইটামান বিহুৰ উক্তি দিয়া আছে। সেই বোৰৰ লগত নিজৰ মনৰ ভাৱ দুটামান লিখি দিয়ক, দেখিব আপোনাৰ প্ৰেমিক বা প্ৰেমিকালৈ পঠিয়াবলৈ এটা সুন্দৰ বাৰ্তাৰ সৃষ্টি হৈছে।

bohag bihu wishes in assamese
bohag bihu status

ৰঙালী বিহুৰ কেইটামান জনপ্ৰিয় উক্তি | bohag bihu quotes in assamese | rongali bihu quotes in assamese

তলত দিয়া উক্তি এটি ব্যৱহাৰ কৰি তাৰ লগত নিজৰ শুভেচ্ছা বাৰ্তা যোগ কৰি আপোনাৰ প্ৰিয়জনলৈ পঠিয়াব পাৰে! একদম unique touch আহিব আপোনাৰ মেছেজ ত।

“অতিকৈ চেনেহৰ মুগাৰে মহুৰা,

তাতোকৈ চেনেহৰ মাকো,

তাতোকৈ চেনেহৰ বহাগৰ বিহুটি

নেপাতি কেনেকৈ থাকো।”

bohag bihu wishes in assamese
bohag bihu wishes in assamese

“বিহুটি আদৰৰ বিহুটি সাদৰৰ

বিহুটি আঁচলৰ ধন,

এনোৱা বিহুটি এৰিব নোৱাৰো

বান্ধিব নোৱাৰো মন।।”

bohag bihu wishes in assamese
bohag bihu wishes in assamese

“দীঘলতি দীঘল পাত,

মাখি মাৰো জাক-জাক;

লাও খা , বেঙেনা-খা,

বছৰে বছৰে বাঢ়ি যা!

মাৰে সৰু , বাপেৰ সৰু,

তই হবি বৰ গৰু!!!”

bohag bihu wishes in assamese
bohag bihu wishes in assamese

“বহাগ মাথো এটি ঋতু নহয়

নহয় ব’হাগ এটি মাহ;

অসমীয়া জাতিৰ ই আয়ুস ৰেখা,

গণ জীৱনৰ ই সাহ। ” –ড° ভূপেন হাজৰিকা

bohag bihu wishes in assamese
bohag bihu wishes in assamese

Rongali bihu greetings stories(audio-visual)

“ঢোলৰ নাম উৰুলি,

ঢোলৰ নাম কুৰুলি

ঢোলত বিন্ধিলে ঘূণে!

মৰাণৰ মুচিয়াৰ ঘৰত নাইকিয়া

ঢোল চাই দিব কোনে?”

bohag bihu wishes in assamese
bohag bihu wishes in assamese

“কুলি কেতেকীয়ে ইনালে বিনালে , মৰমৰ বিহুটিৰ কথাকে কলে…”

শেষত সদৌটি লৈ ৰঙালী বিহু আৰু নৱবৰ্ষৰ প্ৰীতি তথা শুভেচ্ছাৰে আমি আজিলৈ ইয়াতে সামৰিলোঁ, লিখনিত দায় দোষ যদি পায় কমেণ্ট ত গালি এটা নপৰাকৈ নাথাকিব!

Leave a Reply

Your email address will not be published.